ETV Bharat / politics

দিল্লীত নিৰ্বাচনী ভাৰপ্ৰাপ্তসকলৰ সৈতে জে পি নাড্ডাৰ গুৰুত্বপূৰ্ণ বৈঠক

author img

By ANI

Published : Feb 24, 2024, 4:52 PM IST

Lok Sabha Election 2024: লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই দলৰ নিৰ্বাচনী ভাৰপ্ৰাপ্ত বিষয়া আৰু সকলো ৰাজ্যৰ সহ-ভাৰপ্ৰাপ্ত বিষয়াৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে । বৈঠকত কেন্দ্ৰীয় আঁচনিৰ মূল্যাঙ্কন আৰু বুজ লোৱা হয় ।

Lok Sabha Election 2024
দিল্লীত নিৰ্বাচনী ভাৰপ্ৰাপ্তসকলৰ সৈতে জে পি নাড্ডাৰ গুৰুত্বপূৰ্ণ বৈঠক

নেশ্যনেল ডেস্ক,২৪ ফেব্ৰুৱাৰী : লোকসভা নিৰ্বাচনৰ পূৰ্বে শাসকীয় বিজেপিয়ে দেশজুৰি ব্যাপক নিৰ্বাচনী ৰণনীতি প্ৰস্তুত কৰিছে । তাৰ অংশ হিচাপে ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই এক গুৰুত্বপূৰ্ণ বৈঠকৰ আহ্বান কৰে । সূত্ৰৰ মতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে দলৰ নিৰ্বাচনী ভাৰপ্ৰাপ্ত বিষয়া আৰু সকলো ৰাজ্যৰ সহ-ভাৰপ্ৰাপ্ত বিষয়াৰ সৈতে এখন বৈঠকত মিলিত হয় । বৈঠকখন দিল্লীৰ দলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হৈছে ।

এই বৈঠকখনত নিৰ্বাচনী ভাৰপ্ৰাপ্তসকলৰ ভিতৰত বৈজয়ন্ত পাণ্ডা (উত্তৰ প্ৰদেশ), দুষ্মন্ত গৌতম (উত্তৰাখণ্ড), তৰুণ চুগ (জম্মু-কাশ্মীৰ), বিনোদ টাৱড়ে (বিহাৰ), আৰু বিপ্লৱ দেব (হাৰিয়ানা) আছে । সূত্ৰৰ মতে বৈঠকখনত বিজেপি পিচ পৰি থকা বা দুৰ্বল বুলি গণ্য কৰা আসনসমূহত দলৰ সম্ভাৱনা বৃদ্ধি কৰাৰ উপায়ৰ ওপৰত ব্যাপক আলোচনা কৰা হৈছে ।

ইফালে আগন্তুক লোকসভা নিৰ্বাচনত ৩৭০-তকৈ অধিক আসন লাভ কৰাৰ বাবে এক ব্যাপক পৰিকল্পনাও প্ৰস্তুত কৰা হ'ব । নিৰ্বাচনী ৰণনীতিৰ উপৰিও বৈঠকত নেতাসকলে সমাজৰ হিতাধিকাৰীসকলক লক্ষ্য কৰি লোৱাৰ বাবে চলি থকা কাৰ্যসূচী আৰু কেন্দ্ৰীয় আঁচনিসমূহৰ মূল্যাঙ্কন আৰু বুজ ল'ব ।

সূত্ৰৰ মতে চলিত এই বৈঠকত উপস্থিতসকলক তেওঁলোকৰ নিজ নিজ অঞ্চলত উন্নয়নমূলক পদক্ষেপৰ ওপৰত সময়মতে প্ৰতিবেদন প্ৰদান কৰাৰ দায়িত্ব দিয়া হৈছে । সাধাৰণ নিৰ্বাচনৰ পূৰ্বে দেশৰ প্ৰতিটো কোণলৈ যোৱাৰ প্ৰস্তুতি আৰু প্ৰচেষ্টাৰ অংশ হিচাপে বিজেপিয়ে 'GYAN'ৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে । যি সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পূৰ্বে উল্লেখ কৰিছিল ।

'GYAN'ৰ অৰ্থ হৈছে 'গৰীব' (দৰিদ্ৰ), যুৱ (যুৱ), অন্নদাতা (কৃষক) আৰু নাৰী (মহিলা) । যাক প্ৰধানমন্ত্ৰী মোদীয়ে পূৰ্বে দেশৰ একমাত্ৰ চাৰিটা অংশ হিচাপে চিনাক্ত কৰিছে । দলটোৱে আগন্তুক নিৰ্বাচনী যুঁজত ৪০০ আসন অতিক্ৰম কৰাৰ লক্ষ্য আগত ৰাখিছে ।

লগতে পঢ়ক :লোকসভা নিৰ্বাচন, ৫ খন ৰাজ্যত কংগ্ৰেছ আৰু আপৰ আসন বুজাবুজি সম্পন্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.