ETV Bharat / politics

তিনি লাখ ভোটৰ ব্যৱধানত জয়ী হ'ব বুলি দাবী জয়ন্ত বসুমতাৰীৰ - Lok Sabha election 2024

author img

By ETV Bharat Assamese Team

Published : May 5, 2024, 4:52 PM IST

Kokrajhar Lok Sabha constituency:কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে অন্তিম দিনা নিৰ্বাচনী সভাত বিপিএফক সমালোচনা কৰি কয়," বিপিএফ দলৰ জয়ী হোৱাৰ অংক নাই । "

Kokrajhar Lok Sabha constituency
প্ৰাৰ্থী জয়ন্ত বসুমতাৰী (ETV BHARAT ASSAM)

চিৰাং, ৫ মে: আজি সামৰি পৰিল তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ । অহা ৭ মে'ত ৰাজ্য়ত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ । ইয়াৰ লগে লগে ভোটাৰ ৰাইজৰ মাজত আৰম্ভ হ'ল জয়-পৰাজয়ৰ হিচাপ । নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে চিৰাঙৰ বেংতল গেটৰ নিকটৱৰ্তী সুদেমপুৰীত প্ৰচাৰ চলায় ৷

অঞ্চলটোৰ ভালে সংখ্যক নাগৰিকে অংশ লোৱা সভাত চাপাগুৰী প্ৰাথমিক ইউ পি পি এলৰ সম্পাদক মনোজ কুমাৰ গয়াৰীয়ে পৰিচালনা কৰা এই সভাত প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে অহা সাত মে'ত তেওঁক ট্ৰেক্টৰৰ ছবিত ভোট দান কৰিবলৈ ৰাইজলৈ আহ্বান জনায় ৷ তেওঁ কোকৰাঝাৰ লোকসভা সমষ্টিত বিজয়ী হ'লে সমষ্টিটোৰ সকলো সমস্যাৰ সমাধান কৰিবলৈ চেষ্টা কৰিব বুলি কয় ৷

কোকৰাঝাৰ লোকসভা সমষ্টিত শান্তি প্ৰতিষ্ঠাৰ লগতে সকলো জাতি জনগোষ্ঠীৰ উন্নয়ন সাধন কৰিবলৈ হ'লে ৰাইজক মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে তেওঁক জয়ী কৰাব লাগিব বুলি কয় ৷ তেওঁ এই সভাত বিপিএফক তীব্ৰ সমালোচনা কৰি কয়," বিপিএফৰ এতিয়া গণভিত্তি নাই ।" মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে সাত মে'ত অনুষ্ঠিতব্য় নিৰ্বাচনত তিনি লাখ ভোটৰ ব্যৱধানত জয়ী হ'ব বুলি দাবী কৰি কয়," বিপিএফ দলৰ ভৰিৰ তলৰ মাটি নোহোৱা হৈছে ।"

তেওঁ পুনৰ কয়," বিপিএফ দলৰ জয়ী হোৱাৰ অংক নাই । পাৰিষদ আমাৰ,বিধায়ক আমাৰ অধিক । আমি ৰূপায়ন কৰা চৰকাৰী আঁচনি সমূহ দুৰ্নীতিমুক্তভাৱে হিতাধিকাৰীৰ হাতত পৰিছে । " এনে অৱস্থাত এনডিএৰ কোনো বিকল্প নাই বুলিও কয় প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে । নিৰ্বাচনী সভাত ইউ পি পি এলৰ মিডিয়া কোষৰ সম্পাদক হান্থিগিৰি নাৰ্জাৰী, সুদেমপুৰী গাঁৱৰ সভাপতি দমাসু ব্ৰহ্ম ব্ৰহ্মসহ কেইবাজনো বিশিষ্ট লোকে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:নলবাৰীত ৫১ টা ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা প'লিং-প্ৰিজাইডিং বিষয়া - Lok Sabha Election 2024

লগতে পঢ়ক:হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গুৱাহাটীত বিশাল বাইক ৰেলী - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.