ETV Bharat / politics

গোলাঘাটৰ আছু কাৰ্যালয়ত আৰক্ষীৰ দল আছু-কৰ্মীৰ ভিৰ, কি হৈছিল ? - গোলাঘাট আৰক্ষী

Clash in AASU office : গোলাঘাট আছুৰ জিলা সভাপতি সম্পাদক গীতাৰ্থ শ‌ইকীয়া আৰু সম্পাদক বিশ্বজিৎ গগৈক কেন্দ্ৰীয় সমিতিয়ে এবছৰৰ বাবে দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ পিচতেই উত্তপ্ত পৰিস্থিতি ৷

Etv BharatClash in AASU
গোলাঘাটৰ আছু কাৰ্যালয়ত আৰক্ষীৰ দল আছু-কৰ্মীৰ ভিৰ, কি হৈছিল ?
author img

By ETV Bharat Assamese Team

Published : January 22, 2024 at 10:03 AM IST

2 Min Read
গোলাঘাটৰ আছু কাৰ্যালয়ত আৰক্ষীৰ দল আছু-কৰ্মীৰ ভিৰ, কি হৈছিল ?

গোলাঘাট, 22 জানুৱাৰী : গোলাঘাট জিলাৰ আছু কাৰ্যালয়ত দেওবাৰে নিশা আৰক্ষীৰ দলৰ লগতে আছু কৰ্মীৰ ভিৰ ৷ আছুৰ কেন্দ্ৰীয় উপ-সভাপতি অভিবৰ্তন গোস্বামীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ ৷ গোলাঘাট আছুৰ জিলা সভাপতি-সম্পাদকদ্বয় গীতাৰ্থ শ‌ইকীয়া আৰু বিশ্বজিৎ গগৈক কেন্দ্ৰীয় সমিতিয়ে এবছৰৰ বাবে দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ পাচতেই উদ্ভৱ হৈছে এই উত্তপ্ত পৰিস্থিতিৰ ৷ দেওবাৰে নিশা দুইগৰাকী নেতা গোলাঘাট আছু কাৰ্যালয়ত উপস্থিত হোৱাৰ পাচতে শ শ আছু কৰ্মীয়ে জিন্দাবাদ ধ্বনিৰে দুয়োজনক শ্বহীদ ভৱনলৈ আদৰি নিয়ে ৷

ইফালে বহিস্কৃত নেতা বিশ্বজিৎ গগৈ আৰু গীতাৰ্থ শ‌ইকীয়াই আছুৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি অভিবৰ্তন গোস্বামীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে, অভিবৰ্তন গোস্বামীৰ নিৰ্দেশতহে মন্ত্ৰী অতুল বৰা আৰু বিধায়ক বিশ্বজিৎ ফুকনক নিমন্ত্ৰণ জনাইছিল । মাঘ বিহুৰ উৰুকাৰ দিনটোত ভোজ খাবলৈ অভিবৰ্তন গোস্বামীয়ে বিধায়ক বিশ্বজিৎ ফুকনক কেইবাৰো ফোন কৰিছিল ৷

ইয়াৰ পিচতো আছুৰ কেন্দ্ৰীয় উপ-সভাপতি অভিবৰ্তন গোস্বামী কিয় বহিষ্কৃত নহ’ল কিয় বুলি প্ৰশ্ন কৰে গীতাৰ্থ শইকীয়াই ৷ অভিবৰ্তন গোস্বামীৰ ষড়যন্ত্ৰৰ বলি হ’লো বুলি গীতাৰ্থ শইকীয়াই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৷ ইফালে আছুৰ এই সংঘাতে জিলাখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

উল্লেখ্য যে, প্ৰতি বছৰৰ দৰে এই বছৰো গোলাঘাট জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত ভোগালী বিহুৰ দিনা সকলোৱে একেলগে মিলি আয়োজন কৰা হৈছিল প্ৰীতি ভোজৰ ৷ এই ভোজত আছুৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ কৃষিমন্ত্ৰী অতুল বৰা আৰু সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনক নিমন্ত্ৰণ কৰাৰ বাবে কেন্দ্ৰীয় সমিতিয়ে অব্যাহতি দিছিল সভাপতি গীতাৰ্থ শইকীয়া আৰু সম্পাদক বিশ্বজিৎ গগৈক।

লগতে পঢ়ক: ৰাজ্যত চলিছে সন্ত্ৰাসৰ ৰাজত্ব; সাংসদ প্ৰদ্যুৎ বৰদলৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.