ETV Bharat / politics

আমেঠি নহয়, ৰায়বৰেলীৰ পৰা এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিব ৰাহুল গান্ধীয়ে - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 3, 2024, 10:12 AM IST

Lok Sabha Election 2024 : দেশৰ দুই চৰ্চিত সমষ্টি ৰায়বৰেলী আৰু আমেঠিৰ বাবে অৱশেষত কংগ্ৰেছে প্ৰাৰ্থী ঘোষণা কৰিলে । ৰায়বৰেলীৰ পৰা ৰাহুল গান্ধীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব । একেদৰে আমেঠিৰ পৰা কিশোৰী লাল শৰ্মাই নিৰ্বাচন খেলিব । দুয়োগৰাকীয়ে শুকুৰবাৰে মনোনয়ন দাখিল কৰিব ।

Lok Sabha Election 2024
ৰায়বৰেলীৰ পৰা ৰাহুলে কৰিব প্ৰতিদ্বন্দ্বিতা,আমেঠিৰ পৰা কে এল শৰ্মা (IANS)

নেশ্যনেল ডেস্ক, ৩ এপ্ৰিল : দীৰ্ঘদিনীয়া চৰ্চাৰ অন্তত কংগ্ৰেছ দলে ৰায়বৰেলী লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰিলে । ৰাহুল গান্ধীয়ে হ'ব কংগ্ৰেছৰ দুৰ্গ হিচাপে জনাজাত ৰায়বৰেলীৰ কংগ্ৰেছৰ প্ৰাৰ্থী । এই সমষ্টিৰে সাংসদ আছিল ৰাহুল গান্ধীৰ মাতৃ ছোনিয়া গান্ধী ।

একেদৰে গান্ধী পৰিয়ালৰ ঘনিষ্ঠ কিশোৰী লাল শৰ্মাই আমেঠি লোকসভা আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব । ৰাহুল আৰু শৰ্মাই শুকুৰবাৰে তেওঁলোকৰ মনোনয়ন পত্ৰ দাখিল কৰিব । অহা ২০ মে'ত পঞ্চম পৰ্যায়ত এই দুয়োখন আসনতে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ।

সূত্ৰৰ মতে ৰাহুল গান্ধী শুকুৰবাৰে পুৱা ১০:৩০ বজাত ফুৰসাতগঞ্জ বিমানবন্দৰত এখন বিশেষ বিমানেৰে উপস্থিত হ'ব আৰু দুপৰীয়া ১২:১৫ বজাত মনোনয়ন পত্ৰ দাখিল কৰিব ৷ কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধী, বৰ্তমানৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গে আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰাও মনোনয়ন দাখিলৰ সময়ত ৰায়বৰেলীত থাকিব বুলি সূত্ৰটোৱে জনাইছে । তাৰ পিছত তেওঁ পুনেলৈ ৰাওনা হ'ব ।

ৰাহুল গান্ধীৰ ৰায়বৰেলী আসনলৈ স্থানান্তৰিত হোৱাৰ সিদ্ধান্তই আমেঠিত এক তীব্ৰ প্ৰতিদ্বন্দ্বিতা প্ৰতিহত কৰিছে ৷ য'ত কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি সাংসদ স্মৃতি ইৰাণীয়ে দ্বিতীয়বাৰৰ বাবে অৱতীৰ্ণ হৈছে । ৰায়বৰেলীত ৰাহুল গান্ধীয়ে প্ৰাক্তন কংগ্ৰেছী তথা বৰ্তমানৰ বিজেপিৰ প্ৰাৰ্থী দিনেশ প্ৰতাপ সিঙৰ মুখামুখি হ'ব ।

ইফালে কংগ্ৰেছৰ পৰা কে এল শৰ্মাই আমেঠিৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব । যিখন আসনত ২০১৯ ৰ সাধাৰণ নিৰ্বাচনত ৰাহুল গান্ধীয়ে বিজেপি নেত্ৰী স্মৃতি ইৰাণীৰ হাতত পৰাজিত হৈছিল ।

উল্লেখ্য যে ২০১৯ ৰ নিৰ্বাচনলৈকে আমেঠি আৰু ৰায়বৰেলীক কংগ্ৰেছৰ দুৰ্গ হিচাপে গণ্য কৰা হৈছিল । ৰায়বৰেলী সমষ্টিটো ছোনিয়া গান্ধীৰ হাতত আছিল । অৱশ্যে তেওঁ এতিয়া ৰাজ্যসভাৰ সদস্য । দলটোৱে ১৯৫১ চনৰ পৰা তিনিটা লোকসভা নিৰ্বাচনৰ বাহিৰে আটাইকেইটাতে কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী হৈছে ।

ছোনিয়া গান্ধীৰ পূৰ্বে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে তিনিবাৰ ৰায়বৰেলীৰ পৰা বিজয়ী হৈছিল । সমষ্টিটোৰ পৰা ১৯৫২ আৰু ১৯৫৭ চনত দুবাৰকৈ ইন্দিৰা গান্ধীৰ স্বামী তথা কংগ্ৰেছ নেতা ফিৰোজ গান্ধী নিৰ্বাচিত হৈছিল । ৰাহুলে ২০০৪ চনৰ পৰা ২০১৯ চনলৈ লোকসভাত আমেঠিক প্ৰতিনিধিত্ব কৰিছিল । তেওঁৰ পিতৃ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীও ১৯৮১ চনৰ পৰা ১৯৯১ চনত মৃত্যুলৈকে নিম্ন সদনত আমেঠিৰ নিৰ্বাচিত সদস্য আছিল ।

দুয়োটা সমষ্টি গান্ধী-নেহৰু পৰিয়ালৰ পৰম্পৰাগত দুৰ্গ । সমাজবাদী পাৰ্টীৰ (এছপি) সৈতে আসন ভাগ-বটোৱাৰা চুক্তিৰ অংশ হিচাপে উত্তৰ প্ৰদেশৰ ১৭ খন লোকসভা আসনত প্ৰতিদ্বন্দ্বিতা কৰা কংগ্ৰেছে আমেঠি আৰু ৰায়বৰেলীক বাদ দি সকলো আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছিল ।

লগতে পঢ়ক :মোদীৰ বিৰুদ্ধে নিৰ্বাচন খেলিবলৈ প্ৰস্তুত এজন কৌতুক অভিনেতা, কোন তেওঁ? - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.