হিমন্ত বিশ্ব শৰ্মা অসমৰ আটাইতকৈ ভ্ৰষ্টাচাৰী ব্যক্তি : অখিল গগৈ - LOK SABHA ELECTION 2024
Nagaon Lok Sabha constituency: নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা বিধায়ক অখিল গগৈৰ । এ আই ইউ ডি এফকো কৰিলে সমালোচনা ।

Published : April 23, 2024 at 4:41 PM IST
ৰহা/বঢ়মপুৰ, ২৩ এপ্ৰিল: ২৬ এপ্ৰিলত অনুষ্ঠিত হ'ব লগা ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৯ নং নগাঁও লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি বিজেপিক ক্ষুৰধাৰ সমালোচনা বিধায়ক অখিল গগৈৰ । সোমবাৰে নিশা বিধায়কগৰাকীয়ে নগাঁও লোকসভা সমষ্টিৰ ৰহাৰ মাগুৰগাঁৱত বিজেপি চৰকাৰে অসমত অশান্তি সৃষ্টি কৰি সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পোৱা বুলি মন্তব্য় কৰে । তেওঁ ৰাইজৰ নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধি, উচ্ছেদ, এনকাউন্টাৰ, ধৰ্মীয় মেৰু বিভাজন আদিৰ বিষয়ত মন্তব্য় কৰি বিজেপি চৰকাৰক সমালোচনা কৰে।
বিধায়কগৰাকীয়ে মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মা অসমৰ আটাইতকৈ ভ্ৰষ্টাচাৰী ব্যক্তি বুলি মন্তব্য কৰি আগন্তুত নিৰ্বাচনত নগাঁৱত বিজেপিক উৎখাত কৰিবলৈ ৰাইজক আহ্বান জনায় । তদুপৰি এই নিৰ্বাচন ১৯৪৭ ৰ পাচত প্ৰথম আৰু জটিল নিৰ্বাচন বুলি মন্তব্য কৰি তেওঁ বিজেপি চৰকাৰে এইবাৰ ৪০০ খন আসন লাভ কৰিলে ভাৰতৰ সংবিধান সংশোধন কৰি হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰিব বুলি মন্তব্য কৰে । সংবিধান সংশোধন কৰিলে মুছলমান লোকসকলৰ বাবে যথেষ্ঠ অসুবিধাৰ সন্মুখীন হ'ব বুলি মন্তব্য় কৰি বিজেপিৰ এই ষড়যন্ত্ৰক ওফৰাই কংগ্ৰেছ দলক ভোট দিবলৈ আহ্বান জনায় ।
তেওঁ এ আই ইউ ডি এফক সমালোচনা কৰি বিজেপিৰ নিৰ্দেশ মতে কংগ্ৰেছ প্ৰাৰ্থীক হৰুৱাবলৈ নিৰ্বাচনত নামিছে বুলি মন্তব্য কৰি প্ৰদ্যুৎ বৰদলৈক ভোট দিবলৈ আহ্বান জনায় । তদুপৰি বিজেপি দলৰ প্ৰাৰ্থীগৰাকীৰ ভাষা আৰু শিক্ষাৰ দক্ষতা নাই বুলি মন্তব্য কৰি অখিল গগৈয়ে এসময়ত বন্দুক লোৱা আৰু ধন সংগ্ৰহ কৰা ব্যক্তিজনে কেতিয়াও বুকুত হাত থৈ দিল্লীত অসমৰ সমস্যাৰ কথা ক'ব নোৱাৰে বুলি মন্তব্য কৰে ।
এই সভাত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে "উজনি হিলাই থৈ এইবাৰ মধ্য অসম হিলাবলৈ আহিছোঁ" বুলি মন্তব্য কৰি বিজেপি আৰু এ আই ইউ ডি এফ দলক তীব্ৰ ভীষাৰে সমালেচনা কৰে । শংকৰ -আজানৰ দেশত থকা ভাতৃত্ববোধৰ চেনেহক সাম্প্ৰদায়িকতাৰ বিষ ঢালি অসম অশান্ত কৰাৰ অভিযোগেৰে মুখ্যমন্ত্ৰী আৰু বিজেপিক তীব্ৰ সমালোচনা কৰে অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে । ৰাইজে মিছলীয়া চৰকাৰক এইবাৰ ভোট নিদিয়ে বুলিও মন্তব্য় কৰে তেওঁ । সভাত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে নগাঁও লোকসভা সমষ্টিৰ লগতে অসমৰ জলন্ত সমস্যাবোৰ সঠিকভাৱে উত্থাপন কৰি সমাধানৰ বাবে সদায় বাধ্য থাকিম বুলি কয় ।
লগতে পঢ়ক:খিলঞ্জীয়া এলেকাত প্ৰচাৰ বন্ধ কৰিছে হিমন্ত-পীযুষে : অখিল গগৈ - Mla Akhil Gogoi Press Meet

