ETV Bharat / politics

সংসদত পুনৰ কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত পবিত্ৰ মাৰ্ঘেৰিটা

author img

By ETV Bharat Assamese Team

Published : Feb 10, 2024, 10:39 PM IST

MP Pabitra Margherita : কংগ্ৰেছৰ পূৰ্বৰ ব্যৰ্থতাৰ প্ৰসংগ সদনত উত্থাপন পবিত্ৰ মাৰ্ঘেৰিটাৰ ৷ পুনৰবাৰ কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে অসমৰ সাংসদগৰাকী । নিজৰ ভাষণত দুবাৰকৈ মাৰ্ঘেৰিটাৰ ভাষণ প্ৰসংগ উল্লেখ কৰিলে নিৰ্মলা সীতাৰমনেও ৷

MP Pabitra Margherita
কংগ্ৰেছক সমালোচনা পবিত্ৰ মাৰ্ঘেৰিটাৰ

কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক পবিত্ৰ মাৰ্ঘেৰিটা


গুৱাহাটী, 10 ফেব্ৰুৱাৰী : লোকসভাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা চৰকাৰৰ অৰ্থনৈতিক শ্বেতপত্ৰৰ সমৰ্থনত আজি ৰাজ্যসভাত ভাষণ প্ৰদান কৰে অসমৰ ৰাজ্যসভাৰ বিজেপিৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই ৷ নিজৰ ভাষণত মোদী চৰকাৰক উচ্চ প্ৰশংসা কৰাৰ সমান্তৰালভাৱে পুনৰবাৰ কংগ্ৰেছৰ প্ৰতি আক্ৰমণাত্মক হৈ পৰে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা ৷ তেওঁৰ ভাষণত কংগ্ৰেছৰ পূৰ্বৰ কৰ্মক সমালোচনা কৰি সাংসদগৰাকীয়ে কয় যে উত্তৰ পূৰ্বাঞ্চলৰ গুৰুত্বপূৰ্ণ অংগৰাজ্য নাগালেণ্ডত প্ৰথমটো ৰে'লৱে ষ্টেচন স্থাপন হৈছিল 1903 চনত আৰু ৰাজ্যখনে দ্বিতীয়টো ষ্টেচন লাভ কৰিবলৈ এটা শতিকা অপেক্ষা কৰিবলগীয়া হৈছিল ৷ 2022 চনত প্ৰধানমন্ত্ৰী মোদীৰ সদিচ্ছাত নাগালেণ্ডত দ্বিতীয়টো ৰে'লৱে ষ্টেচন ৰাইজৰ সেৱাৰ বাবে মুকলি কৰা হয় ৷

মোদী চৰকাৰৰ দুটাকৈ কাৰ্যকালৰ সফলতাক উচ্চ প্ৰশংসাৰে উপচাই সাংসদগৰাকীয়ে পুনৰ কয় যে অসমৰ দীৰ্ঘতম পথ আৰু ৰে’লপথ সংযোগী বগীবিল দলঙৰ আধাৰশিলা 1997 চনত তদানীন্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱেগৌড়াই স্থাপন কৰিছিল ৷ এই দলংখনৰ নিৰ্মাণকাৰ্য আৰম্ভ হৈছিল 2002 চনত, তেতিয়াৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ শাসনকালত ৷ সাংসদ মাৰ্ঘেৰিটাই উল্লেখ কৰে যে এই দলঙখনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠিছিল অভিলেখসংখ্যক 21 বছৰ পিছত, অৰ্থাৎ নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰি বগীবিল দলঙৰ নিৰ্মাণকাৰ্যত গুৰুত্ব আৰু অগ্ৰাধিকাৰ প্ৰদান কৰাৰ পিছতহে এয়া সম্ভৱ হৈ উঠিল ৷

