ETV Bharat / politics

ৰীতম সিঙক বিনাচৰ্তে মুক্তি দিয়াৰ দাবী ছাত্র কংগ্ৰেছৰ, দেশজোৰা আন্দোলনৰ হুংকাৰ - NSUI ASSAM Press Meet

author img

By ETV Bharat Assamese Team

Published : May 3, 2024, 6:10 PM IST

Amit Shah Fake Video Case : ৰাজীৱ ভৱনত ছাত্র কংগ্ৰেছ অসমৰ তত্বাৱধায়ক কবিৰ আহমেদ আৰু ৰাজ্যিক সাধাৰণ সম্পাদক চাকিল আহমেদৰ সংবাদমেল । নিজৰ ভুল স্বীকাৰ কৰাৰ পাচতো ষড়যন্ত্রমূলকভাৱে গ্ৰেপ্তাৰ কৰা হয় ৰীতম সিঙক । দেশখনত মানুহৰ বাক স্বাধীনতা হৰণ কৰিছে বিজেপিয়ে বুলি মন্তব্য নেতাদ্বয়ৰ ৷

NSUI ASSAM Press Meet
ৰীতম সিঙক বিনাচৰ্তে মুক্তি দিয়াৰ দাবী ছাত্ৰ কংগ্ৰেছৰ (ETV BHARAT ASSAM)

ৰাজীৱ ভৱনত ছাত্র কংগ্ৰেছ অসমৰ সংবাদমেল (ETV BHARAT ASSAM)

গুৱাহাটী, 3 মে' : কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ভুৱা ভিডিঅ' প্ৰচাৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা ৰীতম সিঙক বিনাচৰ্তে মুক্তি দিয়াৰ দাবী উত্থাপন কৰিছে ছাত্ৰ কংগ্ৰেছে (এন এছ ইউ আই) ৷ শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজন কৰা এখন সংবাদমেলত এই দাবী উত্থাপন কৰে ছাত্ৰ কংগ্ৰেছ অসমৰ তত্বাৱধায়ক কবিৰ আহমেদ আৰু ৰাজ্যিক সাধাৰণ সম্পাদক চাকিল আহমেদে ৷

উল্লেখ্য যে, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৰীতম সিং প্ৰদেশ কংগ্ৰেছৰ ৱাৰ ৰুমৰ এগৰাকী কৰ্মী আৰু লগতে এগৰাকী অধিবক্তা ৷

সংবাদমেলত ছাত্ৰ কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদক চাকিল আহমেদে কয় যে ৰীতম সিঙে ভুলবশতঃ ভিডিঅ'টো আপলোড কৰিছিল আৰু পাচত নিজৰ ভুল স্বীকাৰ কৰি ভিডিঅ'টো আঁতৰ কৰিছিল ৷ কিন্তু তাৰ পাচতো ষড়যন্ত্ৰমূলকভাৱে ৰীতম সিঙক গ্ৰেপ্তাৰ কৰা বুলি অভিযোগ কৰি তেওঁ অসম আৰক্ষীৰ এই কাৰ্যক নিন্দা কৰে ৷

তেওঁ ৰীতম সিঙক বিনাচৰ্তে মুক্তি দিয়াৰ দাবী উত্থাপন কৰি এই গ্ৰেপ্তাৰক অগণতান্ত্ৰিক আখ্যা দিয়ে ৷ নিৰ্বাচনৰ মাজতে এনেদৰে গ্ৰেপ্তাৰ কৰা কাৰ্যক তেওঁ বিজেপি চৰকাৰৰ ৰাজনীতি বুলি প্ৰকাশ কৰে ৷

ইফালে ৰীতম সিঙক মুকলি কৰি নিদিলে ৰাজ্যজুৰি ব্যাপক গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব বুলি তেওঁ কয় ৷ সংবাদমেলত ছাত্ৰ কংগ্ৰেছ অসমৰ তত্বাৱধায়ক কবিৰ আহমেদে দেশত গণতন্ত্ৰ আছে নে নাই বুলি প্ৰশ্ন কৰি ৰীতম সিঙক চৰ্তবিহীনভাৱে মুক্তি দিয়াৰ দাবী উত্থাপন কৰে ৷ অন্যথা দেশজুৰি প্ৰতিবাদ কৰা হ'ব বুলি তেওঁ চৰকাৰক সকীয়াই দিয়ে ৷

তেওঁ আৰক্ষীয়ে ষড়যন্ত্ৰমূলকভাৱে ৰীতম সিঙক গ্ৰেপ্তাৰ কৰাৰ অভিযোগ উত্থাপন কৰি কয় যে, দেশখনত মানুহৰ বাক স্বাধীনতা বিজেপি দলে হৰণ কৰিছে ৷ ৰীতম সিঙে নিজৰ ভুল স্বীকাৰ কৰাৰ পাচতো তেওঁক আক্ৰোশমূলকভাৱে গ্ৰেপ্তাৰ কৰা হ'ল ৷ এই অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰা হ'ব বুলি তেওঁ কয় ৷

লগতে পঢ়ক : গুৱাহাটীত জাতীয় বিদ্যালয়ৰ অভিভাৱকৰে পোনপটীয়া মত-বিনিময় মীৰা বৰঠাকুৰৰ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.