ETV Bharat / politics

হিমন্ত বিশ্ব শৰ্মাৰ কথাৰ দাম আছে নেকি ? প্ৰদ্যুৎ বৰদলৈৰ প্ৰশ্ন

author img

By ETV Bharat Assamese Team

Published : Mar 20, 2024, 5:37 PM IST

Updated : Mar 20, 2024, 5:49 PM IST

Pradyut Bordoloi
মৰিগাঁৱত সাংসদ প্ৰদ্যুত বৰদলৈ

Pradyut Bordoloi: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দলৰ মানুহলৈ ভয় কৰে বুলি কৈছে প্ৰদ্যুৎ বৰদলৈয়ে ৷ ড৹ শৰ্মাৰ বিৰুদ্ধে বৃহৎ দুনীৰ্তিৰ অভিযোগ উত্থাপন হওতে প্ৰদ্যুৎ বৰদলৈয়েহে সুৰক্ষাহে দিছিল বুলি জানিবলৈ দিয়ে সাংসদগৰাকীয়ে ৷

হিমন্ত বিশ্ব শৰ্মাৰ কথাৰ দাম আছে নেকি ? প্ৰদ্যুৎ বৰদলৈৰ প্ৰশ্ন

মৰিগাঁও, 20 মাৰ্চ: ‘‘মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কথাৰ দাম আছে নেকি ? তেওঁ আজি এটা কয় কালি এটা কয় । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দলৰ মানুহলৈ ভয় কৰে ।’’ এই মন্তব্য প্ৰদ্যুৎ বৰদলৈৰ ৷

‘‘ কংগ্ৰেছ দললৈ ভয় কৰে কাৰণেই হিমন্ত বিশ্ব শৰ্মাই যিকোনো প্ৰকাৰে প্ৰলোভন দি থাকে । তেওঁ একেনিশাই কট্টৰ বিজেপি হ'ল । তেওঁৰ বিৰুদ্ধে বৃহৎ দুনীৰ্তিৰ অভিযোগ উত্থাপন হোৱাৰ সময়ত মই সুৰক্ষাহে দিছিলোঁ ৷’’ বুধবাৰে মৰিগাঁৱত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এনেদৰে মন্তব্য কৰে ।

উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত মৰিগাঁও বিধানসভা সমষ্টিত চলিছে ব্যাপক তৎপৰতা । ইয়াৰ অংশৰূপে বুধবাৰে বৰ্তমানৰ কংগ্ৰেছী সাংসদ তথা ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু বিৰোধী ঐক্যৰ মনোনীত প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈক মৰিগাঁও জিলা কংগ্ৰেছ ভৱন দলীয় নেতা-কৰ্মীয়ে আদৰণি জনোৱাৰ লগতে মত বিনিময় কৰে ।

মৰিগাঁও জিলা কংগ্ৰেছৰ সভাপতি শ্ৰৱণ কুমাৰ ডেকাৰজাৰ পৌৰহিত্যত অনুষ্ঠিত দলীয় সভাখনত উপস্থিত থাকি দলৰ সকলো বিষয়-ববীয়াক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় লাহৰীঘাটৰ যুৱ বিধায়ক ডাঃ আচিফ মহম্মদ নাজাৰে । ইফালে দ্বিতীয়বাৰৰ বাবে নগাঁও সংসদীয় সমষ্টিৰ বাবে প্ৰাৰ্থিত্ব লাভ কৰা কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে সংবাদ মাধ্যমৰে হোৱা সাক্ষাৎকাৰত কয় যে আজি জিলাখনৰ মণ্ডল আৰু ব্লক কংগ্ৰেছৰ সভাপতিসকলকহে আমন্ত্ৰণ জনোৱা হৈছে । তেওঁলোকে ৰণকৌশল প্ৰস্তুত কৰিব ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কথাৰ কোনো স্থিৰতা নাই বুলি উল্লেখ কৰে প্ৰদ্যুৎ বৰদলৈয়ে ৷ তদুপৰি তেওঁ কয় যে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সংসদীয় সভাত স্বয়ং সৰ্বানন্দ সোণোৱালে দুনীতিৰ লিখিত অভিযোগ দাখিল কৰিছিল ।

লগতে পঢ়ক: উন্নয়ন স্থবিৰ: মৰিয়নী সমষ্টিত ভোট বৰ্জনৰ সিদ্ধান্ত

Last Updated :Mar 20, 2024, 5:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.