ETV Bharat / politics

সদনত বগা গাখীৰ কেনেকৈ ক'লা কৰিব পাৰি তাৰেই চিন্তা বিৰোধীৰ: পৰমানন্দ ৰাজবংশী

author img

By ETV Bharat Assamese Team

Published : Feb 9, 2024, 9:04 PM IST

Updated : Feb 9, 2024, 9:13 PM IST

mla Paramananda Rajbongshi
পৰমানন্দ ৰাজবংশী

MLA Paramananda Rajbongshi : ৰাজনীতিলৈ আহি বিচিত্ৰ অভিজ্ঞতা হ’ল বিধায়ক পৰমানন্দ ৰাজবংশীৰ । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক নতুন অসমৰ বিশ্বকৰ্মা আখ্যা ।

পৰমানন্দ ৰাজবংশীৰ ভাষ্য

গুৱাহাটী, ৯ ফেব্ৰুৱাৰী : ৰাজনীতিলৈ আহি বিচিত্ৰ অভিজ্ঞতাৰ সাক্ষী হ'ল অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বৰ্তমান ছিপাঝাৰ সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশী । শুকুৰবাৰে বিধানসভা চৌহদত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে ৰাজনীতিলৈ আহি কিছুমান অভূতপূৰ্ব দৃশ্য দেখিবলৈ পাইছে তেওঁ । বিৰোধিতা কৰিব লাগে বাবেই বিৰোধীয়ে বিৰোধিতা কৰে বুলি মন্তব্য তেওঁৰ । মুখ্যমন্ত্ৰীৰ তথ্যসমৃদ্ধ ভাষণৰ বিৰোধ কৰিব নোৱাৰে বুলিও উল্লেখ কৰে তেওঁ ।

  • " class="align-text-top noRightClick twitterSection" data="">

বিধানসভাত উত্থাপন হোৱা অসুবিধাসমূহৰ ১৫ শতাংশ নিষ্ঠা সহকাৰে বিৰোধী পক্ষই লয় বুলি তেওঁ সদৰী কৰে । বিধানসভাত নিজৰ অভিজ্ঞতাৰ কথা ব্যক্ত কৰি তেওঁ কয় যে বিধানসভাত বিৰোধীৰ এটাই মাত্ৰ চিন্তা যে কেনেকৈ বগা গাখীৰক ক'লা কৰিব পাৰি । সঁচা কথা ক'বলৈ বিৰোধীয়ে সংকোচ কৰে বুলি উল্লেখ কৰি তেওঁ কয় যে বিৰোধিতা কৰিব লাগে বাবেই বিৰোধীয়ে বিৰোধিতা কৰে ।

পৰমানন্দ ৰাজবংশীয়ে লগতে কয় যে সদনত বিৰোধিতা কৰাসকলেই মুখ্যমন্ত্ৰীৰ কক্ষত বহি থাকে । সদনত বিৰোধীয়ে প্ৰথমে চিঞৰ বাখৰ কৰি বিৰোধ কৰে যদিও মুখ্যমন্ত্ৰীয়ে তথ্য সহকাৰেভাৱে দিয়া ভাষণৰ সেইধৰণে বিৰোধিতা কৰিব নোৱাৰে বুলি তেওঁ কয় । অখিল গগৈৰ প্ৰসংগত তেওঁ কয় যে অখিল গগৈৰ ৰাজনৈতিক ভৱিষ্যৎ নাই । সদনত প্ৰশ্ন কৰি উত্তৰ শুনিবলৈ বহি নাথাকি বাহিৰত সংবাদ মাধ্যমত চিঞৰ বাখৰ কৰে অখিল গগৈয়ে । বিৰোধী নহ’লে গণতন্ত্ৰৰ প্ৰক্ৰিয়া শক্তিশালী নহয় বুলি সদৰী কৰি তেওঁ মুখ্যমন্ত্ৰীক প্ৰশংসাৰে উপচাই পেলায় । তেওঁ কয় যে, সংখ্যালঘু এলেকাতো নিৰ্বাচন খেলিলে মুখ্যমন্ত্ৰীয়ে অনায়াসে জয়ী হ'ব । তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নতুন অসমৰ বিশ্বকৰ্মা আখ্যা দিয়ে ।

লগতে পঢ়ক : বিধান সভা চৌহদত বাঘ বুলি জহামালে খুৱালে ভয়

Last Updated :Feb 9, 2024, 9:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.