ETV Bharat / politics

ৰায়বৰেলীৰ পৰাহে নিৰ্বাচন খেলিব ৰাহুল গান্ধীয়ে; আমেঠিত ভোটৰ আগতেই জয়ী যেন অনুভৱ স্মৃতি ইৰাণীৰ - LOK SABHA ELECTION 2024

author img

By ETV Bharat Assamese Team

Published : May 3, 2024, 4:04 PM IST

Updated : May 3, 2024, 6:04 PM IST

RAE BARELI LOK SABHA SEAT: ৱায়ানদ আৰু আমেঠি এৰি এইবাৰ ৰায়বৰেলীৰ পৰা নিৰ্বাচন খেলিব ৰাহুল গান্ধীয়ে । ইতিমধ্যে দাখিল কৰিলে মনোনয়ন । আমেঠীৰ বিজেপি প্ৰাৰ্থী স্মৃতি ইৰাণীয়ে ক'লে পৰাজয়ৰ ভয়তে পলাইছে ৰাহুল ।

RAE BARELI LOK SABHA SEAT
LOK SABHA ELECTION 2024 (ETV Bharat)

নেশ্যনেল ডেস্ক, ৩ মে': সকলো ৰহস্য তথা উৎকণ্ঠাৰ অন্ত পেলাই ২ মে'ৰ গভীৰ নিশা কংগ্ৰেছ দলে ৰায়বৰেলী লোকসভাৰ আসনৰ পৰা ৰাহুল গান্ধীৰ নাম প্ৰাৰ্থী হিচাপে ঘোষণা কৰে । ভাৰতীয় জনতা পাৰ্টিৰ পৰা ইয়াত দীনেশ প্ৰতাপ সিঙক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হৈছে । আশা কৰা হৈছিল যে, গান্ধী পৰিয়ালৰ কোনো এজন প্ৰাৰ্থী কংগ্ৰেছ দলে প্ৰক্ষেপ কৰিব বা আন কোনোবা প্ৰাৰ্থীক সুযোগ দিব ।

এই আসনৰ ছবি স্পষ্ট হোৱাৰ পিছত শুকুৰবাৰে ৰায়বৰেলীৰ পৰা মনোনয়ন দাখিল কৰিবলৈ আহে কংগ্ৰেছ প্ৰাৰ্থী ৰাহুল গান্ধী । পুৰণি পৰম্পৰা অনুসৰণ কৰি তেওঁ প্ৰথমে এলিফেণ্ট পাৰ্কত অৱস্থিত কেন্দ্ৰীয় কাৰ্যালয়ত পূজা-অৰ্চনা কৰিব ৰাহুলে । পূজাৰ অন্তত ৰাহুল গান্ধীৰ কনভয় কেন্দ্ৰীয় কাৰ্যালয়ৰ পৰা এলিফেণ্ট পাৰ্ক, ডিগ্ৰী কলেজ ছেক্সন হৈ মনোনয়ন দাখিলৰ স্থানত উপস্থিত হয় । ৰাহুল গান্ধীৰ লগতে ছোনিয়া গান্ধী, প্ৰিয়ংকা গান্ধী, ৰবাৰ্ট ৱাদ্ৰা আৰু মল্লিকাৰ্জুন খৰ্গেও উপস্থিত থাকে ।

আনহাতে, বিজেপিৰ প্ৰাৰ্থী দীনেশ প্ৰতাপ সিঙে ১০ বজাত বিজেপিৰ পুৰণি কাৰ্যালয়ৰ ছুপাৰ মাৰ্কেটত উপস্থিত হয় । ছুপাৰ মাৰ্কেটৰ পৰা ওলাই আহি এলিফেণ্ট পাৰ্ক, জে জে প্লাজা, ডিগ্ৰী কলেজ ছেক্সন হৈ মনোনয়নস্থলীত উপস্থিত হয় বিজেপি নেতাৰ কনভয় । বিজেপিৰ প্ৰাৰ্থী দীনেশ প্ৰতাপ সিঙৰ লগতে উপস্থিত থাকে ৰাজ্যৰ উপ-মুখ্যমন্ত্ৰী ব্রিজেশ পাঠক । শুকুৰবাৰে মনোনয়ন দাখিলৰ অন্তিম দিনা দুয়োটা দলৰ প্রার্থীয়ে দাখিল কৰিছে মনোনয়ন ৷

কংগ্ৰেছৰ পৰা ৰাহুল গান্ধী আৰু বিজেপিৰ পৰা দীনেশ প্ৰতাপ সিঙৰ মনোনয়ন সন্দৰ্ভত ৰোড শ্ব’ৰ পৰিপ্ৰেক্ষিততো আৰক্ষী হাই এলাৰ্ট মুডত আছে । যান-জঁট সূচাৰুৰূপে নিয়ন্ত্ৰণ কৰিবলৈ পথ নিৰ্ধাৰণ কৰা হৈছে । চি অ’ চি টি অমিত সিঙে নিজৰ অধীনষ্ঠসকলক যান-বাহন চলাচল কৰিব পৰা পথৰ বিষয়ে অৱগত কৰে । নিয়ন্ত্ৰণ ব্যৱস্থাটো কোনো ধৰণে যাতে বিঘ্নিত নহয়, তাৰ বাবে আৰক্ষী সষ্টম হৈ আছে ।

ইফালে কংগ্ৰেছে আমেঠিৰ পৰা ৰাহুল গান্ধীৰ ঠাইত কিশোৰী লাল শৰ্মাক প্ৰক্ষেপ কৰাৰ সিদ্ধান্ত লোৱাৰ পিছত কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ প্ৰাৰ্থী স্মৃতি ইৰাণীয়ে কংগ্ৰেছৰ ওপৰত সৰৱ হৈ পৰিছে । ৰাহুল গান্ধীক লক্ষ্য কৰি স্মৃতি ইৰাণীয়ে কয় যে নিৰ্বাচনৰ পূৰ্বেই কংগ্ৰেছে আমেথিত নিজৰ পৰাজয় মানি লৈছে ।

স্মৃতি ইৰাণীয়ে কয় যে, আমেঠিৰ পৰা গান্ধী পৰিয়ালে মনোনয়ন দাখিল নকৰাটোৱে নির্বাচনৰ পূর্বেই পৰাজয় মানি লোৱাৰ ইংগিত দিয়ে ৷ গান্ধী পৰিয়ালে যদি সামান্যতম বিজয়ৰ সম্ভাৱনাও দেখিলেহেঁতেন তেন্তে ইয়াৰ পৰা ৰাহুল গান্ধী নিজেই নিৰ্বাচনত অৱতীৰ্ণ হ’লহেঁতেন ।

স্মৃতি ইৰাণীয়ে কয় যে যোৱা পাঁচ বছৰৰ ভিতৰত দুবছৰ কৰ’ণাত কটালে । বাকী তিনি বছৰত আমি যি উন্নয়ন কৰিছো, তাৰ পৰা আমেঠিবাসী উপকৃত হৈছে । ৱায়ানদৰ নিৰ্বাচনৰ পিছত গান্ধী পৰিয়ালে নতুন আসন বাছি ল’ব বুলি দেশৰ প্ৰধানমন্ত্ৰীয়ে ইতিমধ্যে কৈছিল, সেই কথাই সঁচা হ’ল ।

লগতে পঢ়ক: আমেঠি নহয়, ৰায়বৰেলীৰ পৰা এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিব ৰাহুল গান্ধীয়ে - Lok Sabha Election 2024

Last Updated : May 3, 2024, 6:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.