ETV Bharat / politics

চম্পাই ছোৰেণেই হ'ব নে ঝাৰখণ্ডৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ? সন্ধিয়া ৫:৩০ বজাত ৰাজ্যপালক সাক্ষাৎ

author img

By ETV Bharat Assamese Team

Published : Feb 1, 2024, 4:53 PM IST

Updated : Feb 1, 2024, 10:41 PM IST

Jharkhand Political crisis: ঝাৰখণ্ডৰ ৰাজনৈতিক সংকট । জেএমএম বিধায়িনী দলৰ নেতা চম্পাই ছোৰেণে ৰাজভৱনৰ পৰা আমন্ত্ৰণ লাভ কৰিছে । তেওঁ মিত্ৰজোঁটৰ আন ৪ নেতাৰ সৈতে সন্ধিয়া ৫:৩০ বজাত ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণক সাক্ষাৎ কৰিব ।

Champai Soren to meet Governor
চম্পাই ছোৰেণে হ'ব নে ঝাৰখণ্ডৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী

নেশ্যনেল ডেস্ক,১ ফেব্ৰুৱাৰী : সম্প্ৰতি ঝাৰখণ্ডৰ ৰাজনীতি দেশজুৰি চৰ্চিত হৈ আছে । ৰাজনৈতিক নাটকৰ মাজতে চম্পাই ছোৰেণৰ নেতৃত্বত ঝাৰখণ্ড মুক্তি মৰ্চা নেতৃত্বাধীন মিত্ৰজোঁটৰ এটা ৫ জনীয়া দলে বৃহস্পতিবাৰে সন্ধিয়া ৫:৩০ বজাত ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণক সাক্ষাৎ কৰিবলৈ সাজু হৈছে ।

সূত্ৰৰ মতে জেএমএময়ে নতুন মুখ্যমন্ত্ৰী হিচাপে চম্পাই ছোৰেণক লৈ চৰকাৰ গঠন কৰিব বিচাৰিছে । প্ৰায় ৩৫ জন জেএমএমৰ, ৰাষ্ট্ৰীয় জনতা দল আৰু কংগ্ৰেছৰ বিধায়কসকলক দুখন চাৰ্টাৰ্ড বিমানেৰে ৰাঁচীৰ পৰা হায়দৰাবাদলৈ স্থানান্তৰ কৰা হৈছে । প্ৰথমতে তেওঁলোকে ৰাঁচী বিমানবন্দৰৰ পৰা পুৱা ১০:৩০ বজাত উৰা মাৰিব বুলি জানিব পৰা গৈছিল । কিন্তু প্ৰতিকূল বতৰৰ বাবে তেওঁলোক সন্ধিয়া ৫ বজাৰ ভিতৰত হায়দৰাবাদ বিমানবন্দৰত অৱতৰণ কৰাৰ সম্ভাৱনা আছে ।

হেমন্ত ছোৰেণৰ স্থানত মুখ্যমন্ত্ৰী হিচাপে চম্পাই ছোৰেণে শক্তি প্ৰদৰ্শন কৰি হৰ্ছ ট্ৰেডিঙৰ আশ্ৰয় লোৱাৰ আশংকাত এই পদক্ষেপ লোৱা হৈছে যেন অনুমান হৈছে । আনহাতে, একাংশ বিধায়ক এতিয়াও ৰাঁচীতে আছে ।

বুধবাৰে নিশা মুখ্যমন্ত্ৰীৰ পদৰ পৰা হেমন্ত ছোৰেণে পদত্যাগ কৰা আৰু ইডিয়ে গ্ৰেপ্তাৰ কৰাৰ পিচতে এই পদক্ষেপ লোৱা হৈছে । বহুত জল্পনা-কল্পনাৰ অন্তত তেওঁৰ পত্নী কল্পনাই তেওঁৰ স্থান ল'ব বুলি প্ৰচাৰ চলাৰ বিপৰীতে চম্পাই ছোৰেণ জেএমএম বিধায়িনী দলৰ নেতা নিৰ্বাচিত হৈছিল । হেমন্ত ছোৰেণৰ পদত্যাগ আৰু ইডিৰ গ্ৰেপ্তাৰৰ পিচতে চম্পাই ছোৰেণে কৈছিল যে তেওঁৰ ৪৭ জন বিধায়কৰ সমৰ্থন আছে আৰু ঝাৰখণ্ডৰ গৌৰৱ সুৰক্ষিত কৰি ৰাখিব । তেওঁ লগতে কৈছিল যে তেওঁলোকে ঝাৰখণ্ডৰ গৌৰৱ সুৰক্ষিত কৰাৰ বাবে কাম কৰি যাব। ছোৰেণৰ মতে তেওঁ ৰাজ্যখনত চৰকাৰ গঠনৰ দাবী জনাইছে ।

তদুপৰি, চম্পাই ছোৰেণে ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণলৈ এখন পত্ৰ লিখি ৰাজ্যখনত নতুন চৰকাৰ গঠনৰ দাবী জনাইছে । জেএমএম নেতৃত্বাধীন মিত্ৰজোঁটে আবেলি ৩ বজাত ৰাজ্যপালৰ পৰা সময় বিচাৰিছিল কিন্তু তেওঁলোকক সন্ধিয়া ৫:৩০ বজাত সাক্ষাতৰ সময় দিয়া হৈছিল ।

লগতে পঢ়ক :শুকুৰবাৰে উচ্চতম ন্যায়ালয়ত হ'ব হেমন্ত ছোৰেনৰ আবেদনৰ শুনানি

Last Updated : Feb 1, 2024, 10:41 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.