ETV Bharat / politics

লোকসভা নিৰ্বাচন, ৫ খন ৰাজ্যত কংগ্ৰেছ আৰু আপৰ আসন বুজাবুজি সম্পন্ন

author img

By ETV Bharat Assamese Team

Published : Feb 24, 2024, 2:52 PM IST

Congress AAP Seat sharing : সকলো বিতৰ্কৰ অৱসান । কংগ্ৰেছ আৰু আম আদমি পাৰ্টীয়ে দিল্লীকে ধৰি আন ৰাজ্যসমূহত আসনৰ ভাগ-বটোৱাৰা সম্পন্ন কৰিলে । দুয়োটা দলৰ নেতাই সংবাদমেলযোগে এই কথা ঘোষণা কৰে । দিল্লীৰ ৪ খন আসনত আপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ।

Congress AAP Seat sharing
কংগ্ৰেছ আৰু আপৰ আসন বুজাবুজি সম্পন্ন

নেশ্যনেল ডেস্ক,২৪ ফেব্ৰুৱাৰী : লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বিৰোধী মিত্ৰজোঁট 'ইণ্ডিয়া'ৰ আসন-ভাটোৱাৰাক লৈ বিভিন্ন বিতৰ্ক অব্যাহত আছে । তাৰ মাজতে মিত্ৰজোঁটৰ অংশ আম আদমি পাৰ্টী আৰু কংগ্ৰেছৰ মাজত আসন ভাগ-বটোৱাৰাৰ ছবিখন প্ৰায় স্পষ্ট হৈছে । দিল্লীকে ধৰি আন ৰাজ্যসমূহত দুয়োটা দলৰ আসন ভাগ-বটোৱাৰাৰ সমস্যা সমাধান কৰিবলৈ সক্ষম হৈছে । দুয়োটা দলৰ নেতাই দিল্লীৰ সংবিধান ক্লাবত এক যুটীয়া সংবাদমেল অনুষ্ঠিত কৰি এই তথ্য প্ৰকাশ কৰিছে ।

সূত্ৰৰ খবৰৰ ভিত্তিত ইয়াৰ পূৰ্বে ইটিভি ভাৰতে বাতৰি প্ৰকাশ কৰিছিল আৰু সেয়াই কংগ্ৰেছ আৰু আম আদমি পাৰ্টীৰ নেতাসকলে সংবাদমেলত প্ৰকাশ কৰিছে । এই সন্দৰ্ভত জ্যেষ্ঠ কংগ্ৰেছ নেতা মুকুল ৱাছনিকে কয় যে দিল্লীত আম আদমি পাৰ্টীয়ে ৪ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব । নতুন দিল্লী, পশ্চিম দিল্লী, পূব দিল্লী আৰু দক্ষিণ দিল্লী আৰু কংগ্ৰেছে চান্দনী চক, উত্তৰ পশ্চিম আৰু উত্তৰ-পূব দিল্লী আসনত প্ৰতিদ্বন্দ্বিতা কৰিব ।

পাঞ্জাবত দুয়োটা দলে আটাইকেইখন আসন অৰ্থাৎ ১৩ খন আসনতে তেওঁলোকৰ প্ৰাৰ্থী প্ৰদান কৰিব আৰু পৃথকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লোৱা হৈছে । ইয়াৰ উপৰিও, আম আদমি পাৰ্টীয়ে গুজৰাট ভাৰুচ আৰু ভাৱনগৰৰ দুখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু কংগ্ৰেছে বাকী ২৪ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব । একেদৰে, হাৰিয়ানাত, কংগ্ৰেছে ৯ খন আসনত আৰু আম আদমি পাৰ্টীয়ে এখন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছে । আনহাতে, কংগ্ৰেছে চণ্ডিগড় লোকসভা আসনত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু কংগ্ৰেছে গোৱাৰ দুয়োখন আসনতে প্ৰতিদ্বন্দ্বিতা কৰিব ।

শেহতীয়াকৈ, আম আদমি পাৰ্টীৰ আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কৈছিল যে আম আদমি পাৰ্টীয়ে পাঞ্জাবৰ আটাইকেইখন আসনতে অকলে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু দিল্লীতো প্ৰস্তুতি সম্পূৰ্ণ হৈছে । যাক লৈ বিভিন্ন ধৰণৰ বিতৰ্কও হৈছিল । এই সকলো বিতৰ্কৰ অৱসান ঘটাই অৱশেষত আম আদমি পাৰ্টী আৰু কংগ্ৰেছৰ মাজৰ আসন ভাগ-বটোৱাৰাৰ সমস্যা সমাধানৰ কথা নিশ্চিত কৰিছে দুয়োটা দলে ।

উল্লেখ্য যে এইটো লোকসভা নিৰ্বাচন আম আদমি পাৰ্টীৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ । ৰাষ্ট্ৰীয় দল হোৱাৰ পিচত আম আদমি পাৰ্টীয়ে ৰাষ্ট্ৰীয় সম্প্ৰসাৰণৰ সম্ভাৱনা অন্বেষণ কৰি আছে । ইয়াৰ পূৰ্বে, ৫ খন ৰাজ্যত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত আম আদমি পাৰ্টীৰ প্ৰদৰ্শন উন্নত নাছিল । সেয়ে লোকসভা নিৰ্বাচনত পুনৰ প্ৰত্যাৱৰ্তন কৰাটো আপৰ বাবে এক প্ৰত্যাহ্বান হ'ব । দিল্লী, পাঞ্জাব, গুজৰাট আৰু হাৰিয়ানাত দলটোৰ অধিক সুযোগ আছে ।

লগতে পঢ়ক :লোকসভা নিৰ্বাচন: মাৰ্চৰ প্ৰথম সপ্তাহত প্ৰকাশ পাব কংগ্ৰেছৰ তালিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.