ETV Bharat / politics

বিধান সভাত উত্থাপিত হ’ব মিঞা জনগোষ্ঠীৰ সন্দৰ্ভত বিধেয়ক !

author img

By ETV Bharat Assamese Team

Published : Feb 9, 2024, 9:37 PM IST

Updated : Feb 9, 2024, 10:01 PM IST

Sherman Ali Ahmed : হয়তো খুব সোনকালে বিধান সভাত উত্থাপিত হ’ব মিঞা সম্পৰ্কীয় বিধেয়ক ৷ এইক্ষেত্ৰত আলোচনা কৰি আছে বিধায়ক শ্বেৰমান আলীয়ে ৷ আহোম, মিচিং আদি জনগোষ্ঠীৰ দৰে মিঞাও অসমীয়াৰে এটা জনগোষ্ঠী বুলি উল্লেখ কৰে বিধায়কগৰাকীয়ে ৷

Sherman Ali Ahmed
বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদ

গুৱাহাটী, ৯ ফেব্ৰুৱাৰী : বিধান সভাৰ চলিত বাজেট অধিৱেশনৰ এক বিশেষ চৰ্চিত বিষয় হ’ল ‘মিঞা’ ৷ ‘মিঞা’ প্ৰসংগত কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীয়ে আজিও প্ৰকাশ কৰে প্ৰতিক্ৰিয়া ।

চলিত সদনতে মিঞা বিষয়ক বিল অনাৰ বাবে চৰকাৰক আহ্বান জনাব বোলে বিধায়ক শ্বেৰমান আলীয়ে । উল্লেখ্য যে ৰাজ্যপালৰ ধন্যবাদসূচক প্ৰস্তাৱৰ ভাষণত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে মিঞা প্ৰসংগ উত্থাপন কৰিছিল ।

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই লগতে কৈছিল যে মিশ্যন বসুন্ধৰা মিঞাসকলৰ বাবে নহয়, কেৱল খিলঞ্জীয়াৰ বাবেহে ৷ সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টভাৱে সদনত প্ৰকাশ কৰি বুজাই দিছিল ৷ আনকি মিঞাসকলে খিলঞ্জীয়া হ’বলৈ চেষ্টা নকৰাই ভাল বুলিও ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাৰন্তৰে বুজাই দিছিল । বিধান সভাৰ মজিয়াত আনকি ধেমালিৰ চলেৰে 'মিঞা’ প্ৰসংগৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শ্বেৰমান আলী আৰু মিঞা কবিতা লিখা এআইইউডিএফৰ বিধায়ককো উপলক্ষ্য কৰি লৈছিল ৷

ইয়াৰে পিচতে বিধান সভা চৌহদত বাঘবৰৰ বিধায়ক শ্বেৰমান আলীয়ে দাবী জনায় যে মিঞাসকলক বৃহত্তৰ অসমীয়া জাতিৰ এক জনগোষ্ঠী হিচাপে গণ্য কৰিব লাগে । ইয়াৰোপৰি তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে বিল অনাৰ কথা কৈছিল আৰু এইক্ষেত্ৰত তেওঁ মিঞা জনগোষ্ঠীৰ বিভিন্ন ব্যক্তিৰ সৈতে আলোচনা কৰি আছে ।

কংগ্ৰেছৰ বিধায়কে মিঞা বুলি ক’বলৈ নিবিচাৰে বুলিও মন্তব্য কৰে বাঘবৰৰ বিধায়কগৰাকীয়ে ৷ উল্লেখযোগ্য যে বিভিন্ন সময়ত শ্বেৰমান আলীয়ে মিঞা প্ৰসংগত বিতৰ্ক আৰু চৰ্চাৰ শিৰোনাম দখল কৰি আহিছে । কেতিয়াবা যদি শংকৰদেৱ কলাক্ষেত্ৰত মিঞা মিউজিয়াম স্থাপনৰ দাবী কৰি বিতৰ্কৰ সূত্ৰপাত ঘটাইছে, আন কেতিয়াবা আকৌ লুঙী পিন্ধি চৰ্চাৰ শিৰোনামলৈ আহিছে শ্বেৰমান আলী ৷

লগতে পঢ়ক: অসমত যুগ যুগ ধৰি বসবাস কৰি থকা সকলেই খিলঞ্জীয়া : মুখ্যমন্ত্রী

Last Updated : Feb 9, 2024, 10:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.