ETV Bharat / politics

কি হ’ব গৌৰৱ গগৈৰ নিৰ্বাচনী ফলাফল- শুনক মন্ত্ৰী পীযুষ হাজৰীকাৰ মুখেৰে - Lok sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 4, 2024, 7:29 AM IST

BARPETA LOK SABHA CONSTITUENCY : বিজেপি-অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ সমৰ্থনত বৰপেটাৰ হাউলীত মন্ত্ৰী পীযুষ হাজৰীকাৰ পদযাত্ৰা ৷ কংগ্ৰেছক চোকা সমালোচনা মন্ত্ৰী হাজৰীকাৰ ৷ কংগ্ৰেছ দলৰ লগতে গৌৰৱ গগৈৰ ফলাফল সন্দৰ্ভতো ভৱিষ্যৎ বাণী কৰিলে মন্ত্ৰী পীযুষ হাজৰীকাই ৷

Minister Pijush Hazarika holds road show in Howly of barpeta lok sabha constituency
বৰপেটাৰ হাউলীত মন্ত্ৰী পীযুষ হাজৰীকাৰ পদযাত্ৰা (ETV BHARAT ASSAM)

বৰপেটা, 4 মে’ : বৰপেটা লোকসভা সমষ্টিত বিজেপি-অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক জিকাবলৈ তৎপৰতাৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে বিজেপি-অগপ দলে ৷ শুকুৰবাৰে অসম গণ পৰিষদৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ সমৰ্থনত এক ৰোড শ্ব'ত অংশগ্ৰহণ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ৷ বৰপেটা জিলাৰ হাউলী সাহিত্য সভা ভৱনৰ সমীপৰ পৰা আৰম্ভ হোৱা এই ৰোড শ্ব'টোৱে সামৰি লয় হাউলীৰ সমগ্ৰ বজাৰ অঞ্চলক ।‌

প্ৰায় 2 হাজাৰ লোকে অংশগ্ৰহণ কৰা এই প্ৰচাৰ কাৰ্যসূচীৰ সময়ত মন্ত্ৰী হাজৰীকাই বিৰোধী তথা ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰি কয়, "বিৰোধী উৎফুল্লিত হোৱাৰ কোনো অৰ্থই নাই ৷ বিৰোধীয়ে সদায় আকাশত চাং পাতে ৷ আপোনালোকৰ হয়তো মনত আছে যোৱাবাৰ যেতিয়া বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল কংগ্ৰেছে সকলো প্ৰাৰ্থীক সোণাপুৰৰ দিচাং ৰিজ'ৰ্টলৈ মাতি লৈ গৈছিল ৷ মন্ত্ৰীসভা কেনেকৈ গঠন হ’ব, কোভিডৰ মহামাৰীৰ বিৰুদ্ধে তেওঁলোকে কেনেকৈ যুঁজ দিব, বিত্ত বিভাগ কেনেকৈ চলিব- এইবিলাক লৈয়ে আকাশত তেওঁলোকে চাং পাতিছিল ৷ ৰিজাল্ট কি ওলাল- আমি 79 টা ছীটত জিকিলো... ৷"

সমান্তৰালভাৱে শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা মধ্য প্ৰদেশ, কৰ্ণাটক আৰু ৰাজস্থানৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনা গুৱাহাটীৰ ৰাজীৱ ভৱনত বিজয় উৎসৱ উদযাপনৰ বাবে চলোৱা প্ৰস্তুতি সন্দৰ্ভতো দলটোক তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক কঠোৰ ভাষাৰে সমালোচনা কৰে অসম চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে ৷

বিজেপি-অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী কমেও তিনি লাখ ভোটৰ ব্যৱধানত জয়লাভ কৰিব বুলিও সংবাদ মাধ্যমৰ আগত দাবী কৰে হাজৰীকাই । কংগ্ৰেছ হাৰিবই বুলি উল্লেখ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয়, "কংগ্ৰেছ দলৰ অৱস্থা অত্যন্ত বেয়া ৷ কংগ্ৰেছ দলৰ আসনৰ সংখ্যা শূন্যও হ’ব পাৰে ৷ গৌৰৱ গগৈ নিজেই 2 লাখ ভোটৰ ব্যৱধানত ইতিমধ্যে হাৰিছেই ৷ বৰপেটা আসনত আমি জিকিমেই জিকিম ৷ আমি 12 টা সমষ্টিত জয়লাভ কৰাটো খাতাং ৷"

অসম কংগ্ৰেছৰ লগতে দলটোৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা ৰাহুল গান্ধীয়ে আমেথি এৰি এইবাৰ ৰায়বেৰেলীৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা সন্দৰ্ভতো গান্ধীক সমালোচনা কৰি ইয়ে দলটোৰ দুৰ্বলতাকে উদঙাই দিছে বুলি মন্ত্ৰী পীযুষ হাজৰীকাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

লগতে পঢ়ক: আমাৰ প্ৰতিদ্বন্দ্বিতা বিজেপিৰ লগতেই হ'ব :মনোৰঞ্জন তালুকদাৰ - Lok Sabha election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.