ETV Bharat / politics

লোকসভা নিৰ্বাচনৰ বাবে বিৰোধীৰ কোনো ইছ্যু নাই: অতুল বৰা

author img

By ETV Bharat Assamese Team

Published : Mar 19, 2024, 7:22 PM IST

Updated : Mar 19, 2024, 8:14 PM IST

Atul Bora election prediction
লোকসভা নিৰ্বাচনৰ বাবে বিৰোধীৰ কোনো ইছ্যু নাই

Atul Bora election prediction: বিজেপি মিত্ৰজোঁটে অসমৰ আটাইকেইখন আসন লাভ কৰিব আৰু বিৰোধী ঐক্যমঞ্চ তচনছ হ'ব । আমবাৰীস্থিত অগপ দলৰ মুখ্য কাৰ্যালয়ত এই মন্তব্য কৰে দলৰ সভাপতি অতুল বৰাই ।

লোকসভা নিৰ্বাচনৰ বাবে বিৰোধীৰ কোনো ইছ্যু নাই

গুৱাহাটী,১৯ মাৰ্চ : লোকসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে অসমত ১৪ খন আসনে লাভ কৰিব । এই দাবী ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা অগপ দলৰ সভাপতি অতুল বৰাৰ । অতুল বৰাৰ মতে বিৰোধীৰ হাতত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ কোনো ইছ্যু নাই । অগপ নেতাগৰাকীৰ মতে এইবাৰ লোকসভা নিৰ্বাচনত বিৰোধী তচনছ হ'ব । মিত্ৰজোঁটৰ অংশীদাৰী দল অগপৰ নেতাগৰাকীৰ মতে লোকসভা নিৰ্বাচনত আটাইকেইখন আসনে বিজেপি মিত্ৰজোঁটে লাভ কৰিব ।

  • " class="align-text-top noRightClick twitterSection" data="">

তেওঁৰ মতে নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ পিচৰে পৰা উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ ধ্যান ধাৰণা সলনি হৈছে । তেওঁ দাবী কৰা মতে কংগ্ৰেছৰ শাসনকালত দিল্লীয়ে উত্তৰ-পূৰ্বাঞ্চলক মাহীআইৰ দৃষ্টিৰে চাইছিল । অতুল বৰাই দাবী কৰিছে যে বিৰোধীয়ে সপোনতো নেদেখা, ভাবিব নোৱাৰা কাম হৈছে বিজেপি চৰকাৰৰ দিনত । অসমৰ বিৰোধী ঐক্যমঞ্চক সমালোচনা কৰি অতুল বৰাই কয় যে অসমত ১৬ টা দল বিৰোধী ঐক্যমঞ্চত আছিল । কিন্তু এতিয়া ঐক্যমঞ্চত কেইটা দল আছে কোনেও নাজানে ।

বিজেপি, অগপসহ মিত্ৰজোঁটৰ দলবোৰে লোকসভা-বিধানসভা সমষ্টিবোৰত যৌথভাৱে নিৰ্বাচনী প্ৰচাৰ চলাব বুলি তেওঁ উল্লেখ কৰে । অতুল বৰা আশাবাদী যে ৰাইজ উন্নয়নৰ সৈতে থাকিব ৷ যাৰ পৰা একো নাপাই একো কৰিব নোৱাৰে সেইসকলৰ লগত ৰাইজ নাথাকে বুলি মন্তব্য কৰি তেওঁ বিৰোধী ঐক্যমঞ্চ থানবান হোৱাৰ দাবী কৰে । অগপৰ সভাপতিগৰাকীৰ মতে ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত কেইবাটাও বিধানসভা সমষ্টিত মিত্ৰজোঁটে জয় লাভ কৰিছে । বিৰোধীয়ে যি ভূমিকা ল'ব তাতেই বিজেপি মিত্ৰজোঁটৰ লাভ হ'ব বুলি তেওঁ উল্লেখ কৰে ।

ইফালে বৰপেটা সমষ্টিৰ চিপিআই(এম)ৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে অগপ দলৰ প্ৰাৰ্থী ফণীভুষণ চৌধুৰীক সমালোচনা কৰাক লৈও তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

লগতে পঢ়ক :বুদ্ধিজীৱীক দোষ দি টিকট নাপাই কংগ্ৰেছ ত্যাগ দ্বিজেন শৰ্মাৰ

Last Updated :Mar 19, 2024, 8:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.