ETV Bharat / politics

নগাঁৱত ভোটদান কৰিবলৈ আহিল 30 গৰাকীকৈ মৃত ব্যক্তি ! - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 26, 2024, 4:19 PM IST

নগাঁৱত ভোট দিবলৈ ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হ’ল প্ৰায় 30 গৰাকী মৃত ভোটাৰ ! ভোটদানৰ পৰা বঞ্চিত ভোটাৰসকলে নিজকে জীৱিত বুলি প্ৰমাণ কৰিবলৈ কাষ চাপিল আৰক্ষীৰ ৷

NAGAON LOK SABHA CONSTITUENCY
নগাঁৱত ভোটদান কৰিবলৈ আহিল 30 গৰাকীকৈ মৃত ব্যক্তি !

নগাঁও, 26 এপ্ৰিল: শুকুৰবাৰে অনুষ্ঠিত হৈছে সাধাৰণ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৷ ৰাজ্যৰ মুঠ 5 টা সংসদীয় সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ ৷ ইয়াৰে নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত ৰূপহীহাট বিধানসভা সমষ্টিৰ জুৰীয়াত ভোটদান কৰিবলৈ ভোটকেন্দ্ৰত উপস্থিত হ’ল 30 গৰাকীকৈ মৃত ব্যক্তি !

এনে এক অবিশ্বাস্য, আজব ঘটনা সংঘটিত হৈছে নগাঁৱৰ জুৰীয়াত । ভোটকেন্দ্ৰত উপস্থিত হোৱা ভোটাৰসকল ভোটাৰ তালিকা মতেহে মৃত । জীয়াই থাকোতেই ভোটাৰ তালিকাত নিজৰ নাম প্ৰত্যক্ষ কৰি চকু কঁপালত উঠিল ভোটাৰৰ । ভোটাৰ তালিকাত জীৱিত ব্যক্তিক মৃত সজাই ভোটাধিকাৰৰ পৰা কৰা হ’ল বঞ্চিত ।

দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত নগাঁও লোকসভা সমষ্টিৰ ভোটগ্ৰহণৰ মাজতে পোহৰলৈ আহিছে এই আজব ঘটনা । নগাওঁ লোকসভাৰ ৰূপহীহাটৰ জুৰীয়াত ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱৰাৰ বাবেই আৰক্ষীৰ কাষ চাপিবলগীয়া হৈছে কুৰিজনতকৈয়ো অধিক ভোটাৰ । জুৰীয়াৰ কদমণি পথাৰ, নিজ জুৰীয়া আদি গাঁৱৰ ভোটাৰ শুকুৰবাৰে পুৱাই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ভোটকেন্দ্ৰত উপস্থিত হৈয়ো কৰিব পৰা নাই ভোটদান ।

গাঁও দুখনৰ প্ৰায় 30 গৰাকীকৈ ভোটাৰ বঞ্চিত হ'ল নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ পৰা । 30 গৰাকীকৈ ভোটদান কৰিবলৈ ভোটকেন্দ্ৰত উপস্থিত হৈ অৱগত হয় যে তেওঁলোকৰ নামত মৃত বুলি উল্লেখ কৰা আছে । যাৰ ফলত ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰি জুৰীয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰে 30 জনকৈ বঞ্চিত ভোটাৰে ।

উল্লেখ্য যে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণতে নহয়, প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়তো ৰাজ্যৰ ভিন্ন স্থানত এনে কেতবোৰ বিসংগতি পৰিলক্ষিত হৈছিল ৷

লগতে পঢ়ক: কেইবাটাও স্থানত ইভিএম বিকল, মৰিগাঁৱত ভোটাৰৰ মাজত মাৰপিট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.