ETV Bharat / politics

ভয় কৰিব নালাগে, পলাবও নালাগে: আমেঠি এৰি ৰায়বৰেলীলৈ যোৱা ৰাহুলক নৰেন্দ্ৰ মোদীৰ পৰামৰ্শ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 3, 2024, 5:00 PM IST

Updated : May 3, 2024, 5:31 PM IST

PM Modi On Rahul Gandhi: ৱায়ানাড আৰু আমেঠি এৰি ৰায়বৰেলীৰ পৰা নিৰ্বাচন খেলিবলৈ ওলোৱা ৰাহুল গান্ধী সন্মুখীন হৈছে বিজেপিৰ ব্যাপক সমালোচনাৰ । প্ৰধানমন্ত্ৰী মোদীৰ পৰা স্মৃতি ইৰাণীলৈকে সকলোৱে ৰাহুলক সমালোচনাৰে থকা-সৰকা কৰিছে । ৰাহুলক ভয়ত নপলাবলৈ পৰামৰ্শ প্ৰধানমন্ত্ৰীৰ ।

Lok Sabha Election 2024
PM Modi (IANS)

নেশ্যনেল ডেস্ক, ৩ মে': প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিৰোধীক সমালোচনা কৰি দৃঢ়তাৰে কয় যে, চলি থকা লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ জয়ী হোৱা আসনৰ সংখ্যা নিৰ্বাচনী ইতিহাসত সৰ্বকালৰ সৰ্বনিম্ন হ’ব । কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ব্যাপক সমালোচনা কৰি মোদীয়ে কয় যে তেওঁ সাংসদ হৈ থকা কেৰালাৰ ৱায়ানাডত পৰাজয়ৰ আশা কৰিয়েই উত্তৰ প্ৰদেশৰ ৰায়বৰেলী আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ।

শুকুৰবাৰে বুৰ্দৱানত নিৰ্বাচনী সভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "এতিয়া আমেঠিত আসন হেৰুৱাই ৱায়ানাডলৈ (কেৰালা) যোৱা কংগ্ৰেছৰ শ্বেহজাদাই ৰায়বৰেলীৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । তেওঁ জানে এইবাৰ ৱায়ানাডত পৰাস্ত হ'ব ।" ৰাহুল গান্ধীয়ে আমেঠিৰ পৰা প্ৰতিদ্বন্দ্বিতা নকৰা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কংগ্ৰেছৰ সাংসদক "দৰো মত, ভাগো মত" (ভয় নকৰিবা, পলাব নালাগে) বুলি পৰামৰ্শ দিয়ে ।

মোদীয়ে কয় যে, যদি কংগ্ৰেছ নিৰ্বাচনত জয়ী হয় তেন্তে দলৰ তুষ্টিকৰণ ৰাজনীতিৰ বাবে অনুসূচিত জাতি, দলিত আৰু অ’বিচিৰ কোটা কাঢ়ি লৈ সেই কোটা নিজৰ জেহাদী ভোট বেংকক দিব ।

প্ৰধানমন্ত্ৰী মোদীয়ে বিচাৰিছিল যে কংগ্ৰেছে লিখিতভাৱে দিয়ক যে ধৰ্মৰ ভিত্তিত সংৰক্ষণৰ ব্যৱস্থা কৰাৰ বাবে সংবিধান সংশোধন নকৰে । লগতে তেওঁ তৃণমূল কংগ্ৰেছ চৰকাৰক তীব্ৰ সমালোচনা কৰি পশ্চিমবংগত হিন্দুসকলক "দ্বিতীয় শ্ৰেণীৰ নাগৰিক" কৰি তোলাৰ অভিযোগ উত্থাপন কৰে ।

ভোট জেহাদ বিতৰ্ক : ভোট জেহাদ বিষয়ক লৈ INDIA ব্লকক আক্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ । উল্লেখ্য যে, কংগ্ৰেছ নেতা ছলমান খুৰ্শ্বিদৰ ভতিজী মাৰিয়া আলমে ভোট জেহাদৰ ওপৰত মন্তব্য দিয়াৰ বাবে বিতৰ্কত লিপ্ত হৈছে । "বিৰোধীয়ে ভোট জেহাদৰ খেল আৰম্ভ কৰিছে । কংগ্ৰেছ, তৃণমূল এই ভোট জেহাদক লৈ মৌন । এই ইণ্ডি মিত্ৰজোঁটে ভোটৰ বাবে যি বিচাৰে তাকেই কৰিব"- এই মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ।

