ETV Bharat / politics

মোক যিমানে গালি দিব আমি সিমানে বেছি ভোট পাম: মুখ্যমন্ত্ৰী - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 15, 2024, 10:04 PM IST

Lok Sabha Election 2024
ৰঙাপৰাত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী সভা

Lok Sabha Election 2024: ৰঙাপৰাত বিজেপিৰ বিশাল নিৰ্বাচনী সভা । কংগ্ৰেছক এখন পুৰণি নোটৰ লগত তুলনা মুখ্যমন্ত্ৰীৰ ৷ লোকসভাত মাত মাতি কলিয়াবৰলৈ কি আনিলে বুলিও গৌৰৱ গগৈক কটাক্ষ মুখ্যমন্ত্ৰীৰ ৷ ইফালে প্ৰধানমন্ত্ৰী মোদীয়ে মঙলবাৰে অসমত উপস্থিত হৈ কোনো ৰোড শ্ব’ত অংশ নলয় বুলি স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই ৷

ৰঙাপৰাত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী সভা

ৰঙাপৰা, ১৫ এপ্ৰিল: কংগ্ৰেছ এখন পুৰণা নোট ৷ কংগ্ৰেছৰ কথা না কোনোবাই শুনে না কংগ্ৰেছৰ কথা ক’লে কোনোবাই ভোট দিয়ে । শোণিতপুৰ জিলাৰ ৰঙাপৰাত আজি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্তৰ নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয়, মোক যিমানে গালি দিব আমি সিমানে বেছি ভোট পাম ৷ অসমৰ মানুহৰ হৃদয়ত আমি আছো ৷ ইফালে যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ তিনি লাখ ভোটত হাৰিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই । কলিয়াবৰত দহ বছৰ সাংসদ হৈ থকাৰ পাচতো কোনো উন্নয়নমূলক কাম কৰিব পৰা নাই । বিগত দহটা বছৰ সাংসদ হৈ কলিয়াবৰত এটা নামঘৰ বনাই পাইছে নেকি, কৰোবাত এখন কলেজ নিৰ্মাণ কৰিছে নেকি, বিশ্ববিদ্যালয় নিৰ্মাণ কৰিলে নেকি বুলি প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

এনেই নাম বা এটা ব্ৰেণ্ড লৈ থাকিলে নহ’ব বুলি নাম নোলোৱাকৈ প্ৰাক্তন প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কথা কয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । তেওঁ লগতে লোকসভাত মাত মাতি কলিয়াবৰলৈ কি আনিলে গৌৰৱ গগৈয়ে বুলি কটাক্ষ কৰে ৷ ইফালে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈক কটাক্ষ কৰি ছুইচ বেংকত কাৰ টকা আছে অখিল গগৈয়েহে জানিব মইতো নাজানো বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ।

ইফালে কাইলৈ অৰ্থাৎ মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমলৈ অহাৰ কথা জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই ৷ প্ৰধানমন্ত্ৰী মোদীয়ে নিশাটো গুৱাহাটীত কটাই ১৭ এপ্ৰিলত নলবাৰীত এখন জনসভা সম্বোধন কৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে ৷ অৱশ্যে প্ৰধানমন্ত্ৰীৰ আগমনক লৈ কোনো আনুষ্ঠানিক ৰোড শ্ব’ অনুষ্ঠিত নহয় বুলি স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়ক: ছেলফি তুলি, নৃত্য কৰি লামডিঙত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.