ETV Bharat / politics

অগপৰ জ্যেষ্ঠ বিধায়ক ফণীভূষণ চৌধুৰী চিকিৎসাধীন

author img

By ETV Bharat Assamese Team

Published : Feb 11, 2024, 3:43 PM IST

Phani Bhusan Choudhury: হঠাৎ অসুস্থ হৈ পৰিল বিধায়ক ফণীভূষণ চৌধুৰী ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন বিধায়কগৰাকী ৷ হাস্পতালত উপস্থিত হৈ বিধায়কগৰাকীৰ স্বাস্থ্যৰ বুজ ল’লে জুবিন গাৰ্গে ৷

Phani Bhusan Choudhury
ফণীভূষণ চৌধুৰী চিকিৎসাধীন

গুৱাহাটী, ১১ ফেব্ৰুৱাৰী: অগপৰ জ্যেষ্ঠ নেতা তথা বঙাইগাঁও সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰী অসুস্থ ৷ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অগপৰ দ্বাদশ কেন্দ্ৰীয় অধিৱেশন চলি থকাৰ সময়তে শাৰীৰিক অসুস্থতাৰ বাবে চিকিৎসাধীন হৈ আছে দলটোৰ জ্যেষ্ঠ নেতাগৰাকী ।

উল্লেখ্য যে অসম গণ পৰিষদৰ দ্বাদশ কেন্দ্ৰীয় অধিৱেশনৰ পূৰ্বে শনিবাৰে নিশা অনুষ্ঠিত হয় দলটোৰ কাৰ্যনিৰ্বাহক সভা । দলৰ কাৰ্যনিৰ্বাহক সভাৰ দিনাই অৰ্থাৎ শনিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় জ্যেষ্ঠ বিধায়ক ফণীভূষণ চৌধুৰীক ।

জ্বৰত আক্ৰান্ত হোৱা ফণীভূষণ চৌধুৰী বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আই চি ইউত চিকিৎসাধীন হৈ আছে । চিকিৎসকে জনোৱা মতে পূৰ্বৰ তুলনাত তেওঁৰ স্বাস্থ্যৰ অৱস্থা কিছু উন্নত হৈছে । উল্লেখ্য যে ইয়াৰ পূৰ্বে 2019 চনতো তেওঁ হঠাৎ অসুস্থ হৈ পৰাত গুৱাহাটীৰ খানাপাৰাস্থিত হেলথ চিটি হস্পিতালত ভৰ্তি হৈছিল ।

১৯৮৫ চনৰ পৰা অসম বিধানসভাত একেৰাহে অষ্টমবাৰৰ বাবে বঙাইগাঁও সমষ্টিক প্ৰতিনিধিত্ব কৰি সুকীয়া অভিলেখ গঢ়া ফণীভূষণ চৌধুৰী ২০১৮ চনৰ পৰা ২০২১ চনলৈকে সৰ্বানন্দ সোণোৱালৰ মন্ত্ৰণালয়ত সৰ্বানন্দ সোণোৱালৰ দিনত অসম চৰকাৰৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা, পেঞ্চন আৰু ৰাজহুৱা অভিযোগ বিভাগৰ মন্ত্ৰী আছিল ।

সুদীৰ্ঘ সময় বিধানসভাৰ আসন দখল কৰি বঙাইগাঁওবাসীৰ হৃদয়ত জিলিকি থকা অগপৰ বিধায়কগৰাকীৰ অসুস্থতাৰ খবৰে সমষ্টিবাসীক উদ্বিগ্ন কৰি তুলিছে । সকলোৱে তেওঁৰ আশুআৰোগ্য কামনা কৰিছে । ইফালে জ্যেষ্ঠ বিধায়কগৰাকীৰ অসুস্থতাৰ খবৰ লাভ কৰাৰ পিচতে শনিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হৈ বিধায়কগৰাকীৰ স্বাস্থ্যৰ বুজ লয় জুবিন গাৰ্গে ।

লগতে পঢ়ক: অগপৰ ইতিহাসৰ পাত লুটিয়াই মঞ্চতে উচুপনি ফণীভূষণ চৌধুৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.