ETV Bharat / politics

সৰুপথাৰৰ ৰজাপুখুৰী শ্যাম গাঁৱত চাংঘৰত এনিশা কটাব মুখ্যমন্ত্ৰীয়ে

author img

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 5:34 PM IST

Gaon Chal Abhijan: ১২৬ টা সমষ্টিৰ অন্যতম সৰুপথাৰ সমষ্টি । ১২ ফেব্ৰুৱাৰীত সৰুপথাৰ সমষ্টিৰ ৰজাপুখুৰী শ্যাম গাঁৱলৈ মুখ্যমন্ত্ৰীৰ আগমনক লৈ চলিছে প্ৰস্তুতি ।

Preparation in rajapukhuri for CM
সৰুপথাৰ সমষ্টিৰ ৰজাপুখুৰী শ্যাম গাঁঁও
সৰুপথাৰ সমষ্টিৰ ৰজাপুখুৰী শ্যাম গাঁঁও

সৰুপথাৰ ,৭ ফেব্ৰুৱাৰী: অহা ১২ ফেব্ৰুৱাৰীত গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত ১নং ৰজাপুখুৰী শ্যাম গাঁৱলৈ আহিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । চৰকাৰৰ 'গাঁও চল অভিযান'ৰ অসমৰ ১২৬ টা সমষ্টিৰ অন্যতম সৰুপথাৰ সমষ্টি । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমৰ প্ৰায় ২৭ হাজাৰ গাঁৱৰ মাজৰ পৰা সৰুপথাৰ সমষ্টিৰ ৰজাপুখুৰী শ্যাম গাঁৱত এনিশা থাকিবলৈ বাচনি কৰিছে । ১০০% জনজাতি লোকে বাস কৰা জিলাখনৰ ঐতিহ্যপূৰ্ণ ৰজাপুখুৰী শ্যাম গাঁৱৰ ৰাইজৰ সৈতে অহা ১২ ফেব্ৰুৱাৰীত মত বিনিময় কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ইয়াতেই নৈশ যাপন কৰিব ।

ড৹ হিমন্ত বিশ্ব শৰ্মাৰ আগমনলৈ গভীৰ আগ্ৰহেৰে অপেক্ষা কৰিছ গাঁৱখনৰ ৰাইজে । উল্লেখ্য় যে টাইমূলীয় জনজাতিৰ অন্যতম শ্যামসকল । টাইমূলীয় জনজাতিৰ অন্যতম শ্যামসকলৰ আছে এক সুকীয়া বৈশিষ্ট । বিশেষকৈ বৌদ্ধ ধৰ্মাৱলম্বী এই লোকসকলে চাংঘৰত বসবাস কৰি আহিছে। বিভিন্ন জনজাতীয় পৰম্পৰাগত খাদ্য সম্ভাৰৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আপ্যায়ন কৰিবলৈ উৎকণ্ঠাৰে বাট চাইছে গাওঁবাসী । পৰম্পৰাগত খাদ্য সম্ভাৰৰ টোপোলা ভাত, চুঙাত দিয়া ভাত (খাওলাম), বইল মাছ, খৰিচা দি মাছৰ ব্যঞ্জন, কচু থুৰি, পিঠা সম্ভাৰত-টেংকে পিঠা, হেঁচা পিঠা, আখৈ (খাওটেক) ইত্যাদিৰেও মুখ্যমন্ত্ৰীগৰাকীক আপ্যায়ন কৰিব বুলি গাঁৱখনৰ ৰাইজে উল্লেখ কৰিছে ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই গাওঁখনৰ চাংঘৰত এনিশা কটাব । ৰাইজে ব্যাপক প্ৰস্তুতিৰে গাঁওখন সজাই তুলিবলৈ চেষ্টা কৰিছে । উৎকণ্ঠাৰে বাট চাইছে ৰাইজে । কাৰণ মুখ্যমন্ত্ৰীৰ লগত ৰাইজে মত বিনিময় কৰাৰ সুযোগ লাভ কৰিব ।

লগতে পঢ়ক:লখিমপুৰত প্ৰধানমন্ত্ৰীৰ সভাৰ স্থান পৰিদৰ্শন মুখ্যমন্ত্রীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.