ETV Bharat / politics

নীতিশ কুমাৰৰ মিত্ৰতা সলনিৰ ৰাজনীতিৰ বাবে বিজেপি আৰু আৰজেডি দায়ী : প্ৰশান্ত কিশোৰ

author img

By ETV Bharat Assamese Team

Published : Jan 28, 2024, 7:41 PM IST

Prashant Kishor On Nitish Kumar: বিহাৰত নৱমবাৰৰ বাবে মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ কৰিছে নীতিশ কুমাৰে। তেওঁ গ্ৰেণ্ড এলায়েন্স এৰি এন ডি এলৈ উভতি আহিছে। জেডিইউৰ প্ৰাক্তন উপ-সভাপতি প্ৰশান্ত কিশোৰে ঠাট্টা কৰি কয় যে নীতিশে ইয়াৰ সমগ্ৰ ৰাজনৈতিক ব্যৱস্থাক নিজৰ ৰঙেৰে ৰং সানিছে। ইয়াৰ বাবে বিজেপি আৰু আৰজেডি দোষী।

Prashant Kishor On Nitish Kumar
নীতিশ কুমাৰক সমালোচনা প্ৰশান্ত কিশোৰৰ

নিউজ ডেস্ক, 28 জানুৱাৰী : জেডিইউৰ সভাপতি তথা বিহাৰৰ ভাৰপ্ৰাপ্ত মুখ্যমন্ত্ৰী নীতিশ কুমাৰে পুনৰ পক্ষ সলনি কৰিলে ৷ ডেৰ বছৰ পূৰ্বে এন ডি এ এৰি গ্ৰেণ্ড এলায়েন্সত যোগদান কৰাৰ পিছত দেওবাৰে পুৱা ৰাজ্যপালৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে কুমাৰে ৷ বিয়লি তেওঁ অভিলেখ নৱমবাৰৰ বাবে মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ কৰে ৷ ৰাজনীতি পৰিৱর্তনৰ পাছত আৰজেডিয়ে তেওঁক ‘পল্টুৰাম’ বুলি অভিহিত কৰাৰ বিপৰীতে জন সুৰজৰ আহ্বায়ক প্ৰশান্ত কিশোৰেও ইয়াৰ বাবে আৰজেডি আৰু বিজেপিক দোষাৰোপ কৰিছে ৷

'বিজেপি আৰু আৰজেডিও পল্টুমাৰ': জেডিইউৰ প্ৰাক্তন ৰাষ্ট্ৰীয় উপ-সভাপতি প্ৰশান্ত কিশোৰে কয় যে কালিলৈকে নীতিশ কুমাৰক তিৰস্কাৰ কৰি থকা বিজেপিয়ে এতিয়া সন্ধিয়াৰ পৰাই নীতিশ কুমাৰক প্ৰশংসা কৰিবলৈ আৰম্ভ কৰিব আৰু কালিলৈকে আৰজেডিয়ে দেশৰ ভৱিষ্যদ্বাণী কৰি আছিল, এতিয়া তেওঁলোকে গালি-গালাজ কৰিব ৷ তেওঁ কয় "মই বিশ্বাস কৰোঁ যে নীতিশ কুমাৰে ইয়াৰ সমগ্ৰ ৰাজনৈতিক ব্যৱস্থাটোক নিজৰ ৰঙেৰে ৰং সানিছে ৷ য'ত বিজেপি আৰু আৰজেডি নীতিশ কুমাৰৰ দৰেই ডাঙৰ 'পল্টুমাৰ' ৷"

প্ৰশান্ত কিশোৰে কয়- "নীতিশ কুমাৰ এজন পল্টুমাৰ, এই কথা সমগ্ৰ বিশ্বই জানে ৷ এতিয়া এইটো আৱিষ্কাৰৰ বিষয় নহয় ৷ এই ঘটনাই দেখুৱাইছে যে নীতিশ কুমাৰে ইয়াৰ সমগ্ৰ ৰাজনৈতিক ব্যৱস্থাটোক নিজৰ ৰঙেৰে ৰং সানিছে ৷ য'ত বিজেপি আৰু আৰজেডি নীতিশ কুমাৰৰ সমানেই পল্টুমাৰ ৷"

নীতিশ কুমাৰৰ ভাবমূৰ্তিৰ অৱনতি ঘটিছে : প্ৰশান্ত কিশোৰে কয় যে দল সলনিৰ বাবে নীতিশ কুমাৰৰ ভাবমূৰ্তি অহৰহ নষ্ট হৈ আহিছে ৷ সমাজৰ প্ৰতিটো শ্ৰেণীত তেওঁক গৰিহণা দিয়া হৈছে ৷ ইয়াৰ ফলত নীতিশ কুমাৰৰ বাবে 2010 চনত জেডিইউৱে 206 খন আসন লাভ কৰিছিল যদিও 2020 চনত মাত্ৰ 43খনত সীমাবদ্ধ হৈছিল ৷

অকলে যুঁজ দিলে 20 খন আসনো নাপায় : লোকসভা নিৰ্বাচনত সম্ভাব্য পৰাজয়ৰ ভয়ত পুনৰ বিজেপিৰ আশ্ৰয় লৈছে নীতিশ কুমাৰে বুলি দাবী কৰে জন সুৰজৰ আহ্বায়ক প্ৰশান্ত কিশোৰে ৷ 2025 চনত জেডিইউয়ে যদি বিজেপি বা কোনো ডাঙৰ দলৰ সৈতে মিত্ৰতা কৰি নিৰ্বাচনত অৱতীৰ্ণ নহয়, তেন্তে ইয়াৰ 20 জন বিধায়কো জয়ী হ’ব নোৱাৰিব বুলি মন্তব্য কৰে তেওঁ ৷

লগতে পঢ়ক : ৰাজনৈতিক সংকটৰ মাজতে বিহাৰৰ বাতৰি কাকতত জেডিইউৰ গুৰুত্বপূৰ্ণ বিজ্ঞাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.