ETV Bharat / politics

ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ বাবেই ৰাহুল গান্ধীৰ প্ৰৱেশত বাধা দিছিল থান পৰিচালনা সমিতিয়ে: ৰূপক শৰ্মা

Nagaon news: ৰাহুল গান্ধীৰ বটদ্ৰৱা থানত বাধা সন্দৰ্ভত মন্তব্য কৰিছে বিধায়ক ৰূপক শৰ্মাই । ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ বাবে গুৰুজনাৰ জন্মস্থানতো কাৰ্যসূচী লোৱাৰ বাবেই বাধা দিয়া হৈছিল ৰাহুল গান্ধীক ।

MLA Rupak sarma in Nagaon
ভাৰত জোড়ো ন্যায় যাত্ৰা
author img

By ETV Bharat Assamese Team

Published : January 24, 2024 at 7:46 PM IST

2 Min Read
Choose ETV Bharat
ভাৰত জোড়ো ন্যায় যাত্ৰা

নগাঁও, ২৪ জানুৱাৰী : সোমবাৰে অযোধ্যাত প্ৰতিষ্ঠা কৰা হৈছে বহু প্রত্যাশিত ৰাম মন্দিৰ । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ দিনা অৰ্থাৎ সোমবাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মভূমি বটদ্ৰৱা থানলৈ যোৱাৰ কাৰ্যসূচী হাতত লৈছিল ৰাহুল গান্ধী নেতৃত্বাধীন কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই। পুৱাই নগাঁৱৰ ৰূপহীহাটৰ পৰা ৰাওনা হোৱা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত বাধা প্ৰদান কৰে নগাঁও আৰক্ষীয়ে । ইয়াৰ পিচতেই সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ । ইয়াৰ মাজতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক ৰূপক শৰ্মাই ।

নগাঁও জিলা প্ৰশাসনলৈ বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে প্ৰেৰণ কৰা এক পত্ৰৰ ভিত্তিত এটা নিৰ্দিষ্ট সময়ৰ বাবে বটদ্ৰৱা থানত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ প্ৰৱেশত বাধা প্ৰদান কৰিছিল নগাঁও জিলা প্ৰশাসন তথা আৰক্ষীয়ে । বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক বাধা প্ৰদান কৰা বিষয়টোক লৈ সৰ্বত্ৰে আৰম্ভ হৈছিল নানা চর্চা । কিন্তু অৱশেষত এই বিষয়ে মন্তব্য প্ৰকাশ কৰিছে নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই । বুধবাৰে নগাঁৱত সংবাদ মাধ্যমক সম্বোধন কৰি বটদ্ৰৱা থানলৈ ৰাহুল গান্ধীক কিয় বাধা প্ৰদান কৰা হৈছিল এই সন্দৰ্ভত কাৰণ উল্লেখ কৰিছে বিধায়ক ৰূপক শৰ্মাই ।

সোমবাৰে ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ বাবে সমগ্ৰ দেশবাসীয়ে উৎসুকতাৰে বাট চাই আছিল বুলি উল্লেখ কৰি বিধায়ক ৰূপক শৰ্মাই কয় যে বটদ্ৰৱা থানতো প্ৰজেক্টৰৰ সহায়ত ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ কাৰ্য্যসূচী উপভোগ কৰাৰ ব্যৱস্থা কৰা হৈছিল । যাৰ প্ৰতি লক্ষ্য ৰাখিয়েই মাত্ৰ এক নিৰ্দিষ্ট সময়ৰ বাবেহে ৰাহুল গান্ধীক বটদ্ৰৱা থানত প্ৰৱেশত বাধা দিয়া হৈছিল । অৱশ্যে পৰৱৰ্তী সময়ত বটদ্ৰৱা থানত ৰাহুল গান্ধীৰ প্ৰৱেশত কোনো বাধা নাছিল বুলিও উল্লেখ কৰে বিধায়কগৰাকীয়ে ।

আনহাতে, ৰাহুল গান্ধী বটদ্ৰৱা থানলৈ যোৱা কাৰ্যসূচীৰ পূৰ্বে কোনো অনুমতি লোৱাৰ বিপৰীতে মাত্ৰ এদিন পূৰ্বে বটদ্ৰৱা থান পৰিচালনা সমিতিত আনুষ্ঠানিকভাৱে অৱগত কৰোৱা বুলিও উল্লেখ কৰে বিধায়ক ৰূপক শৰ্মাই ।

লগতে পঢ়ক:মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ৰাহুল গান্ধীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ, জনাই দিলে ডি জি পিয়ে