ETV Bharat / politics

তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ, ভোটাৰক কি আহ্বান জনালে কংগ্ৰেছে ? - Lok Sabha Election 2024

author img

By ANI

Published : May 7, 2024, 11:26 AM IST

3RD PHASE ELECTION : দেশৰ ৯৩ খন আসনত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । তাৰ প্ৰাকক্ষণত ৰাহুল গান্ধীয়ে সকলো ভোটাৰকে ওলাই আহি গণতন্ত্ৰ আৰু সংবিধান সুৰক্ষাৰ স্বাৰ্থত ভোটদান কৰিবলৈ আহ্বান জনায় ।

Lok Sabha Election 2024
তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ, ভোটাৰক কি আহ্বান জনালে কংগ্ৰেছে (ANI)

নেশ্যনেল ডেস্ক,৭ মে' : আজি লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ । দেশৰ ৯৩ খন আসনত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । তাৰ প্ৰাকক্ষণত ভোটাৰসকলক বিশেষ আহ্বান কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ । তেওঁৰ মতে ২০২৪ চনৰ লোকসভা নিৰ্বাচন 'সাধাৰণ নিৰ্বাচন নহয়'। সেয়ে মঙলবাৰে সকলো ভোটাৰকে ওলাই আহিবলৈ তেওঁ আহ্বান জনায় ।

এক্সৰ এটা পোষ্টত ৰাহুল গান্ধীয়ে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণত সকলোকে ওলাই আহি নিজৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ অনুৰোধ জনায় । তেওঁৰ মতে এয়া সাধাৰণ নিৰ্বাচন নহয়, ই দেশৰ গণতন্ত্ৰ আৰু সংবিধান সুৰক্ষিত কৰাৰ বাবে এক নিৰ্বাচন ।

ইয়াৰ পূৰ্বে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেও দেশবাসীক বৃহৎ সংখ্যাত আহি চলিত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত ভোট দিবলৈ আহ্বান জনায় আৰু ই ভি এমৰ বুটামটো টিপিলে ৰাইজক এই কথা মনত ৰাখিবলৈ কয় যে তেওঁলোকে কেৱল তেওঁলোকৰ ভৱিষ্যতই নহয়, ১৪০ কোটি সহভাৰতীয়ৰ সামূহিক ভৱিষ্যতৰ সিদ্ধান্ত লৈছে । এক্সৰ এক পোষ্টত খাৰ্গেয়ে কয় যে এতিয়া এটা সঠিক সিদ্ধান্তই এনে এখন ভাৰত সৃষ্টি কৰিব পাৰে, য'ত 'ন্যায়' শীৰ্ষত থাকিব ।

উল্লেখ্য যে মঙলবাৰে দেশৰ ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । তাৰ ভিতৰত অসমত ৪ খন আসনত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । একেদৰে বিহাৰত ৫ খন আসন, ছত্তীশগড়ত ৭ খন, দাদৰা আৰু নগৰ হাভেলি আৰু দমন আৰু দিউত ২ খন, গোৱাত ২ খন, গুজৰাটত ২৫ খন, কৰ্ণাটকত ১৪ খন, মহাৰাষ্ট্ৰত ১১ খন, মধ্য প্ৰদেশত ৮ খন, উত্তৰ প্ৰদেশত ১০ খন আৰু পশ্চিম বংগত ৪ খন আসনত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে ।

লগতে পঢ়ক : তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ : প্ৰধানমন্ত্ৰীয়ে সাব্যস্ত কৰিলে ভোটাধিকাৰ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.