ETV Bharat / politics

১১,৬০০ কোটি টকাৰ প্ৰসংগ : সদনৰ পৰা নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদ

author img

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 5:15 PM IST

Sherman Ali Ahmed: বাজেট অধিৱেশনৰ দ্বিতীয় দিনা সদনৰ পৰা নিলম্বিত হ'ল বিধায়ক শ্বেৰমান আলী আহমেদ । মাৰ্শ্বাল লগাই সদনৰ পৰা নিলম্বন কৰা হয় বিধায়কগৰাকীক ।

Sherman Ali Ahmed
বিধায়ক শ্বেৰমান আলী আহমেদ
সদনৰ পৰা নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদ

গুৱাহাটী, ৬ ফেব্ৰুৱাৰী: অসম বিধান সভাৰ বাজেট অধিৱেশনৰ মঙলবাৰে দ্বিতীয় দিনা সদনৰ পৰা নিলম্বিত হ'ল বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদ । ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱৰ মাজতে শ্বেৰমান আলী আহমেদক মাৰ্শ্বাল লগাই সদনৰ পৰা নিলম্বন কৰা হয় ।

ইফালে মাৰ্শ্বালে বিধানসভাৰ পৰা উলিয়াই অনাৰ সময়ত আহত হোৱাৰ অভিযোগ উত্থাপন কৰিছে বাঘবৰ সমষ্টিৰ কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদে । মাশ্বেলে টানি-আজুৰি অনাৰ সময়ত তেওঁ আঙুলিত আঘাত পোৱা বুলি অভিযোগ কৰে । ঘটনাৰ পিচতেই বিজেপিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ বিধায়কগৰাকীয়ে ।

উল্লেখ্য যে সদনত ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱ চলি থকাৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ অসম ভ্ৰমণৰ সময়ত ১১ হাজাৰ ৬০০ কোটি টকাৰ প্ৰকল্পৰ শুভ উদ্বোধন আৰু শিলান্যাস কৰাৰ প্ৰসংগ উত্থাপন হৈছিল । এই বিষয়টো উত্থাপন হোৱাৰ লগে লগে বিধায়ক শ্বেৰমান আলী আহমেদে বিষয়টোৰ ওপৰত সদনৰ দৃষ্টি আকৰ্ষণ কৰাৰ প্ৰয়াস কৰে ।

তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমলৈ আহি যি ১১,৬০০ কোটি টকাৰ প্ৰকল্পৰ শিলান্যাস আৰু উদ্বোধন কৰিলে সেই সকলো টকা মোদী চাহাবে আমাক দিলে বুলি এক ধাৰণা দিবলৈ চেষ্টা কৰা হৈছে ।

প্ৰকৃততে সেয়া সত্য নহয় বুলি সজোৰে উত্থাপন কৰি তেওঁ সদনত কয় যে এই ১১,৬০০ কোটি টকাৰ আঢ়ৈ হাজাৰ কোটি টকাহে কেন্দ্ৰীয় চৰকাৰে দিছে । বাকী সাত হাজাৰ কোটি টকা ৰাজ্য চৰকাৰৰ বুলি তেওঁ উল্লেখ কৰে । বিধানসভাৰ অধ্যক্ষৰ বাৰম্বাৰ বাধাৰ পিচতো তেওঁ নিজৰ কথাত অটল হৈ কয় যে ১১,৬০০ কোটি টকা মোদীয়ে আমাক দিয়া নাই ।

প্ৰধানমন্ত্ৰীৰ দ্বাৰা শিলান্যাস কৰোৱা হৈছে ঠিকেই কিন্তু এয়া আমাৰ পঞ্চদশ বিত্তীয় আয়োগৰহে ধন বুলি তেওঁ কয় । অধ্যক্ষই বহিবলৈ কোৱা পিচতো তেওঁ নিজৰ বক্তব্য দাঙি ধৰি আছিল । ইয়াৰ মাজতে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সদনৰ কামকাজ পৰিচালনাত বাধা প্ৰদান কৰাৰ বাবে তেওঁক দিনটোৰ বাবে নিলম্বন কৰে ।

অধ্যক্ষই বিধায়কগৰাকীক বাৰে বাৰে বহিবলৈ নিৰ্দেশ প্ৰদান কৰি তেওঁৰ ভাষণৰ সময়ত এইসমূহ বিষয় উত্থাপন কৰিবলৈ আহ্বান জনাইছিল যদিও তেওঁ থিয় হৈ নিজৰ কথা কৈ থাকিল । যাৰ পৰিপ্ৰেক্ষিতত তেওঁক মাৰ্শ্বাল লগাই সদনৰ পৰা নিলম্বন কৰা হয় ।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে প্ৰধানমন্ত্ৰীয়ে ১১,৬০০ কোটি টকা অসমক উপহাৰ দিয়া বুলি মিছাকৈ কোৱা হৈছে । সদনক বিপথে পৰিচালিত কৰিছে বিধায়ক ৰূপক শৰ্মাই । এই মিছাৰ বিৰুদ্ধে মাত মতাৰ বাবে মাৰ্শ্বাল লগাই শাৰীৰিকভাৱে অপদস্থ কৰা হ'ল বুলি তেওঁ অভিযোগ কৰে । গণতন্ত্ৰক হত্যা কৰা হৈছে বুলি অভিযোগ কৰি তেওঁ কংগ্ৰেছ দলকো সমালোচনা কৰে ।

তেওঁ কয় যে তেওঁ কথাখিনি কৈ থাকোতে সদনত নিৰ্লজ্জভাৱে শুই আছিল কংগ্ৰেছ । এই কংগ্ৰেছ দলৰ দ্বাৰা অসমৰ ৰাইজৰ একো লাভ নহয় বুলি সদৰী কৰি তেওঁ কয় যে ৰাজ্যত এতিয়া কংগ্ৰেছৰ ঠাইত এটা থাৰ্ড ফ্ৰ'ণ্টৰ প্ৰয়োজন হৈছে ।

লগতে পঢ়ক: বিজেপিৰ শাসনতে সৰ্বাধিক নাৰী নিৰ্যাতিত হৈছে : মীৰা বৰঠাকুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.