ETV Bharat / politics

বিজেপি-ইউপিপিএল এৰি বিপিএফত যোগদান শতাধিক কৰ্মীৰ

author img

By ETV Bharat Assamese Team

Published : Feb 21, 2024, 11:37 AM IST

More than 400 UPPL BJP workers join BPF in Baksa
বিজেপি-ইউপিপিএল এৰি বিপিএফত যোগদান শতাধিক কৰ্মীৰ

BPF joining programme : বাক্সা জিলাৰ হটাপাৰাস্থিত বি পি এফৰ কাৰ্যালয়ত বি পি এফ দলৰ যোগদান কাৰ্যসূচী ৷ 'প্ৰমোদ বড়ো হাটাও, বিটিচি বাচাও' শ্লোগান দি বি পি এফ দলত যোগদান কৰে কেইবাশ ইউ পি পি এল আৰু বিজেপি দলৰ সদস্যই ৷ প্ৰমোদ বড়ো চৰকাৰ সম্পূৰ্ণৰূপে ফ্ল’প বুলি সমালোচনা বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী হাগ্রামা মহিলাৰীৰ ৷

বিজেপি-ইউপিপিএল এৰি বিপিএফত যোগদান শতাধিক কৰ্মীৰ

বৰপেটাৰোড, 21 ফেব্ৰুৱাৰী: লোকসভা নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে সিমানেই দল বাগৰাৰ ধুম উঠিছে ৰাজনৈতিক দলসমূহৰ নেতা-কৰ্মীৰ মাজত ৷ বাক্সা জিলাৰ হটাপাৰাস্থিত বি পি এফৰ কাৰ্যালয়ত মঙলবাৰে দলটোৰ মূৰব্বী তথা বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী হাগ্রামা মহিলাৰীৰ উপস্থিতিত প্ৰায় চাৰি শতাধিক লোকে আনুষ্ঠানিকভাৱে বি পি এফ দলত যোগদান কৰে । বি পি এফ দলত যোগদান কৰা লোকসকল ইউ পি পি এল আৰু বিজেপি দলৰ বুলি জানিবলৈ পৰা গৈছে ৷

যোগদান অনুষ্ঠানত বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে কয়, "প্ৰমোদ বড়ো চৰকাৰে কোনো ধৰণৰ উন্নয়নমূলক কাম কৰিব পৰা নাই ৷ সেয়ে ইউ পি পি এল আৰু বিজেপিৰ ওপৰত ক্ষুণ্ণ হৈ বি পি এফ দলত যোগদান কৰিছে । বিটিচিৰ বন এলেকাত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ লোকক বিপিএফৰ চৰকাৰে পূৰ্বেও মাটিৰ পট্টা দিছিল ৷ গতিকে বি পি এফ পুনৰ শাসনলৈ আহিলে মাটিৰ জৰীপ চলাই বন বিভাগৰ মাটিত বসবাস কৰা সকলো লোককে মাটিৰ পট্টা প্ৰদান কৰা হ’ব ৷"

প্ৰমোদ বড়ো চৰকাৰ সম্পূৰ্ণৰূপে ফ্ল’প হৈছে বুলি উল্লেখ কৰি চৰকাৰখনে কেৱল উৎসৱ আদি অনুষ্ঠান পালন কৰি চৰকাৰী ধনৰ শৰাধ কৰিছে বুলিও কয় মহিলাৰীয়ে । আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে বি পি এফ দলে মাৰ্চ মাহৰ প্ৰথম সপ্তাহত প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব বুলি উল্লেখ কৰি কোকৰাঝাৰ, দৰং-ওদালগুৰি দুয়োখন আসনতে বি পি এফ দলৰ প্ৰাৰ্থী জয়ী হ’ব বুলি দাবী কৰে । যোগদান কাৰ্যসূচীত দলটোৰ অন্যতম নেত্ৰী বেগম আখতাৰ আহমেদ, বি পি এফ নেতা কাষ্টম বসুমতাৰী, প্ৰাক্তন বিধায়ক থানেশ্বৰ ব্ৰহ্ম আদিকে কৰি বহু কেইজন কৰ্ম-কৰ্তা উপস্থিত থাকে ৷

লগতে পঢ়ক: চিৰাঙত হাত এৰি নাঙলত ধৰিলে জিলা সভাপতি-সম্পাদকে; বিপিএফত যোগদান ৫ শতাধিকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.