ETV Bharat / politics

ৰাজনৈতিক সংকটৰ মাজতে বিহাৰৰ বাতৰি কাকতত জেডিইউৰ গুৰুত্বপূৰ্ণ বিজ্ঞাপন

author img

By ANI

Published : Jan 28, 2024, 1:12 PM IST

Bihar Political crisis: নীতিশ কুমাৰে ইতিমধ্যে এনডিএৰ সৈতে একত্ৰিত হোৱাৰ দিশে আগবাঢ়িছে । মহাজোঁটৰ জেডিইউ দলেও নিৰন্তৰভাৱে ৰাইজৰ বিশ্বাস ৰাখিবলৈ চেষ্টা কৰিছে । তাৰ অংশস্বৰূপে উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱৰ বৃহৎ ফটোৰ সৈতে দলটোৰ আকৰ্ষণীয় বিজ্ঞাপন ।

Bihar Political crisis
বিহাৰৰ বাতৰি কাকতত জেডিইউৰ গুৰুত্বপূৰ্ণ বিজ্ঞাপন

নেশ্যনেল ডেস্ক,২৮ জানুৱাৰী : বিহাৰৰ ৰাজনৈতিক পৰিস্থিতিক লৈ দেশজুৰি ব্যাপক চৰ্চা চলিছে । মুখ্যমন্ত্ৰী নীতিশ কুমাৰে পুনৰ বৃহৎ ৰাজনৈতিক পদক্ষেপ গ্ৰহণ কৰিছে । যাক লৈ বিভিন্ন মহলত জল্পনা-কল্পনা চলি আছে । তাৰ মাজতে শাসনাধিষ্ঠিত মহাজোঁটৰ অংশীদাৰ আৰজেডিয়ে দেওবাৰে ৰাজ্যখনৰ আগশাৰীৰ বাতৰি কাকতসমূহত এক সম্পূৰ্ণ পৃষ্ঠাৰ গুৰুত্বপূৰ্ণ বিজ্ঞাপনৰ জৰিয়তে সকলোকে আকৰ্ষিত কৰাৰ চেষ্টা চলাইছে । জনতা দল (ইউনাইটেড)ৰ সৰ্বোচ্চ নেতাৰ পৰিৱৰ্তে উপ মুখ্যমন্ত্ৰী তেজস্বীক সম্পূৰ্ণ পৃষ্ঠাৰ বিজ্ঞাপনত প্ৰক্ষেপ কৰিছে ।

কেৱল তেজস্বীৰ এক বিশাল ফটো থকা সম্পূৰ্ণ পৃষ্ঠাৰ বিজ্ঞাপনত আৰজেডিয়ে উপ মুখ্যমন্ত্ৰীক ৪ লাখতকৈও অধিক চৰকাৰী চাকৰি দিয়াৰ পৰা ৰাজ্যখনৰ পৰ্যটনৰ সম্ভাৱনা বৃদ্ধি কৰালৈকে কেইবাটাও উন্নয়নমূলক পদক্ষেপৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ।

নীতিশে বিজেপি নেতৃত্বাধীন এন ডি এ-ৰ সৈতে পুনৰ যোগদান কৰিব বুলি এক গভীৰ জল্পনা-কল্পনাৰ মাজতে এই বিজ্ঞাপনটো দেখা গৈছে । ৰাজ্যখনত দ্ৰুত পৰিৱৰ্তনশীল ৰাজনৈতিক ঘটনাবোৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু আৰজেডি প্ৰধান লালু যাদৱৰ কন্যা ৰোহিনী আচাৰ্যৰ এটা সামাজিক মাধ্যমৰ পোষ্টৰ পৰাই আৰম্ভ হৈছিল । য'ত তেওঁ জেডি(ইউ)ৰ ওপৰত তীব্ৰ আক্ৰমণ কৰিছিল ।

ইফালে সূত্ৰৰ পৰা জানিব পৰা মতে নীতিশে ৰাজ্যপাল ৰাজেন্দ্ৰ আৰলেকাৰক সাক্ষাৎ কৰিবলৈ সময় বিচাৰিছে । ২০২২ চনত আৰজেডিৰ সৈতে সম্পৰ্ক গঢ়ি তুলিবলৈ দল সলনি কৰাৰ পূৰ্বে নীতিশৰ দলৰ সৈতে চৰকাৰত থকা বিজেপিয়ে আৰু দেওবাৰে জেডি(ইউ)য়ে পৃথকে বৈঠক অনুষ্ঠিত কৰিছে ।

বিজেপিৰ বৈঠকত উপস্থিত হৈ দলৰ নেতা ৰাম নাৰায়ণ মণ্ডলে কয় যে বৈঠকত ৰাজ্যখনত দলৰ সাংগঠনিক অৱস্থিতি সম্প্ৰসাৰিত আৰু শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব দিয়া হয় । শাসকীয় মহাজোঁটৰ ভৱিষ্যত সন্দৰ্ভত তেওঁ কয় যে এই সন্দৰ্ভত তেওঁ মন্তব্য কৰিব নোৱাৰে । কেৱল দলৰ শীৰ্ষ নেতৃত্বই ৰাজ্যখনৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত স্থিতি স্পষ্ট কৰিব ।

ইফালে, মুখ্যমন্ত্ৰী নীতিশৰ ঘনিষ্ঠ সহযোগী হিচাপে বিবেচিত জেডি(ইউ)ৰ মন্ত্ৰী সঞ্জয় ঝা তেওঁৰ চৰকাৰী বাহনত মুখ্যমন্ত্ৰীৰ বাসভৱনৰ বৈঠকত অহা নাছিল । এতিয়া সময়ে ক'ব বিহাৰৰ ৰাজনীতি কোন দিশে আগবাঢ়িব ?

লগতে পঢ়ক :জেডিইউৰ বিধায়কৰ সৈতে নীতিশ কুমাৰৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.