ETV Bharat / politics

কংগ্ৰেছৰ বহুতেই এতিয়াও নিজকে মন্ত্ৰী বুলিয়েই ভাবে: ৰিপুণ বৰা

author img

By ETV Bharat Assamese Team

Published : Feb 24, 2024, 3:10 PM IST

Updated : Feb 24, 2024, 3:53 PM IST

Special interview with Assam TMC president
অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ সৈতে সাক্ষাৎকাৰ

Special interview with Assam TMC president : বিৰোধী ঐক্যমঞ্চক নেতৃত্ব দিয়াত ব্যৰ্থ হৈছে নেকি 'বিগ ব্ৰাদাৰ' কংগ্ৰেছ ? লোকসভা নিৰ্বাচনলৈকে থাকিব নে বিৰোধী ঐক্যমঞ্চ ? প্ৰদেশ কংগ্ৰেছৰ ভিতৰচ'ৰাত দেখা দিয়া খোৱা-কামোৰা তথা অস্থিৰ পৰিস্থিতিৰ বাবে কোন জগৰীয়া ? ই টিভি ভাৰতৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত এনে বহু প্ৰশ্নৰ উত্তৰ দিলে বিৰোধী ঐক্যমঞ্চৰ অংশীদাৰ অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ।

অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ সৈতে সাক্ষাৎকাৰ

গুৱাহাটী, ২৪ ফেব্ৰুৱাৰী : মতবিৰোধ থাকিলেও একমাত্ৰ বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত কংগ্ৰেছৰ নেতৃত্বত ঐক্যবদ্ধ হৈছে ১৫ টাকৈ বিৰোধী ৰাজনৈতিক দল । কিন্তু লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিৰোধী ঐক্যমঞ্চৰ ঐক্য শক্তিশালী হোৱাৰ বিপৰীতে ফাঁট মেলাহে পৰিলক্ষিত হৈছে ।

এফালে বিৰোধী ঐক্যমঞ্চৰ উমৈহতীয়া সিদ্ধান্তৰ বিৰুদ্ধে আপে নিজাকৈ তিনিটা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে আৰু আনফালে আভ্যন্তৰীণ কন্দলত জৰ্জৰিত হৈ পৰিছে কংগ্ৰেছ দল । দলীয় বিপৰ্যয় আৰু প্ৰাৰ্থীকেন্দ্ৰিক দলীয় সংঘাতত নিমজ্জিত হৈ থকা কংগ্ৰেছ দলে বিৰোধী ঐক্যমঞ্চৰ 'বিগ ব্ৰাদাৰ'ৰ দায়িত্ব পালন কৰাত সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে ।

কংগ্ৰেছৰ এনে স্থিতি আৰু ভূমিকাত বিৰোধী ঐক্যমঞ্চত অসন্তুষ্টিয়ে গা কৰি উঠিছে । কি হ'ব বিৰোধী ঐক্যমঞ্চৰ ভৱিষ্যৎ ? নেতৃত্ব দিয়া কংগ্ৰেছৰ প্ৰতি আস্থা হেৰুৱাব নেকি বিৰোধী দলসমূহে ? ভংগ হ'ব নেকি বিৰোধী ঐক্যমঞ্চ ? এনে কেতবোৰ প্ৰশ্নৰ লগতে বিৰোধী শিবিৰত দেখা দিয়া শেহতীয়া পৰিস্থিতি সন্দৰ্ভত ই টিভি ভাৰতৰ তৰফৰ পৰা সাক্ষাৎ কৰা হৈছিল অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাক ।

বিৰোধী ঐক্যমঞ্চৰ অন্যতম অংশীদাৰ দল হৈছে তৃণমূল কংগ্ৰেছ । ই টিভি ভাৰতৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত ৰিপুণ বৰাই কংগ্ৰেছৰ ভূমিকাত অসন্তুষ্টি ব্যক্ত কৰি কয়, ‘‘বৰ্তমানৰ পৰিৱেশটো দুৰ্ভাগ্যজনক । ৰাইজে এইটো বিচৰা নাছিল । ৰ‍াইজে বিচাৰিছিল সকলো বিৰোধী দল ঐক্যবদ্ধ হৈ বিজেপিক উৎখাত কৰাটো । ডাঙৰ দল হিচাপে কংগ্ৰেছক দায়িত্ব দিয়া হৈছিল যদিও কংগ্ৰেছে সেইটো ধৰি ৰাখিব পৰা নাই’’ ।

লগতে পঢ়ক : লোকসভা নিৰ্বাচন: নগাঁও সৰ্বাধিক চৰ্চাত কিয় ?

