ETV Bharat / politics

প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানলৈ কিমানখন বাছ ? বাছৰ ওপৰত উঠি গণনা কৰিলে ৰূপজ্যোতি কুৰ্মীয়ে

author img

By ETV Bharat Assamese Team

Published : Mar 8, 2024, 9:03 PM IST

PM Modi Jorhat Visit
যোৰহাটলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Narendra Modi Jorhat Visit: প্ৰধানমন্ত্ৰী যোৰহাটালৈ আহিব 9 মাৰ্চত ৷ সেই উপলক্ষে 300ৰো বাছ অনা হৈছে যোৰহাটলৈ ৷ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সেই বাছসমূহৰ ওপৰত উঠি এখন এখনকৈ হিচাপ কৰা দেখা গ’ল শুকুৰবাৰে ৷

প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানলৈ কিমানখন বাছ?

যোৰহাট, 8 মাৰ্চ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ সাজু যোৰহাটবাসী ৷ ৯ মাৰ্চত মেলেং মেটেলিত অনুষ্ঠিত হ’বলগীয়া ৰাজহুৱা সভাক লৈ বিশেষ তৎপৰতা মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ । মৰিয়নী সমষ্টিৰ পৰা ১৫ হাজাৰৰো অধিক লোক প্ৰধানমন্ত্ৰী সভালৈ যোৱাৰ কথা অৱগত কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ।

  • " class="align-text-top noRightClick twitterSection" data="">

বিভিন্ন প্ৰান্তৰ পৰা মৰিয়নীস্থিত মহাদেৱ আগৰৱালা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰলৈ অনা হৈছে ৩০০ৰো অধিক বাছ । শুকুৰবাৰে মৰিয়নী বিদ্যালয় খেলপথাৰত বিধায়ক ৰূপজ্যোতি কুৰ্মী উপস্থিত হৈ নিজেই বাছৰ ওপৰত উঠি বাছ গণনা কৰি সঠিক সংখ্যা নিৰূপণ কৰাৰ লগতে পৰিস্থিতিৰ বুজ লয় ।

তাৎপৰ্যপূৰ্ণ যে প্ৰধানমন্ত্ৰী মোদীৰ যোৰহাট আগমনক লৈ যুদ্ধংদেহী তৎপৰতাত নামি পৰিছে যোৰহাট জিলা প্ৰশাসনৰ লগতে বিজেপি নেতা-কৰ্মীসকল । প্ৰধানমন্ত্ৰীৰ আগমনৰ বাবে ন-কইনাৰ ৰূপত সজাই তোলা হৈছে যোৰহাট নগৰ তথা ইয়াৰ কাষৰীয়া অঞ্চলসমূহ ।

উল্লেখ্য যে ইতিমধ্যে দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । 9 মাৰ্চৰ ১২.৫ বজাত যোৰহাটৰ হোলোঙোপাৰাস্থিত হেলিপেডত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ১২.১৫ বজাৰ পৰা ১.২৫ বজালৈ হোলোঙোপাৰাৰ লাচিত মৈদামত প্ৰধানমন্ত্ৰীয়ে ১২৫ ফুট দৈঘ্য ব্ৰঞ্জৰ প্ৰতিমূৰ্তি দেশবাসীয়ে উৰ্চগা কৰাৰ লগতে মৈদামৰ তৰ্পণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ।

হোলোঙোপাৰাৰ লাচিত মৈদামৰ পৰা ১২.৩০ বজাত পদপথৰে মেলেং মেটেলি ৰাজহুৱা সভালৈ যাব প্ৰধানমন্ত্ৰীগৰাকী আৰু ১২.৪০ বজাত মেলেং মেটেলি ৰাজহুৱা সভাত উপস্থিত হ’ব ৷ ১২.৪৫ বজাৰ পৰাৰ ১.২৫ বজালৈ উক্ত ৰাজহুৱা সভাৰ পৰাই অসম তথা দেশবাসীৰ বাবে কেইবাটাও প্ৰকল্প মুকলি, আঁচনিৰ আধাৰশিলা স্থাপনৰ লগতে উপস্থিত ৰাইজক সম্বোধন কৰি ভাষণ প্ৰদান কৰিব ।

মেলেং গায়ন গাঁৱৰ হেলিপেডৰ পৰা ১.৩০ বজাত ৰৰৈয়া বিমানবন্দৰলৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰীগৰাকী । ২ বজাত ৰৰৈয়া বিমান বন্দৰ পৰা বিশেষ বিমানযোগে নিজ গন্তব্য স্থানলৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰী মোদী ।

লগতে পঢ়ক: মোদীক সাক্ষাতৰ বাবে অটো চলাই কাজিৰঙাত উপস্থিত আমেৰিকান পিতা-পুত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.