ETV Bharat / bharat

শুকুৰবাৰে উচ্চতম ন্যায়ালয়ত হ'ব হেমন্ত ছোৰেনৰ আবেদনৰ শুনানি

author img

By ETV Bharat Assamese Team

Published : Feb 1, 2024, 3:57 PM IST

Hemant Soren petition: ইডিৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে । উচ্চ ন্যায়ালয়ত তেওঁ কোনো সকাহ নাপালে । শুকুৰবাৰে বিষয়টোৰ শুনানি হ'ব ।

Hemant Soren petition
শুকুৰবাৰে উচ্চতম ন্যায়ালয়ত হ'ব হেমন্ত ছোৰেণৰ আবেদনৰ শুনানি

নেশ্যনেল ডেস্ক, ১ ফেব্ৰুৱাৰী : ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে ইডিৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে । আদালতে শুকুৰবাৰে এই বিষয়টোত শুনানি গ্ৰহণ কৰিবলৈ সন্মত হৈছে ।

হেমন্ত ছোৰেনৰ অধিবক্তা কপিল ছিবাল আৰু এ এম সিংভিয়ে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠৰ সন্মুখত বিষয়টো উত্থাপন কৰিছে । এই সন্দৰ্ভত ছ’লিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে ছোৰেনৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই একেধৰণৰ আবেদন ঝাৰখণ্ড উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছিল আৰু তাক বৃহস্পতিবাৰে শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছে । ছিবালে কয় যে ছোৰেনে উচ্চ ন্যায়ালয়ত আবেদনখন প্ৰত্যাহাৰ কৰিব । বিচাৰপীঠখনত ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰও অন্তৰ্ভুক্ত আছিল ।

ইডিৰ অধিবক্তাই কয় যে হেমন্ত ছোৰেনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আছে । জ্যেষ্ঠ অধিবক্তা ছিবালে কয় যে নিৰ্বাচনৰ পূৰ্বে এইধৰণৰ গ্ৰেপ্তাৰ হৈ থাকিব । সাধাৰণ নিৰ্বাচনৰ ঠিক পূৰ্বে গ্ৰেপ্তাৰ কৰাৰ লগে লগে দেশৰ ৰাজনীতিত বিৰূপ প্ৰভাৱ পৰিব ।

একে সময়তে, মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ ইডিৰ পদক্ষেপৰ বিৰুদ্ধে কৰা আবেদনৰ শুনানি বৃহস্পতিবাৰে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ত হৈছিল, কিন্তু তেওঁ এই মুহূৰ্তত কোনো সকাহ পোৱা নাই । দৰাচলতে, হেমন্ত ছোৰেনৰ হৈ ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে আদালতৰ কাৰ্যক্ৰমত জড়িত জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে যুক্তিৰ বাবে সময় বিচাৰিছিল ।

উল্লেখ্য যে হেমন্ত ছোৰেনৰ হৈ বুধবাৰে উচ্চ ন্যায়ালয়ত ইডিৰ কাৰ্যক প্ৰত্যাহ্বান জনাই এটা অপৰাধমূলক ৰিট আবেদন দাখিল কৰা হৈছিল । এই সন্দৰ্ভত উল্লেখ কৰাৰ পিচত কাৰ্যকৰী মুখ্য ন্যায়াধীশ এছ চন্দ্ৰশেখৰ আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অনুভা ৰাৱট চৌধুৰীৰ বিচাৰপীঠে বিষয়টোৰ শুনানি গ্ৰহণ কৰে । কপিল ছিবালৰ উপৰিও উচ্চ ন্যায়ালয়ৰ অধিবক্তা পীয়ুষ চিত্ৰেশ হেমন্ত ছোৰেনৰ হৈ হাজিৰ হয় । অতিৰিক্ত ছ’লিচিটৰ জেনেৰেল এছ ভি ৰাজুৱে ইডিৰ হৈ যুক্তি দিয়ে ।

লগতে পঢ়ক : ইডিয়ে মোৰ ভাবমূৰ্তি বিনষ্ট কৰাৰ চেষ্টা কৰি আছে; হেমন্ত ছোৰেণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.