ETV Bharat / politics

বিজেপি আৰু আৰএছএছে সমাজত ঘৃণা বিয়পাইছে: ৰাহুল গান্ধী

author img

By ANI

Published : Jan 21, 2024, 5:58 PM IST

Updated : Jan 23, 2024, 9:14 PM IST

Bharat Jodo Nyay Yatra
বিজেপি আৰু আৰএছএছয়ে সমাজত ঘৃণা বিয়পাইছে

Bharat Jodo Nyay Yatra: ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ দলটো দেওবাৰে অসমৰ বিশ্বনাথ জিলাত প্ৰৱেশ কৰে । জনসাধাৰণক সম্বোধন কৰি গান্ধীয়ে বিজেপি আৰু আৰএছএছক তীব্ৰ সমালোচনা কৰে ।

নেশ্যনেল ডেস্ক, ২১ জানুৱাৰী : মণিপুৰৰ পৰা আৰম্ভ কৰা কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ৰাহুল গান্ধীৰ নেতৃত্বৰ দলটো সম্প্ৰতি অসমত আছে । এই ন্যায় যাত্ৰাক লৈ বিভিন্ন বিতৰ্কৰ সৃষ্টি হোৱাৰ সময়তে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিজেপি আৰু আৰএছএছৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ । কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ মতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰএছএছ) আৰু ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিটো ধৰ্ম, জাতি বা ভাষাক আন এটা ধৰ্মৰ বিৰুদ্ধে সমাজত ঘৃণা বিয়পাই আছে যাতে তেওঁলোকে জনসাধাৰণক বিচলিত কৰিব পাৰে । তেওঁলোকে আপোনাৰ সম্পত্তি কাঢ়ি লৈ তেওঁলোকৰ ওচৰত ৰখাৰ লক্ষ্য আগত ৰাখিছে ।

ৰাহুল গান্ধীয়ে তেওঁৰ যাত্ৰাৰ অষ্টম দিনা দেওবাৰে ৰাজগড়-হোলোংগী (অসম-অৰুণাচল প্ৰদেশ) সীমান্তৰ পৰা ৰাজ্যখনত পুনৰ প্ৰৱেশ কৰি অসমত তেওঁৰ ভাৰত জোডো ন্যায় যাত্ৰাৰ দ্বিতীয় পৰ্যায় আৰম্ভ কৰে ।

নিবনুৱা আৰু কৃষকৰ সমস্যাৰ কথা উল্লেখ কৰি ৰাহুল গান্ধীয়ে কয় যে কংগ্ৰেছে ভাৰত জোড়ো যাত্ৰাত লাখ লাখ লোকক সাক্ষাৎ কৰিছিল । যুৱসকলে নিবনুৱা সমস্যাৰ বিষয়ে অৱগত কৰিছিল আৰু কৃষকসকলে তেওঁলোকৰ শস্যৰ বাবে সঠিক মূল্য নোপোৱাৰ বিষয়ে কৈছিল । এতিয়া আকৌ এবাৰ ৰাইজৰ সমস্যাৰ বিষয়ে জানিবলৈ কংগ্ৰেছে ভাৰত জোড়ো ন্যায় যাত্ৰা আৰম্ভ কৰিছে ।

ৰাহুল গান্ধীৰ মতে অসমত যুৱক-যুৱতীসকলে বিদ্যালয় আৰু মহাবিদ্যালয়লৈ যাবলৈ লাখ লাখ টকা খৰচ কৰে, কিন্তু তাৰ পিচত জানিব পাৰে যে তেওঁলোকে অসমত নিযুক্তি নাপায় । কৃষকসকলে তেওঁলোকৰ শস্যৰ বাবে সঠিক মূল্য নাপায়, বিমুদ্ৰাকৰণ আৰু জিএছটিৰ ফলত ক্ষুদ্ৰ ব্যৱসায়ীসকল ধ্বংস হৈছে । দেশৰ সমগ্ৰ চৰকাৰ নিৰ্বাচিত উদ্যোগপতিসকলৰ বাবে পৰিচালিত বুলি তেওঁ অভিযোগ কৰে ।

অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰি ৰাহুল গান্ধীয়ে প্ৰশ্ন কৰে ভাৰতৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী কোন ? ৰাহুল গান্ধীৰ মতে অসম আৰু সমগ্ৰ দেশৰ ৰাইজে জানে যে ইয়াৰ উত্তৰটো হৈছে ড৹ হিমন্ত বিশ্ব শৰ্মা ।

কংগ্ৰেছ সাংসদগৰাকীৰ মতে যিসকলে কংগ্ৰেছক ভাবুকি দি আছে তেওঁলোকে জানিব লাগে যে এয়া ৰাহুল গান্ধীৰ যাত্ৰা নহয়, এয়া হৈছে অসমৰ জনসাধাৰণৰ যাত্ৰা । তেওঁৰ মতে ৰাহুল গান্ধী আৰু অসমৰ জনসাধাৰণে মুখ্যমন্ত্ৰীক ভয় নকৰে, তেওঁলোকে যি বিচাৰে সেয়া কৰিব পাৰে ।

উল্লেখ্য যে অৰুণাচল প্ৰদেশত এটা নিশা কটোৱাৰ পিচত দেওবাৰে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ দলটো পুনৰ অসমত প্ৰৱেশ কৰে । অসমত যাত্ৰাৰ প্ৰথম পৰ্যায়টো বৃহস্পতিবাৰৰ পৰা শনিবাৰে আবেলিলৈ আছিল ।

ৰাহুল গান্ধীয়ে যাত্ৰাৰ সময়ত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । তেওঁ স্বাধীনতা সংগ্ৰামী শ্বহীদ কনকলতা আৰু মুকুন্দ কাকতিৰ প্ৰতিমূৰ্তিটো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । আৰক্ষীয়ে দেওবাৰে অসমৰ বিশ্বনাথ জিলাত কিছু সময়ৰ বাবে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ কনভয় ৰখাইছিল । অৱশ্যে, আৰক্ষী আৰু দলীয় কৰ্মীসকলৰ মাজত আলোচনাৰ পিচত যাত্ৰা পুনৰ আৰম্ভ হয় ।

লগতে পঢ়ক :কংগ্ৰেছৰ ন্যায় যাত্ৰাক লৈ এটা নিৰ্দিষ্ট সম্প্ৰদায়ক আক্ৰমণ অসমৰ মুখ্যমন্ত্ৰীৰ

Last Updated :Jan 23, 2024, 9:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.