ETV Bharat / politics

কাক উভতি ধৰিলে প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীয়ে ?

author img

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 3:28 PM IST

Pradesh Mahila Congress president mira borthakur slams MP Pavithra Margherita
মীৰা বৰঠাকুৰ গোস্বামী

BJP Congress conflict: কংগ্ৰেছক মিঞাৰ দল বুলি মন্তব্য কৰি সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই সাংসদ গৌৰৱ গগৈক কঠোৰ ভাষাৰে কৰিছিল সমালোচনা । শুকুৰবাৰে তাৰ প্ৰত্যুত্তৰত সৰৱ হৈ পৰে মীৰা বৰঠাকুৰ গোস্বামী । সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাক 'মেনেজাৰ টাইপ'ৰ সাংসদ আখ্যা । হিন্দু-মুছলমানৰ ৰাজনীতি কৰা এইখন চৰকাৰে হিন্দু সকলকো ঠগি আহিছে ।

মীৰা বৰঠাকুৰ গোস্বামীৰ ভাষ্য

গুৱাহাটী, ২৩ ফেব্ৰুৱাৰী : নাম উল্লেখ নকৰিলেও বিজেপিৰ ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাক 'মেনেজাৰ টাইপ'ৰ সাংসদ আখ্যা দিলে প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীয়ে । উল্লেখ্য যে বৃহস্পতিবাৰে বিধানসভা চৌহদত সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈকে ধৰি কংগ্ৰেছক কঠোৰ ভাষাৰে সমালোচনা কৰিছিল । কংগ্ৰেছ দলটোক মিঞাৰ দল আখ্যা দিছিল । তাৰ প্ৰত্যুত্তৰত শুকুৰবাৰে কংগ্ৰেছ নেত্ৰীগৰাকী সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ বিৰুদ্ধে সৰৱ হৈ পৰে ।

তেওঁ কয় যে এগৰাকী সাংসদৰ দায়িত্ববোধ থাকিব লাগে । সকলো সময়তে তৰল মন্তব্য কৰিব নালাগে । গৌৰৱ গগৈক লৈ কৰা মন্তব্যৰ বাবে পবিত্ৰ মাৰ্ঘেৰিটাক ধিক্কাৰ দি তেওঁ কয় যে আজিৰ তাৰিখত গৌৰৱ গগৈ কেৱল অসমৰে নেতা নহয় এগৰাকী ভাল নেতা হিচাপে ভাৰতবৰ্ষৰ সকলোৱে স্বীকৃতি দিছে । গৌৰৱ গগৈয়ে কাৰো মেনেজাৰ টাইপত কাম নকৰে তথা ঘৃণাৰ বাতাৱৰণ সৃষ্টি নকৰে । কংগ্ৰেছ দলটো এটা সময়ত মিঞাৰ দল হৈ থাকিব বুলি পবিত্ৰ মাৰ্ঘেৰিটাই কৰা মন্তব্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয়, ‘ঘৃণাৰ বাতাৱৰণ সৃষ্টি কৰাৰ এনে মানসিকতাক গৰিহণা দিছো ।’

