ETV Bharat / politics

বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশৰ পাছতে নিস্তব্ধ-নিতাল বিৰোধী : মন্ত্রী পীযুষ হাজৰিকা

author img

By ETV Bharat Assamese Team

Published : Mar 3, 2024, 5:13 PM IST

Lok Sabha Election 2024: বিজেপিয়ে প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পাছতে বিৰোধীৰ আনন্দ নাইকিয়া হৈ গ’ল ৷ বিজেপিৰ প্ৰাৰ্থী তালিকাই নিস্তব্ধ-নিতাল কৰি দিলে বিৰোধীক ৷ এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷

Minister Pijush Hazarika
Assam BJP Candidate List

লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা সন্দৰ্ভত মন্ত্ৰী পীষুষ হাজৰীকা

গুৱাহাটী, ৩ মাৰ্চ: অসমৰ ১৪ টা লোকসভা সমষ্টিৰ ভিতৰত ১১ টাত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আৰু ইয়াৰ বাবে শনিবাৰে দলটোৱে প্ৰকাশ কৰে প্ৰাৰ্থী তালিকা । বাকী তিনিটা সমষ্টিৰ দুটা সমষ্টি বৰপেটা আৰু ধুবুৰী মিত্ৰদল অগপক এৰি দিয়াৰ লগতে কোকৰাঝাৰ সমষ্টিটো মিত্ৰদল ইউ পি পি এলক এৰি দিছে বিজেপিয়ে ৷

বিজেপিয়ে ১১ টা সমষ্টিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ পাছতে দলটোত নতুন-পুৰণিৰ বিষয়টো পুনৰ চৰ্চালৈ আহিছে । এই সন্দৰ্ভত দেওবাৰে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে মন্ত্ৰী পীযুষ হাজৰীকাই । তেওঁ কয় যে যোগ্যজনে প্ৰাৰ্থিত্ব লাভ কৰিছে ।

পৰিমল শুক্লবৈদ্য দলৰ এজন যথেষ্ট পুৰণি মানুহ বুলি মন্তব্য কৰি পীযুষ হাজৰীকাই কয় যে মন্ত্ৰী যদিও পৰিমল শুক্লবৈদ্যক দলে শিলচৰৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । সেইদৰে ৰঞ্জিৎ দত্ত দলৰ ৰাজ্যিক সভাপতি আছিল আৰু তেওঁ দলৰ যথেষ্ট অভিজ্ঞ ব্যক্তি । দলে তেওঁক তেজপুৰৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ।

আনহাতে গুৱাহাটীৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা বিজুলী কলিতা মেধি দলৰ এগৰাকী জ্যেষ্ঠ কাৰ্যকৰ্তা বুলি মন্তব্য কৰি পীযুষ হাজৰীকাই কয় যে সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'ব । তেওঁ লগতে কয় যে বিজেপিৰ প্ৰাৰ্থী তালিকা ভাল হৈছে বুলি সকলোৱে স্বীকাৰ কৰিছে ।

বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশৰ পাছতে বিৰোধীৰ আশা নিৰাশাত পৰিণত হৈছে বুলি মন্তব্য কৰি তেওঁ কয় যে বিৰোধী শূন্য হৈ যাব । শনিবাৰে বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশৰ পাছতে বিৰোধী নিস্তব্ধ-নিতাল হৈ যোৱাৰ বিপৰীতে বিজেপিৰ বিজয় নিশ্চিত হৈছে বুলি তেওঁ কয় ।

বিৰোধীয়ে প্ৰাৰ্থী তালিকা ঘোষণা কৰিব নোৱৰাৰ প্ৰসংগত পীযুষ হাজৰীকাই কয় যে বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশৰ পাছতে বিৰোধী শিবিৰৰ বহু সাম্ভাব্য প্ৰাৰ্থীয়ে নিজৰ সমষ্টি সলনি কৰিব বিচাৰিছে । কোনোবা ডিব্ৰুগড়ৰ পৰা লখিমপুৰলৈ যাব বিচাৰিছে আৰু কোনোবাই লখিমপুৰৰ পৰা তেজপুৰলৈ আহিব বিচাৰিছে ।

এতিয়ালৈকে কাজিৰঙা সমষ্টিত কংগ্ৰেছৰ কোনো প্ৰাৰ্থীয়েই নাই বুলি সদৰী কৰি তেওঁ কয় যে ডিব্ৰুগড় আৰু যোৰহাটতো কোনো প্ৰাৰ্থী নাই । এনে পৰিৱেশ হোৱাৰ কাৰণ সন্দৰ্ভত মন্ত্ৰী হাজৰীকাই কয় যে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ যি উন্নতি হৈছে তাৰ বাবে বিৰোধীৰ প্ৰাৰ্থীৰ অভাৱ হৈছে ।

প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ সন্দৰ্ভত পীযুষ হাজৰীকাই কয় যে প্ৰধানমন্ত্ৰী ৮ মাৰ্চত কাজিৰঙালৈ আহি নিশা কাজিৰঙাতে কটাব । ৯ মাৰ্চৰ পুৱা কাজিৰঙাত প্ৰধানমন্ত্ৰীয়ে জীপ নাইবা হাতী ছাফাৰী কৰিব আৰু তাৰ পাছত প্ৰধানমন্ত্ৰী অৰুণাচললৈ যাব । অৰুণাচলত এখন সভাত ভাগ লোৱাৰ পাছত প্ৰধানমন্ত্ৰীয়ে হোলোঙা পথাৰত নিৰ্মাণ কৰা লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব ।

তাৰ পাছত লাখপতি বাইদেউৰ এখন সভাত ভাগ ল'ব প্ৰধানমন্ত্ৰীয়ে । লগতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত প্ৰায় ৬ লাখ গৃহৰ গৃহ প্ৰৱেশ অনুষ্ঠানৰ প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব ।

লগতে পঢ়ক: কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণাত পলম হোৱাৰ কথা স্বীকাৰ দেৱব্ৰত শইকীয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.