ETV Bharat / politics

বিশ্বনাথত আপৰ শক্তি প্ৰদৰ্শন, ভগৱন্ত মানৰ বিশাল ৰোড শ্ব' - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 13, 2024, 8:31 PM IST

শোণিতপুৰ লোকসভা সমষ্টিৰ আপৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যৰ হৈ প্ৰচাৰ পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ ৷ গৰু বিহুৰ দিনাই বিশ্বনাথত পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ বিশাল ৰোড শ্ব’ ৷

LOK SABHA ELECTION 2024
ভগৱন্ত মানৰ বিশাল ৰোড শ্ব’
আপৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যৰ হৈ প্ৰচাৰ পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ

বিশ্বনাথ, 13 এপ্ৰিল : ৰঙালী বিহুৰ উছাহ-আনন্দৰ মাজতেই বিশ্বনাথত শক্তি প্ৰদৰ্শন আম আদমী পাৰ্টীৰ ৷ গৰু বিহুৰ দিনাই আপৰ নেতা তথা পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে বিশাল ৰোড শ্ব’ৰে নিৰ্বাচনী প্ৰচাৰ চলালে বিশ্বনাথত ৷ শোণিতপুৰ লোকসভা সমষ্টিৰ আম আদমী পাৰ্টীৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যৰ হৈ প্ৰচাৰ চলালে পঞ্জাৱৰ মুখ্যমন্ত্ৰীজনে ৷

মুখ্যমন্ত্ৰীগৰাকী বিশ্বনাথত উপস্থিত হোৱাৰ পিচতেই আম আদমী পাৰ্টীৰ শোণিতপুৰ জিলা সমিতিৰ নেতা-কৰ্মী সকলে বিপুল আদৰণি জনাই তেওঁক ৷ ইয়ৰ পিচতে মুখ্যমন্ত্ৰীজনে অংশগ্ৰহণ কৰে বিশাল ৰোড শ্ব'ত ৷ বিশ্বনাথ নগৰৰ মাজেৰে বাহিৰ কৰা এই ৰোড শ্ব'ৰ মাজতে মুখ্যমন্ত্ৰী ভগৱন্ত মানে গুৰুদ্বাৰত প্ৰৱেশ কৰি আশিস গ্ৰহণ কৰে ৷ এই ৰোড শ্ব'তে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্য তথা কেন্দ্ৰৰ বিজেপি চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷

এই ৰোড শ্ব’ত অংশগ্ৰহণ কৰি তেওঁ দেশত লেতেৰা বহুত হৈছে,আমি সকলোৱে একত্ৰিত হৈ ঝাৰু মাৰি চাফা কৰিব লাগিব বুলি উল্লেখ কৰে ৷ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে যিখন ৰাজ্যত মুখ্যমন্ত্ৰীৰ নিজৰ ব্যক্তিগত বিদ্যালয় থাকিব, সেইখন ৰাজ্যৰ চৰকাৰী বিদ্যালয় বন্ধ হোৱাটো নিশ্চিত ৷ ইফালে পঞ্জাব আৰু দিল্লী চৰকাৰৰ মডেলৰ বিষয়ে উল্লেখ কৰি সেই মডেল অসমতো নিৰ্মাণ কৰিবলৈ আম আদমী পাৰ্টিক ভোট দিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ইফালে 2026 চনৰ বিধানসভা নিৰ্বাচনত অসমত আপৰ চৰকাৰ গঠন হ’ব বুলি দাবী কৰি এইবাৰ লোকসভা নিৰ্বাচনত শোণিতপুৰৰ প্ৰাৰ্থী গৰাকীৰ 1 নম্বৰত থাকিব বুলি মন্তব্য কৰে ভগৱন্ত মানে ৷ উল্লেখ্য যে, 12 এপ্ৰিলত তিনিচুকীয়াৰ মাকুমত ডিব্ৰুগড় লোকসভা সমষ্টিৰ আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল পঞ্জাৱৰ মুখ্যমন্ত্ৰীজনে ৷

লগতে পঢ়ক : মাকুমত বিশাল নিৰ্বাচনী প্ৰচাৰ পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ - LOK Sabha ELECTION 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.