ETV Bharat / politics

বিহাৰ বিধানসভাৰ অধ্যক্ষৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

author img

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 10:16 AM IST

Awadh Bihari Choudhary : বিহাৰত এন ডি এ চৰকাৰ গঠন হোৱাৰ পিচতে আৰজেডি নেতা তেজস্বী যাদৱে 'খেলা বাকী হ্যে' বুলি দাবী কৰিছে । তাৰ পিচত মুখ্যমন্ত্ৰী নীতিশ কুমাৰে এতিয়া বিহাৰ বিধানসভাৰ অধ্যক্ষ অৱধ বিহাৰী চৌধুৰীক অপসাৰণ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে । অধ্যক্ষৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ জাননী জাৰি ।

Awadh Bihari Choudhary
বিহাৰ বিধানসভাৰ অধ্যক্ষৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

নেশ্যনেল ডেস্ক,২৯ জানুৱাৰী : নীতিশ কুমাৰৰ নেতৃত্বত পুনৰ এবাৰ নতুন চৰকাৰ গঠন হোৱাৰ সময়তে বিহাৰ বিধানসভাৰ অধ্যক্ষ অৱধ বিহাৰী চৌধুৰীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ জাননী জাৰি কৰা হৈছে । বিজেপি বিধায়ক নন্দ কিশোৰ যাদৱে বিধানসভা সচিবক অনাস্থা প্ৰস্তাৱৰ জাননী প্ৰদান কৰিছে । ইয়াৰ পিচত বিধানসভাৰ অধিবেশন আৰম্ভ হ'লে তেওঁক আঁতৰোৱাৰ প্ৰক্ৰিয়া চলিব ।

পাটনা চাহিবৰ ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক নন্দ কিশোৰ যাদৱে অৱধ বিহাৰী চৌধুৰীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ বাবে বিহাৰ বিধানসভাৰ সচিবক জাননী প্ৰদান কৰিছে । য'ত স্পষ্টকৈ কোৱা হৈছে যে নতুন চৰকাৰ শাসনলৈ অহাৰ পিচত, এই সদনৰ বৰ্তমানৰ অধ্যক্ষৰ ওপৰত কোনো বিশ্বাস নাই । প্ৰস্তাৱটোত জিতন ৰাম মাঁঝি, টাৰ্কিশোৰ প্ৰসাদ আৰু জেডি(ইউ)ৰ বিধায়ক বিনয় কুমাৰ চৌধুৰীয়েও স্বাক্ষৰ কৰিছে ।

যদি অধ্যক্ষ অৱধ বিহাৰী চৌধুৰীয়ে নিজে পদত্যাগ নকৰে, তেন্তে ভোটদানৰ জৰিয়তে তেওঁক পদৰ পৰা আতঁৰোৱাৰ প্ৰক্ৰিয়া চলিব । ২৪৩ জনীয়া বিধানসভাত এন ডি এৰ ১২৮ গৰাকী বিধায়ক আছে আৰু মহাজোঁটৰ ১১৪ গৰাকী বিধায়ক আছে । এআইএমআইএমৰ এজন বিধায়ক আছে । এনে পৰিস্থিতিত, যদি ক্ৰছ-ভোটিং নহয়, তেন্তে অধ্যক্ষই নিজৰ পদ এৰাটো নিশ্চিত, কিন্তু যদি তেওঁৰ সপক্ষে ভোট দিয়া হয়, তেন্তে এইটোও স্পষ্ট হ'ব যে নীতিশ চৰকাৰৰ সংখ্যাগৰিষ্ঠতা নাই ।

প্ৰকৃততে, অৱধ বিহাৰী চৌধুৰীয়ে আৰজেডিৰ টিকটত নিৰ্বাচনত জয়ী হৈছিল আৰু মহাজোঁট চৰকাৰ গঠনৰ পিচত আৰজেডি কোটাৰ পৰা অধ্যক্ষ হৈছিল । মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু এন ডি এয়ে অনুভৱ কৰে যে যদি তেওঁ এই পদত থাকে তেন্তে নতুন চৰকাৰৰ বাবে সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰাটো কঠিন হ'ব পাৰে । ইফালে আৰজেডিয়ে নিৰন্তৰ দাবী কৰি আছে যে জেডিইউ দলৰ মাজত বিভেদ আহিব আৰু খেল চলিব । এনে পৰিস্থিতিত, নীতিশ চৰকাৰে অৱধ বিহাৰী চৌধুৰীৰ স্থানত আন এজনক অধ্যক্ষ হিচাপে বিচাৰে ।

লগতে পঢ়ক :প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা নীতিশ কুমাৰক; নীতিশেও জনালে কৃতজ্ঞতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.