তেওঁ লগতে কয় যে মিজোৰামৰ সীমান্তত যেতিয়া অসমৰ জোৱানক হত্যা কৰা হৈছিল সেইটো সময়ত বিজেপি দলটোৱে বালিত মূৰ গুজি আছিল । এইখন চৰকাৰৰ দিনতে ১৮৮ জন লোকক ভুৱা এনকাউণ্টাৰ কৰা হ’ল । সকলো সময়তে কংগ্ৰেছৰ দোহাই দিয়া এইখন বিজেপি চৰকাৰৰ দিনতে কয়লা, গৰু, মহ, চুপাৰিৰ ছিণ্ডিকেট মুকলিকৈ চলি আছে বুলি তেওঁ কয় । লাজ পাব লাগে বুলি সদৰী কৰি তেওঁ কয় যে কংগ্ৰেছ দিনত কৰা ১১,৪৪২ খন বিদ্যালয় একত্ৰিকৰণৰ নামত বন্ধ কৰিলে এইখন চৰকাৰে । কংগ্ৰেছে নিৰ্মাণ কৰি যোৱা আন্তগাঁথনি বন্ধ কৰি এইখন চৰকাৰে অলিয়ে-গলিয়ে মদৰ দোকান খুলিলে । বৰ্তমান সময়ত ৰাজ্যৰ নিচামুক্তি কেন্দ্ৰসমূহত ড্ৰাগছকে ধৰি নিচাজাতীয় সামগ্ৰী সেৱন কৰা ২০ লাখ ৫০ হাজাৰ যুৱক-যুৱতী ভৰ্তি হৈ আছে বুলি সদৰী কৰি তেওঁ পবিত্ৰ মাৰ্ঘেৰিটাৰ দৃষ্টি ‍আকৰ্ষণ কৰে ।

এইখন চৰকাৰৰ দিনত নৱ-প্ৰজন্ম অন্ধকাৰ ভৱিষ্যতৰ দিশে গতি কৰিছে । কংগ্ৰেছক হিন্দু-মুছলমানৰ ৰাজনীতিৰে সজাব নালাগে বুলি মন্তব্য কৰি তেওঁ কয় যে কংগ্ৰেছ দলে ধৰ্ম-নিৰপেক্ষতাক বিশ্বাস কৰে । কংগ্ৰেছে ঘৃণাৰ ৰাজনীতি নকৰে । বিজেপি দলটোৰ পুৰণা মানুহখিনিক নিশকটিয়া কৰি কংগ্ৰেছৰ জেলত নিম বুলি কোৱা নেতাসকলক এতিয়া বিজেপিয়ে মঞ্চত বহুৱাই ভৱেশ কলিতাক চাৰিওফালৰ পৰা হেঁচি ধৰিছে বুলি তেওঁ কয় । তেওঁ লগতে কয় যে কংগ্ৰেছক মিঞাৰ দল কোৱা বিজেপিয়ে বদৰুদ্দিন আজমলৰে গোপন মিতিৰালি কৰে । কংগ্ৰেছ যি কৰে মুকলিকৈ কৰে বুলি উল্লেখ কৰি তেওঁ কয় যে বিজেপিৰ দৰে কংগ্ৰেছে নিশা লুকাই লুক‍াই কাম নকৰে ৷

এইখন চৰকাৰৰ দিনতে ১ লাখ ৪৭ হাজাৰ কোটি টকা ধাৰ লোৱা হৈছে বুলি মন্তব্য কৰি তেওঁ কয় যে মদৰ ৰাজহেৰে ৰাজ্য চলিছে । হিন্দু-মুছলমানৰ ৰাজনীতি কৰা এইখন চৰকাৰে হিন্দু সকলকো ঠগি আহিছে বুলি তেওঁ কয় । এইখন কাৰো চৰকাৰ নহয় বুলি সদৰী কৰি তেওঁ কয় যে এইখন বেপ‍াৰীৰ চৰকাৰ । পট্টা দিয়াৰ নামত পাহাৰত প্ৰিমিয়াম বঢ়াই দিছে এইখন চৰকাৰে । শিলসাঁকোৰ সুৰক্ষাৰ কথা কোৱা এইখন চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই শিলসাঁকোৰ কাষৰ বোন্দাজানৰ ১০০ ফুট পুতি ৰাস্তা নিৰ্মাণ কৰি ঘৰলৈ যোৱাৰ ব্যৱস্থা কৰি লৈছে । এইখন চৰকাৰে ৰাইজৰ কথা চিন্তা কৰি কাম কৰা নাই বুলি তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক : মানসিকভাৱে বিকাৰগ্ৰস্ত নোহোৱা পৰ্যন্ত বিজেপিত যোগদান নকৰো: মীৰা বৰঠাকুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.