তেওঁ লগতে কয় যে প্ৰদেশ কংগ্ৰেছে নিজৰ দলটোকে চম্ভালিব পৰা নাই । কংগ্ৰেছৰ নিজৰ ভিতৰতে খোৱা-কামোৰা তথা বোকা ছটিওৱা চলি আছে । নিজৰ নেতৃত্ব দুৰ্বল হোৱা বাবেই কংগ্ৰেছে বিৰোধী ঐক্যমঞ্চক নেতৃত্ব দিব পৰা নাই । যাৰ বাবে এতিয়াও আসন বুজাবুজি হোৱা নাই আৰু ইতিমধ্যে আপে তিনিটা সমষ্টিত প্ৰাৰ্থী ঘোষণা কৰিছে বুলি তেওঁ কয় ।

তেওঁ লগতে কয় যে তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা চাৰিটা সমষ্টি বিচৰা হৈছে যদিও এতিয়াও সঠিকভাৱে একো কোৱা হোৱা নাই । ৰাইজ বিজেপি বিৰোধী স্থিতিত আছে বুলি প্ৰকাশ কৰি তেওঁ কয় যে তৃণমূল কংগ্ৰেছে চাৰিটা সমষ্টি ক্ৰমে ধুবুৰী, কৰিমগঞ্জ, কোকৰাঝাৰ আৰু লখিমপুৰত ব্যাপক নিৰ্বাচনী তৎপৰতা অব্যাহত ৰাখিছে ।

কংগ্ৰেছৰ বৰ্তমানৰ পৰিস্থিতিত ৰাইজে কংগ্ৰেছক ভোট নিদিয়ে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি তেওঁ কয় যে বিৰোধী ঐক্যত থাকিলেও কৌশলগতভাৱে কিছুমান সমষ্টিত তৃণমূল কংগ্ৰেছে প্ৰাৰ্থী দিব । বিজেপি বিৰোধী ভোটখিনি আদায় কৰাৰ বাবে তৃণমূল কংগ্ৰেছে প্ৰাৰ্থী দিব ।

প্ৰদেশ কংগ্ৰেছৰ বৰ্তমানৰ পৰিস্থিতি সন্দৰ্ভত তেওঁ কয় যে কেন্দ্ৰীয় নেতৃত্বৰ লগতে ৰাজ্যিক নেতৃত্বও ইয়‍াৰ বাবে জগৰীয়া । আনহাতে এটাৰ পাচত আনটোকৈ নিৰ্বাচনত পৰাজয় বৰণ কৰা কংগ্ৰেছে দলটোক পুনৰ উদ্ধাৰ কৰাৰ প্ৰয়োজন আছিল যদিও সেইটো কৰা নাই । তেওঁ লগতে কয় যে কংগ্ৰেছী লোকৰ মানসিকতাৰ সলনি হোৱা নাই । এতিয়াও কোনোবাই নিজকে মন্ত্ৰী ভাবে, কোনোবাই বিধায়ক-সাংসদ বুলি ভাবে ।

আনহাতে, কোনোবাই নিজকে মুখ্যমন্ত্ৰী ভাবে বুলি সদৰী কৰি তেওঁ কয়, ‘‘তেওঁলোকে চৰকাৰ চলাই থকা বুলিয়েই ভাবে’’ । তেওঁ ধুবুৰী আৰু নগাঁও সমষ্টিক লৈ কংগ্ৰেছত সৃষ্টি হোৱা খোৱা-কামোৰাৰ প্ৰসংগতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে । কংগ্ৰেছৰ বৰ্তমান পৰিস্থিতিক লৈ বিৰোধী ঐক্যমঞ্চত হতাশাৰ বাতাবৰণ হোৱা বুলি স্বীকাৰ কৰি তেওঁ কয় যে একমাত্ৰ কংগ্ৰেছৰ বাবেই এই পৰিৱেশ হৈছে ।

বিৰোধী ঐক্যমঞ্চৰ ১৫ টা দলেই টিকট বিচৰা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে আসন বুজাবুজিৰ সহজ কামটোকে কংগ্ৰেছ গুৰুত্ব সহকাৰে লোৱা নাই । ইফালে তৃণমূল কংগ্ৰেছক অসমৰ ৰাইজে কিয় সমৰ্থন আগবঢ়াব তাৰ পাঁচটা কাৰণ সন্দৰ্ভতো তেওঁ ব্যাখ্যা আগবঢ়ায় ।

লগতে পঢ়ক : দুই বিধায়কৰ পদ খাৰিজৰ বাবে বিধানসভাৰ অধ্যক্ষক আবেদন কংগ্ৰেছ বিধায়িনী দলৰ

Last Updated :Feb 24, 2024, 3:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.