ETV Bharat / politics

২০২৪ ৰ লোকসভা নিৰ্বাচনত ৩৭০ খন আসন লাভৰ লক্ষ্য বিজেপিৰ

author img

By ETV Bharat Assamese Team

Published : Feb 11, 2024, 9:21 PM IST

Modi in Jhabua MP: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্যপ্ৰদেশৰ ঝাবুৱাত জনজাতীয় মহাসভা সম্বোধন কৰে । ২০২৪ চনৰ লোকসভা নিৰ্বাচনত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰধানমন্ত্ৰীৰ । জনজাতীয় লোকসকলক আকৰ্ষণ কৰাৰ চেষ্টা ।

Modi in Jhabua MP
বিজেপিৰ লক্ষ্য ৩৭০, প্ৰধানমন্ত্ৰীয়ে দিলে ইয়াক লাভ কৰাৰ সূত্ৰ

নেশ্যনেল ডেস্ক, ১১ ফেব্ৰুৱাৰী : সমাগত লোকসভা নিৰ্বাচন । তাৰ প্ৰাকক্ষণত বিজেপিয়ে দেশজুৰি বিশেষ তৎপৰতা গ্ৰহণ কৰিছে । জনজাতীয় ভোট বেংকৰ জৰিয়তে ৩৭০ খন আসন লাভ কৰি পুনৰ এবাৰ শাসনলৈ অহাৰ ৰণনীতি প্ৰস্তুত কৰিছে বিজেপিয়ে । কেৱল এয়াই নহয় দেওবাৰে প্ৰধানমন্ত্ৰীয়ে মধ্যপ্ৰদেশৰ ঝাবুৱাৰ জনজাতীয় অঞ্চল গোপালপুৰাত অনুষ্ঠিত জনজাতীয় মহাকুম্ভত জনতাক ৩৭০ খন আসন জয়ী হোৱাৰ সূত্ৰটো বাখ্যা কৰিছে ।

একে সময়তে তেওঁ ভোটাৰসকলক ২০২৪ চনত ৪০০ খন আসন অতিক্ৰম কৰাৰ বাবে সাজু থাকিবলৈও আহ্বান জনায় ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনজাতীয় অঞ্চলৰ উন্নয়নৰ বাবে ৭৫৫০ কোটি টকাৰ উন্নয়নমূলক আঁচনিও মুকলি কৰে ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৃতীয় কাৰ্যকালৰ বাবে বিজেপি আৰু এন ডি এয়ে এইবাৰ ৪০০ অতিক্ৰম কৰাৰ দাবীৰে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে । আনহাতে বিজেপিয়ে কমেও ৩৭০ খন আসন লাভৰ দাবী কৰিছে । যাৰ বাবে এতিয়া বিজেপিয়ে দেশৰ বিভিন্ন শ্ৰেণীক একত্ৰিত কৰাত গুৰুত্ব আৰোপ কৰিছে । তাৰ অংশ হিচাপে প্ৰধানমন্ত্ৰীগৰাকীয়ে মধ্যপ্ৰদেশৰ জনজাতীয় অঞ্চলত বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰে ।

সভাত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমবেত লোকসকলক ৩৭০ খন আসন অতিক্ৰম কৰাৰ সূত্ৰটোও ক'লে । মোদীয়ে কয় যে বিধানসভা নিৰ্বাচনত সৰ্বাধিক ভোট দান কৰা ভোটকেন্দ্ৰত ৩৭০ টা নতুন ভোট দান কৰিব লাগে আৰু এই ভোটকেন্দ্ৰত ৩৭০ গৰাকী নতুন ভোটাৰ যোগ দিব লাগে । ঝাবুৱাত জনজাতীয় অঞ্চলৰ এক বিশাল সমাৱেশক সম্বোধন কৰি মোদীয়ে কয় যে তেওঁ গুজৰাটত বাস কৰিও ঝাবুৱাৰ পৰম্পৰা ৰক্ষাৰ সুযোগ লাভ কৰিছে সেয়েহে তেওঁ ঝাবুৱাৰ উন্নয়নত কোনো ধৰণৰ ত্ৰুটি এৰা নাই ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে চৰকাৰে মধ্যপ্ৰদেশৰ বাবে সৰ্বাধিক উন্নয়নত গুৰুত্ব দিছে । আনহাতে ৰে'লপথৰ উন্নয়নৰ বাবে পূৰ্বৰ তুলনাত ২৪ শতাংশ অধিক ধন আৱণ্টন দিয়া হৈছে । বিধানসভা নিৰ্বাচনত ভোটাৰে যিদৰে বিজেপিক বিশ্বাস কৰিছিল একে বিশ্বাসেৰে বিজেপিয়ে লোকসভাত দিনে নিশাই কাম কৰিব বুলিও তেওঁ আশ্বাস দিয়ে । কংগ্ৰেছক সমালোচনা কৰি মোদীয়ে কয় যে কংগ্ৰেছে এতিয়ালৈকে জনজাতীয় লোকসকলক কেৱল ভোট বেংক হিচাপে গণ্য কৰিছিল । কংগ্ৰেছে লুণ্ঠন আৰু বিভাজনৰ নীতি গ্ৰহণ কৰিছিল । কিন্তু জনজাতীয় লোকসকলৰ মাজত বিকাশ এতিয়া দৃশ্যমান হৈছে ।

মধ্যপ্ৰদেশৰ উন্নয়নৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন প্ৰকল্পৰ কথাও উল্লেখ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । উল্লেখ্য যে লোকসভাৰ ২৯ খন আসনৰ ভিতৰত মধ্য প্ৰদেশৰ ৮ খন লোকসভা আসন এনেকুৱা য'ত স্বাধীনতাৰ পিচৰে পৰা জনজাতীয় ভোটাৰসকলে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰি আহিছে । তদুপৰি, বিজেপিতকৈ এই ভোটাৰসকলৰ মাজত কংগ্ৰেছৰ শিপা গভীৰ । সেয়েহে বিজেপিয়ে বিশেষকৈ প্ৰধানমন্ত্ৰীয়ে কেৱল চহৰাঞ্চলতে নহয়, কংগ্ৰেছৰ ভোট বেংক বুলি গণ্য কৰা অঞ্চলবোৰতো বিজেপিৰ গণ ভেটি বৃদ্ধি কৰিবলৈ চেষ্টা কৰি আছে ।

লগতে পঢ়ক :সংসদত পুনৰ কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত পবিত্ৰ মাৰ্ঘেৰিটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.