  • " class="align-text-top noRightClick twitterSection" data="">

নিজৰ ভাষণ প্ৰসংগত সাংসদগৰাকীয়ে কয় যে বগীবিল দলঙৰ বাবে যিদৰে অসমবাসীয়ে দেৱেগৌড়া আৰু বাজপেয়ীক সদায় মনত ৰাখিব, ঠিক সেইদৰে 1962 চনত চীনা আগ্ৰাসনৰ সময়ত অসমক প্ৰায় চীনৰ হাতত সমৰ্পণ কৰা প্ৰধানমন্ত্ৰী নেহৰুকো অসমবাসীয়ে মনত ৰাখিব ৷ একেদৰে নিজৰ অংগৰাজ্য মিজোৰামত বায়ু সেনাৰ দ্বাৰা নিজৰ নাগৰিকৰ ওপৰত বোমা নিক্ষেপ কৰা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীকো উত্তৰ পূৰ্বাঞ্চলে মনত ৰাখিব ৷ সাংসদ মাৰ্ঘেৰিটাই কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পুনৰ কয় যে অসমৰ পৰা দুই-তিনিবাৰকৈ সংসদলৈ নিৰ্বাচিত হৈ প্ৰধানমন্ত্ৰীৰ আসন শুৱনি কৰা ড৹ মনমোহন সিঙে নিজৰ সুদীৰ্ঘ কাৰ্যকালত মাত্ৰ 8/9 বাৰ অসম ভ্ৰমণ কৰিছিল ৷ তাৰ বিপৰীতে নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হৈ এতিয়ালৈ অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ 65 বাৰ ভ্ৰমণ কৰিছে ৷ এয়াই কংগ্ৰেছ আৰু বিজেপিৰ তফাৎ বুলি মন্তব্য কৰে সাংসদ মাৰ্ঘেৰিটাই ৷

নিজৰ ভাষণ প্ৰসংগত ৰাহুল গান্ধীকো সমালোচনাৰ লক্ষ্য কৰি লয় পবিত্ৰ মাৰ্ঘেৰিটাই ৷ তেওঁ কয় যে অসম তথা উত্তৰ পূৰ্বাঞ্চলে ৰাহুল গান্ধীকো মনত ৰাখিব, যিয়ে 2022 চনৰ ফেব্ৰুৱাৰীত কৰা এক টুইটত বিনাদ্বিধাই উল্লেখ কৰিছিল যে ভাৰত মানে কাশ্মীৰৰ পৰা কন্যাকুমাৰী, গুজৰাটৰ পৰা বেংগল; তেওঁৰ মানচিত্ৰত উত্তৰ পূৰ্বাঞ্চল নাথাকেই ৷ শেষত সাংসদগৰাকীয়ে কয় যে কংগ্ৰেছে সদায় উত্তৰ পূৰ্বাঞ্চলক নিৰ্বাচনী আসনৰ সংখ্যাৰে দৃষ্টি দি আহিছে, উন্নয়নৰ পৰিমাপেৰে বা জনতাৰ প্ৰতি থাকিবলগীয়া সন্মানেৰে নহয় ৷ কিন্তু প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত এতিয়া উত্তৰ-পূৰ্বাঞ্চল আধুনিক ভাৰতৰ 'বিকাশ ইঞ্জিন' হৈ উঠিছে আৰু সেইবাবেই উত্তৰ-পূৰ্বাঞ্চলৰ 25 খন লোকসভাৰ আসনৰ কেউখনেই এতিয়া নৰেন্দ্ৰ মোদীৰ পক্ষত বুলি উল্লেখ কৰে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই ৷ উল্লেখ্য যে আজি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰদান কৰা ভাষণত অসমৰ সাংসদগৰাকীৰ বক্তব্য সন্দৰ্ভত দুবাৰকৈ বিশেষভাৱে উল্লেখ কৰে ৷

লগতে পঢ়ক : নিৰ্বাচনৰ পূৰ্বে মহিলা ভোটাৰক আকৰ্ষিত কৰিবলৈ ৰাজ্য চৰকাৰৰ এটাৰ পিচত আন এটা চমক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.