ETV Bharat / politics

আমাৰ প্ৰতিদ্বন্দ্বিতা বিজেপিৰ লগতেই হ'ব :মনোৰঞ্জন তালুকদাৰ - Lok Sabha election 2024

author img

By ETV Bharat Assamese Team

Published : May 3, 2024, 5:30 PM IST

Third phase of election : নলবাৰীত চিপিআই(এম)ৰ বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ ৰোড শ্ব'। পুনৰ বিজেপিৰ লগতে কংগ্ৰেছৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য় কৰিলে চিপিআই(এম)ৰ প্ৰাৰ্থীগৰাকীয়ে ।

Barpeta Lok Sabha constituency
প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰ (ETV BHARAT ASSAM)

প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰ (ETV BHARAT ASSAM)

নলবাৰী, ৩ মে': আজি বিশাল ৰোড শ্ব'ৰে নলবাৰী চহৰত নিৰ্বাচনী ৰণডংকা বজালে চিপিআই(এম)ৰ বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে । শতাধিক মটৰ চাইকেলৰ লগতে চাৰিচকীয়া বাহন, ট্ৰেক্টৰ আদিৰে ৰেলী কৰি ৰণডংকা বজাই বিজেপিৰ লগতে কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰে ।

নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি বাছ আস্থান পথাৰত একত্ৰিত হোৱা ৰেলীটোৱে চহৰখনৰ মুখ্য পথ এন টি ৰোড, কলেজ ৰোড, হাজো ৰোড হৈ বৰমা ৰোডস্থিত নিৰ্বাচনী কাৰ্যালয়ত ৰেলীটো সমাপ্ত কৰে ।

চিপিআই(এম)ৰ প্ৰাৰ্থীগৰাকীয়ে এই সমদলত অংশগ্ৰহণ কৰি কয়, "এইবাৰ বৰপেটা লোকসভা সমষ্টিত এজন যোগ্য় প্ৰাৰ্থীক সাংসদ হিচাপে নিৰ্বাচিত কৰিবলৈ ওলাই আহিছে । আমাৰ প্ৰতিদ্বন্দ্বিতা বিজেপিৰ লগতেই হ'ব" ৷ আন দলৰ সৈতে প্ৰতিদ্বন্দ্বিতা নহয় বুলি তেওঁ উল্লেখ কৰে ৷

লগতে তেওঁ আৰু কয়, "ইয়াত বিজেপি সন্মুখত নিজে অহা নাই । সন্মুখত অগপক আনিছে । পিচৰ শক্তিটোতো বিজেপিয়েই । যিকোনো প্ৰচাৰত বিজেপিৰেই পতাকাহে উৰি আছে । অগপ যেন নাই আন্ধাৰত গুচি গৈছে । বিজেপিক ভৰসা কৰিয়েই অগপ আগবাঢ়িছে" ৷

আনহাতে, বিজেপিয়ে অগপ দলক ধ্বংস কৰাৰ বাবে এনেদৰে ফণীভূষণ চৌধুৰীৰ দৰে প্ৰাৰ্থীৰ হৈ উঠি পৰি লাগিছে বুলিও তেওঁ মন্তব্য় কৰে ।

ইপিনে, কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ চিপিআই(এম)ৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে কয়, "কংগ্ৰেছ আমাৰ প্ৰতিদ্বন্দ্বী, শত্ৰু নহয় ৷ বৰপেটাত বিৰোধী ঐক্য়মঞ্চ নাই, বিৰোধীয়েহে আমাক সমৰ্থন কৰিছে । বৰপেটাৰ আসনখনত বিভিন্ন মহলে বিৰোধী ঐক্যক এক হৈ নিৰ্বাচনী খেলাৰ আহ্বান জনোৱা" বুলিও কয় মনোৰঞ্জন তালুকদাৰে ।

কংগ্ৰেছক প্ৰাৰ্থিত্ব প্ৰত্য়াহাৰ কৰি ৰাইজৰ আহ্বানত সন্মতি দিবলৈও মনোৰঞ্জন তালুকদাৰে দাবী জনায় । যদি কংগ্ৰেছে এই সিদ্ধান্তক কোনো গুৰুত্ব নিদিয়ে, তেন্তে ৰাইজক একত্ৰিত হৈ এক সিদ্ধান্তত উপনীত হ'বলৈ তেওঁ আহ্বান জনায় ।

লগতে পঢ়ক: কংগ্ৰেছক উদাৰ হৈ সমৰ্থন কৰাৰ কাৰণ নাই :মনোৰঞ্জন তালুকদাৰ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.