ETV Bharat / politics

অৰুণোদয় আঁচনিৰ সুবিধা আদায়ৰ বাবেই বিজেপি দলক ভোট নিদিবলৈ আহ্বান বিধায়ক অখিল গগৈৰ - Lok sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 17, 2024, 2:35 PM IST

MLA Akhil Gogois press conference regarding First phase of voting in assam
অৰুণোদয় আঁচনিৰ সুবিধা আদায়ৰ বাবেই বিজেপি দলক ভোট নিদিবলৈ আহ্বান বিধায়ক অখিল গগৈৰ

Lok sabha Election 2024 : লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদান সন্দৰ্ভত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈৰ সংবাদমেল ৷ ডিব্ৰুগড় আৰু যোৰহাট লোকসভা সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থীক জয়যুক্ত কৰিবলৈ আহ্বান গগৈৰ ৷ বিজেপি চৰকাৰৰ জনবিৰোধী নীতিক কঠোৰ ভাষাৰে সমালোচনা ৰাইজৰ দলৰ বিধায়কগৰাকীৰ ৷

অৰুণোদয় আঁচনিৰ সুবিধা আদায়ৰ বাবেই বিজেপি দলক ভোট নিদিবলৈ আহ্বান বিধায়ক অখিল গগৈৰ

শিৱসাগৰ, 17 এপ্ৰিল: নিৰ্বাচনী প্ৰচাৰৰ যৱনিকা পৰাৰ দিনটোত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈয়ে এক সংবাদমেল যোগে ফেচিষ্ট বিজেপিক পৰাভূত কৰিবলৈ আহ্বান জনায় ৷ সংবাদ মাধ্যমৰ সমুখত বিজেপি দলক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে ডিব্ৰুগড় আৰু যোৰহাট লোকসভা সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী ক্ৰমে লুৰীণজ্যোতি গগৈ আৰু গৌৰৱ গগৈক জয়যুক্ত কৰাৰ আহ্বান জনায় বিধায়কগৰাকীয়ে ।

শিৱসাগৰ নগৰৰ নিজা বাসভৱনত আহ্বান কৰা সংবাদমেলখনত বিধায়ক গগৈয়ে ভাৰতীয় গণতন্ত্ৰ, ভাৰতৰ সংবিধান আৰু ভাৰতৰ জনতাৰ অধিকাৰ আৰু স্বাৰ্থ ৰক্ষাৰ বাবে বিজেপিৰ বিপৰীতে বিৰোধীক ভোটদান কৰিবলৈ আহ্বান জনায় ।ডিব্ৰুগড় সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে কেৱল নিজ স্বাৰ্থৰ বাবে ডিব্ৰুগড়ৰ ৰাইজক ব্যৱহাৰ কৰি আহিছে বুলি সমালোচনা কৰি গগৈয়ে কয়, "আগৰ নিৰ্বাচনত সোণোৱালৰ শ্ল’গান আছিল ’তুমি যদি হোৱা অসমীয়া তেন্তে সৰ্বানন্দক ভোট দিয়া‘ । কিন্তু এইবাৰ নিৰ্বাচনত এই শ্ল’গান সলনি হৈ হয়গৈ ‘তুমি যদি হোৱা বহিৰাগত তেন্তে সৰ্বানন্দক ভোট দিয়া’ হ'ল । ডিব্ৰুগড় সমষ্টিত এইবাৰ বিজেপি দলৰ ভৰষা কেৱল বহিৰাগত ।"

লুৰীণজ্যোতি গগৈক এশ শতাংশ খিলঞ্জীয়াই সমৰ্থন কৰা বুলি অখিল গগৈয়ে দাবী কৰাৰ লগতে সৰ্বানন্দক খিলঞ্জীয়া লোকে বৰ্জন কৰা বুলি দাবী কৰে । সেইদৰে যোৰহাট লোকসভা সমষ্টিৰ বৰ্তমানৰ সাংসদ তপন কুমাৰ গগৈৰ বিপৰীতে গগৈয়ে গৌৰৱ গগৈৰ দৰে সৱল কণ্ঠক ভোট দি দিল্লীলৈ পথিয়াবলৈ ৰাইজলৈ আহবান জনায় ।

সংবাদমেলখনত ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে বিজেপি চৰকাৰৰ আঁচনিৰ ৰাজনীতিক সমালোচনা কৰি পদুম ফুলে অৰুণোদয়ৰ সুবিধা দিব নোৱাৰে বুলি উল্লেখ কৰি আঁচনিৰ ধন লাভ কৰা মহিলাসকলক এইবাৰ বিজেপি দলৰ বিৰুদ্ধে ভোটদান কৰিবলৈ আহবান জনায় । ইয়াৰ লগতে বিজেপিৰ সভাৰ বিপৰীতে নিৰ্দিষ্ট প্ৰ-পত্ৰ পূৰণৰ দ্বাৰাও 10000 টকা মহিলাসকলে লাভ কৰিব পাৰিব বুলি কয় গগৈয়ে ৷

লগতে পঢ়ক: সাধাৰণ জনতাক পণবন্দী কৰি মহানগৰীত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ৰোড শ্ব' - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.