ETV Bharat / politics

প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা নীতিশ কুমাৰক; নীতিশেও জনালে কৃতজ্ঞতা

author img

By ETV Bharat Assamese Team

Published : Jan 28, 2024, 10:53 PM IST

Nitish Kumar Oath Ceremony : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনোৱাৰ বাবে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কৃতজ্ঞতা জ্ঞাপন কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাইজেই আৰু তেওঁলোকৰ সেৱা কৰাটোৱেই মূল উদ্দেশ্য ৷

Nitish Kumar Oath Ceremony
মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ কৰিলে নীতিশ কুমাৰে

নিউজ ডেস্ক, 28 জানুৱাৰী : বিহাৰত দেওবাৰে গঠন হ’ল এন ডি এ চৰকাৰ ৷ নৱমবাৰৰ বাবে মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ কৰে নীতিশ কুমাৰে ৷ ইয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জ্ঞাপন কৰে নীতিশ কুমাৰক ৷ ইফালে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে প্ৰধানমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন কৰে ৷ নীতিশ কুমাৰে ছ’চিয়েল মিডিয়াত ‘এক্স’ত (টুইটাৰ) পোষ্ট কৰি প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে "মই মোৰ হৈ আৰু বিহাৰৰ সকলো ৰাইজৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ অভিনন্দন আৰু শুভেচ্ছাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছো ৷ তেওঁৰ সহযোগিতাৰ বাবে মই তেওঁক আন্তৰিকতাৰে ধন্যবাদ জনাইছো ৷" মুখ্যমন্ত্ৰীয়ে লগতে কয় যে "ৰাইজেই ৰজা আৰু তেওঁলোকৰ সেৱা কৰাটোৱেই আমাৰ মৌলিক উদ্দেশ্য ৷"

  • बिहार में बनी एनडीए सरकार राज्य के विकास और यहां के लोगों की आकांक्षाओं को पूरा करने के लिए कोई कोर-कसर नहीं छोड़ेगी। @NitishKumar जी को मुख्यमंत्री और सम्राट चौधरी जी एवं विजय सिन्हा जी को उप मुख्यमंत्री पद की शपथ लेने पर मेरी बहुत-बहुत बधाई।

    मुझे विश्वास है कि यह टीम पूरे…

    — Narendra Modi (@narendramodi) January 28, 2024 " class="align-text-top noRightClick twitterSection" data=" ">

বিহাৰত এন ডি এ চৰকাৰ গঠন হোৱাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও নিজৰ ছ’চিয়েল মিডিয়া ‘এক্স’ত (টুইটাৰ) এটা পোষ্টৰ জৰিয়তে নীতিশ কুমাৰক অভিনন্দন জনায় ৷ প্ৰধানমন্ত্ৰীয়ে কয়, "ৰাজ্যৰ উন্নয়ন আৰু জনসাধাৰণৰ আকাংক্ষা পূৰণৰ বাবে এন ডি এ চৰকাৰে কোনো ত্ৰুটি নাৰাখিব ৷ প্ৰধানমন্ত্ৰীয়ে মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, উপ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী আৰু বিজয় সিনহাক অভিনন্দন জনাইছে ৷"

  • "न्याय के साथ विकास" के लिए समर्पित और संकल्पित नेता आदरणीय श्री नीतीश कुमार जी के नेतृत्व वाली एनडीए सरकार के गठन पर सभी को हार्दिक बधाई एवं शुभकामनाएं।

    बिहार सरकार के मंत्री के रूप में शपथ लेने वाले सभी माननीयों को हार्दिक बधाई। आशा और पूर्ण विश्वास है कि सभी मंत्रीगण आदरणीय… pic.twitter.com/a4scihGh7L

    — Rajiv Ranjan (Lalan) Singh (@LalanSingh_1) January 28, 2024 " class="align-text-top noRightClick twitterSection" data=" ">

জে ডি ইউৰ সাংসদ লালন সিঙেও নীতিশ কুমাৰ আৰু এন ডি এ চৰকাৰৰ মন্ত্ৰীসকলক অভিনন্দন জনায় ৷ তেওঁৰ ছ’চিয়েল মিডিয়া ‘এক্স’ত পোষ্ট কৰি লিখিছে, “ন্যায়ৰ সৈতে উন্নয়নৰ বাবে এজন নিষ্ঠাৱান আৰু দৃঢ় নেতা সন্মানীয় শ্ৰী নীতিশ কুমাৰৰ নেতৃত্বত এন ডি এ চৰকাৰ গঠন হোৱাৰ বাবে সকলোকে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ ৷”

  • मैं माननीय प्रधानमंत्री श्री नरेन्द्र मोदी जी को उनके द्वारा दी गई बधाई एवं शुभकामना के लिए अपनी ओर से और समस्त बिहारवासियों की ओर से आभार प्रकट करता हूं तथा उनके सहयोग के लिए हृदय से धन्यवाद देता हूं। बिहार में एन०डी०ए० गठबंधन के साथ नई सरकार का गठन हो चुका है। जनता मालिक है और…

    — Nitish Kumar (@NitishKumar) January 28, 2024 " class="align-text-top noRightClick twitterSection" data=" ">

দেওবাৰে পুৱা 11 বজাত নীতিশ কুমাৰে গ্ৰেণ্ড এলায়েন্সৰ পৰা বিচ্ছিন্ন হৈ মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰে ৷ ইয়াৰ লগে লগে এন ডি এৰ সৈতে সহযোগিতা পত্ৰ ৰাজ্যপালৰ হাতত তুলি দি সন্ধিয়া 5 বজাত বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে পুনৰ শপত গ্ৰহণ কৰে ৷ বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে নৱম বাৰৰ বাবে শপত গ্ৰহণ কৰে নীতিশ কুমাৰে ৷ ইয়াৰ উপৰিও সম্ৰাট চৌধুৰী আৰু বিজয় সিনহাক উপ-মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে ৷

লগতে পঢ়ক : ইণ্ডি এলায়েন্স সম্পূৰ্ণৰূপে ছিন্নভিন্ন হৈ পৰিছে: জে পি নাড্ডা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.