মঙলবাৰে উত্তৰ প্ৰদেশ আৰক্ষীয়ে কংগ্ৰেছ নেতা ছলমান খুৰ্শ্বিদ আৰু তেওঁৰ ভতিজী মাৰিয়া আলমৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে । অভিযোগ অনুসৰি, সমাজবাদী পাৰ্টিৰ নেত্ৰী মাৰিয়া আলমে INDIA ব্লকৰ প্ৰাৰ্থী নবল কিশোৰ শাক্যৰ সমৰ্থনত প্ৰচাৰ চলাই বিজেপি চৰকাৰক উৎখাত কৰিবলৈ ‘ভোট জেহাদ’ৰ কথা কয় । বিৰোধীয়ে জেহাদৰ খেল আৰম্ভ কৰা বুলি সমালোচনা কৰি প্ৰধানমন্ত্ৰীয়ে কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছে জেহাদীক লৈ মৌনতা অৱলম্বন কৰাৰ অভিযোগ কৰে ।

এছ এছ চিৰ চাকৰি কেলেংকাৰীৰ বলি হোৱা লোকৰ বাবে আইনী সহায় : শুকুৰবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে ঘোষণা কৰে যে পশ্চিমবংগ বিজেপি ইউনিটে স্কুল সেৱা আয়োগৰ কেলেংকাৰীৰ ফলত চাকৰি হেৰুওৱা "প্ৰকৃত শিক্ষক আৰু প্ৰাৰ্থী"ক সহায় আগবঢ়াবলৈ এটা সুকীয়া আইনী কোষ গঠন কৰিব ।

মোদীয়ে কয়, "যদিও তেওঁ বিচাৰে যে টিএমচিৰ দুৰ্নীতিৰ লগত জড়িতসকলক শাস্তি দিয়া হওক, কিন্তু নিৰীহসকল ক্ষতিগ্ৰস্ত হোৱাটো নিবিচাৰে । স্কুল নিযুক্তিৰ ক্ষেত্ৰত টিএমচিয়ে বংগত যি দুৰ্নীতি কৰিছে সেয়া লজ্জাজনক । এই কেলেংকাৰীৰ বাবে কেইবাজনো প্ৰকৃত প্ৰাৰ্থীয়ে ক্ষতিগ্ৰস্ত হৈছে ।"

প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, তেওঁ দলৰ হৈ বংগ বিজেপি ইউনিটক এটা আইনী কোষ আৰু ছ’চিয়েল মিডিয়া প্লেটফৰ্ম সৃষ্টি কৰি প্ৰকৃত প্ৰাৰ্থী আৰু শিক্ষকসকলক সহায় আগবঢ়াবলৈ অনুৰোধ জনাইছিল । তেওঁ লগতে কয় যে বিজেপিয়ে এনে প্ৰকৃত প্ৰাৰ্থীক সমৰ্থন কৰিব আৰু তেওঁলোকক যুঁজিবলৈ আইনী সহায় আগবঢ়াব । এয়া মোদীৰ নিশ্চয়তা ।

উল্লেখ্য যে, পশ্চিমবংগ চৰকাৰৰ পৃষ্ঠপোষকতা আৰু সাহায্য প্ৰদান কৰা বিদ্যালয়সমূহত ৰাজ্যিক পৰ্যায়ৰ বাছনি পৰীক্ষা-২০১৬ (এছ এল এছ টি)ৰ নিযুক্তি প্ৰক্ৰিয়াক কলিকতা উচ্চ ন্যায়ালয়ে 'বাতিল' বুলি ঘোষণা কৰাৰ পিছত প্ৰায় ২৬০০০ শিক্ষক আৰু অশিক্ষক কৰ্মচাৰীয়ে চাকৰি হেৰুৱাইছিল । আদালতে ইয়াৰ জৰিয়তে কৰা সকলো নিযুক্তি বাতিল কৰাৰ নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক: ৰায়বৰেলীৰ পৰাহে নিৰ্বাচন খেলিব ৰাহুল গান্ধীয়ে; আমেঠীত ভোটৰ আগতেই জয়ী যেন অনুভৱ স্মৃতি ইৰাণীৰ - LOK SABHA ELECTION 2024

Last Updated : May 3, 2024, 5:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.