ETV Bharat / politics

ফণীভূষণ চৌধুৰীৰ হৈ প্ৰচাৰ চলাবলৈ আহিব প্ৰধানমন্ত্ৰী : ৰণজিৎ কুমাৰ দাস

author img

By ETV Bharat Assamese Team

Published : Mar 18, 2024, 4:58 PM IST

Barpeta Lok Sabha constituency
মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

Minister Ranjit Kumar Das: বঙাইগাঁও জিলাৰ বৰপাৰাত উপস্থিত অসম চৰকাৰৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস । অসম চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে বঙাইগাঁও চহৰত উপস্থিত হৈয়ে অগপৰ জ্যেষ্ঠ নেতাগৰাকীক শুভেচ্ছা জ্ঞাপন কৰে ।

প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ সৈতে মন্ত্ৰী দাস

বঙাইগাঁও, ১৮ মাৰ্চ: বঙাইগাঁও চহৰত উপস্থিত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য,অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী তথা জিলাখনৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাস । মন্ত্ৰীগৰাকীয়ে আজি বঙাইগাঁও জিলাৰ বৰপাৰাস্তিত বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক তথা বৰপেটা লোকসভা সমষ্টিৰ অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ বাসগৃহত উপস্থিত হয়। উপস্থিত হৈ আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে নেতাগৰাকীক শুভেচ্ছা জ্ঞাপন কৰে ।

আগন্তুক লোকসভা নিৰ্বাচনৰ বিভিন্ন কাম-কাজক লৈ বিধায়কগৰাকীৰ বাসগৃহত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য,অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী তথা অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাস আলোচনাত মিলিত হয় । ইয়াৰ পিচত সংবাদ মাধ্যমৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । তেওঁ কয় যে আগন্তুক লোকসভা নিৰ্বাচনত বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ প্ৰচাৰ চলাবলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । তেওঁ পুনৰ কয় যে অভিভাৱক মন্ত্ৰী হিচাপে এটা দায়িত্ব আছে আৰু সেয়া তেওঁ পালন কৰিছে ।

ইপিনে, দুলু আহমেদৰ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয়, " ক'ত নৰেন্দ্ৰ মোদী, ক'ত ফণীভূষণ চৌধুৰী আৰু ক'ত দুলু আহমেদ ?" তদুপৰি তেওঁ বুদ্ধিজীৱীৰ প্ৰসংগতো মন্তব্য় আগবঢ়ায় । মন্ত্ৰীগৰাকীয়ে কয় যে বুদ্ধিজীৱীৰ প্ৰসংগত একো প্ৰভাৱ নপৰে । আজিকালি সকলো বুদ্ধিজীৱী । খেতিয়কৰ পৰা সাধাৰণ জনতা সকলোৱেই বুদ্ধিজীৱী বুলি তেওঁ কটাক্ষ কৰে । বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক তথা বৰপেটা লোকসভা সমষ্টিৰ অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক সাক্ষাৎ কৰি পোনে পোনে কোকৰাঝাৰলৈ ৰাওনা হয় মন্ত্ৰীগৰাকী ।

লগতে পঢ়ক:প্ৰাৰ্থিত্ব লাভৰ পাচত প্ৰথমবাৰলৈ বঙাইগাঁৱত উপস্থিত অগপ নেতা ফণীভূষণ চৌধুৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.