ETV Bharat / politics

বিজেপিৰ শাসনতে সৰ্বাধিক নাৰী নিৰ্যাতিত হৈছে : মীৰা বৰঠাকুৰ

author img

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 3:45 PM IST

Mira Borthakur
মীৰা বৰঠাকুৰ

Mira Borthakur: ভূপেন বৰাসহ কংগ্ৰেছ নেতাসকলৰ নেতৃত্বতহে মহিলাই অগ্ৰাধিকাৰ পাব ৷ বিজেপি চৰকাৰৰ দিনত নাৰী সুৰক্ষিত হোৱা নাই । এই মন্তব্য মীৰা বৰঠাকুৰৰ ৷

কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ সংবাদমেল

গুৱাহাটী, ৬ ফেব্ৰুৱাৰী: ‘‘বিজেপি চৰকাৰৰ দিনত নাৰী সুৰক্ষিত হোৱা নাই । বিজেপিৰ শাসনতে সৰ্বাধিক নাৰী নিৰ্যাতিত হৈছে ৷’’ এই মন্তব্য কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ ।

গুৱাহাটীৰ ৰাজীৱ ভৱনত মঙলবাৰে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে সংবাদমেল সম্বোধন কৰি কয় যে অৰ্ণমাই বৰা, জোনমণি ৰাভা, ইন্দ্ৰানী তহবিলদাৰ আদিয়ে আজিও ন্যায় লাভ নকৰিলে । বিৰোধীৰ হেঁচাত জোনমণি ৰাভাৰ গোচৰ CBI ক দিলে যদিও সুদুত্তৰ একো লাভ কৰা নাই বুলি মন্তব্য কৰে মীৰা বৰঠাকুৰে ।

কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কয় যে ইন্দ্ৰানী তহবিলদাৰ এগৰাকী ভদ্ৰ মহিলা আছিল, কিন্তু ইন্দ্ৰানী তহবিলদাৰ মৃত্যুৰ তদন্ত একো হোৱা নাই বুলি তেওঁ কয় । বিজেপি নেত্ৰী ইন্দ্ৰানী তহবিলদাৰ হত্যাকাণ্ড সন্দৰ্ভত কেইটামান পুঠি-খলিহনা ধৰিয়েই দায়িত্ব সামৰা বুলি অভিযোগ উত্থাপন কৰে মীৰা বৰঠাকুৰে ।

বিজেপি নেতৃত্বাধীন চৰকাৰক সমোলোচনা কৰি মীৰা বৰঠাকুৰে কয় যে আজি ৰান্ধনীয়ে ঘৰত চকুপানী টুকিবলগীয়া অৱস্থা হৈছে । মূল্যবৃদ্ধিয়ে জুৰুলা কৰাৰ ফলত নিজৰ সন্তানক পুষ্টিকৰ খাদ্য খুৱাবলৈ ভাবিব লগা হৈছে বুলি মন্তব্য কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ।

ইফালে এছ আই জোনমণি ৰাভাক ন্যায় প্ৰদানৰ দাবীত দিল্লীত প্ৰতিবাদৰ সন্দৰ্ভত কয় মীৰা বৰঠাকুৰে কয়, ‘‘বিজেপিয়ে আইন নামানে, আমি আইন ভংগ নকৰোঁ ।’’ নাগৰিকত্ব সংশোধনী আইন বলবৎ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ তৎপৰ হোৱা সন্দৰ্ভত তেওঁ কয় যে ‘কা’ সন্দৰ্ভত ন্যায়ালয়ত গোচৰ চলি আছে ৷ কিন্তু বিজেপিয়ে আইন ভংগ কৰিছে ৷ ‘‘আমি আইনক সন্মান জনাই, আইনৰ গণ্ডীত থাকি কাম কৰোঁ’’ বুলিও মন্তব্য কৰে মীৰা বৰঠাকুৰে ৷

লগতে পঢ়ক: ৬৯ বছৰত লোৱা ধাৰতকৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দুবছৰত লোৱা ধাৰৰ পৰিমাণ বেছি : অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.