ETV Bharat / politics

4 জুনত কাৰ অংকত কি আউল লাগিব বুলি ক’লে সাংসদ গৌৰৱ গগৈয়ে - Lok sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 4, 2024, 9:34 AM IST

Dhubri Lok Sabha constituency : ধুবুৰী লোকসভা সমষ্টিৰ চেঙাত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ । সভাত বিজেপি তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ কংগ্ৰেছ সাংসদগৰাকী ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ কথাৰ গ্ৰহণযোগ্যতা লাহে লাহে কমি গৈছে বুলি মন্তব্য গৌৰৱ গগৈৰ ৷ ভোটাধিকাৰ আৰু সংবিধানৰ সুৰক্ষাৰ বাবে কংগ্ৰেছৰ সমৰ্থনত ভোট দিবলৈ ৰাইজলৈ আহ্বান গগৈৰ ৷

mp gaurav gogoi
4 জুনত কাৰ অংকত কি আউল লাগিব বুলি ক’লে সাংসদ গৌৰৱ গগৈয়ে (ETV Bharat Assam)

চেঙাত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ (ETV Bharat Assam)

বৰপেটা, 4 মে’ : ধুবুৰী লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰক্ষেপিত প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হৈ নিৰ্বাচনী প্ৰচাৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ । নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশ লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লোকসভা নিৰ্বাচনত বিজেপি দলে 13 খন আসন লাভ কৰিব বুলি কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া আগবঢ়ায় সাংসদ গগৈয়ে ৷

তেওঁ কয়, "বিজেপিয়ে অংক কৰি আছে কৰি থাকিবলৈ দিয়ক ৷ ৰাইজৰ আৱেগ আমি বুজি পাইছো ৷ আমি ৰাইজৰ দোৱা/আশীৰ্বাদ গ্ৰহণ কৰি থাকিম ৷ 4 জুনত যে তেওঁলোকৰ অংকত খেলিমেলি লাগিব সেয়া খাটাং ৷ তেতিয়া তেওঁলোকেই তেওঁলোকৰ অংকৰ স্পষ্টীকৰণ দিব লাগিব ৷ নিজৰ ভোটাধিকাৰ আৰু সংবিধানৰ সুৰক্ষাৰ বাবে ৰাইজ কংগ্ৰেছৰ সপক্ষে ভোট দিবলৈ ওলাই আহিছে ৷"

ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্বাচনী প্ৰচাৰ অভিযানক ক্ষুৰধাৰ সমালোচনা কৰি গগৈয়ে কয়, "হিমন্ত বিশ্ব শৰ্মাৰ কথাৰ গ্ৰহণযোগ্যতা লাহে লাহে কমি গৈছে ৷ এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ নাচ-গান চাবলৈহে সভালৈ মানুহ যায় । মুখ্যমন্ত্ৰীৰ সোঁহাতে-বাওঁহাতে থকা মন্ত্ৰীয়ে মাজুলীত নামঘৰে নামঘৰে গৈ ধন বিলাইছে ৷"

বিজেপি চৰকাৰৰ অহংকাৰক লৈ অসমৰ ৰাইজ যথেষ্ট ক্ষোভিত হৈ পৰিছে আৰু অসমীয়া ৰাইজে ভোটৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰ নোহোৱা কৰিব বুলি দাবী কৰি সাংসদ গৌৰৱ গগৈয়ে ধুবুৰীত ৰকিবুল হুছেইন আৰু বৰপেটাত দীপ বায়নক জয়ী কৰিবলৈ ৰাইজলৈ আহ্বান জনায় ৷

চলিত লোকসভা নিৰ্বাচন সন্দৰ্ভত গগৈয়ে কয়, "প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত কংগ্ৰেছ আৰু ইণ্ডি এলায়েঞ্চৰ স্থিতি মজবুত ৷ ইয়াৰ পূৰ্বে যিমানবোৰ নিৰ্বাচন হৈছে এই নিৰ্বাচন যথেষ্ট পৃথক ৷ এই নিৰ্বাচনৰ জৰিয়তে বিজেপিৰ উদ্দেশ্য সংবিধান সলনি কৰা ৷ কংগ্ৰেছ দল জিকিলেহে আমাৰ ভৱিষ্যত সুৰক্ষিত হ’ব ৷ বিজেপিৰ লগত যুঁজিবলৈ হ’লে প্ৰথমতে এ আই ইউ ডি এফক পৰাজিত কৰিব লাগিব ৷"

AIUDF দল সন্দৰ্ভত গগৈয়ে কয়, "এ আই ইউ ডি এফক মই বিজেপিৰ বি টীম বুলি ভাবিছিলো ৷ আচলতে এ আই ইউ ডি এফ বিজেপি দলেই ৷ বৰপেটাত এ আই ইউ ডি এফ এ অগপক সহায় কৰি আছে ৷ এ আই ইউ ডি এফ দলৰ বিধায়কসকলে এ আই ইউ ডি এফ কৰি নাথাকি চিধাচিধি বিজেপিত যোগদান কৰিব লাগে ৷ হিমন্ত বিশ্ব আৰু বদৰুদ্দিনৰ মাজত পাৰ্থক্য নাই ৷"

সমান্তৰালভাৱে বিধায়ক শ্বেৰমান আলী আহমেদে কংগ্ৰেছ দল তথা নেতাসকলক সমালোচনা কৰা সন্দৰ্ভতো প্ৰতিক্ৰিয়া আগবঢ়ায় সাংসদ গৌৰৱ গগৈয়ে কয়, "বিগত বিধানসভা নিৰ্বাচনবোৰত শ্বেৰমান আলী আহমেদক আটাইতকৈ বেছি সহায় মই কৰিছো ৷ শ্বেৰমানৰ হৈ প্ৰচাৰ চলাবলৈ মই কেবাবাৰো আহিছো ৷ যোৱা কেবাবছৰ ধৰি তেওঁ যিদৰে সমালোচনা কৰি আহিছে, আজি যদি বাঘবৰ বা মন্দিয়া সমষ্টিত উপ-নিৰ্বাচন হয় তেন্তে শ্বেৰমান আলীক পৰাজিত কৰি কংগ্ৰেছ দলৰ প্ৰাৰ্থীক জিকাবলৈ মই আহিম ৷"

  • " class="align-text-top noRightClick twitterSection" data="">

চেঙাৰ সংখ্যালঘু অধ্যুষিত কমলাবাৰী গাঁৱত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ উপস্থিত থকা প্ৰচাৰ সভাখনত কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক জাকিৰ হুছেইন সিকদাৰ, বিধায়ক আব্দুৰ ৰহিম আহমেদৰ লগতে দলীয় বহু কৰ্ম-কৰ্তা উপস্থিত থাকে ।

লগতে পঢ়ক: কি হ’ব গৌৰৱ গগৈৰ নিৰ্বাচনী ফলাফল- শুনক মন্ত্ৰী পীযুষ হাজৰীকাৰ মুখেৰে - Lok sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.