খিলঞ্জীয়া এলেকাত প্ৰচাৰ বন্ধ কৰিছে হিমন্ত-পীযুষে : অখিল গগৈ - Mla akhil gogoi press meet
Mla Akhil gogoi press meet: নগাঁৱত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পীযুষ হাজৰীকাৰ বিৰুদ্ধে সোচ্চাৰ বিধায়ক অখিল গগৈ । মন্ত্ৰী পীযুষ হাজৰীকাৰ বিৰুদ্ধে ধন বিলোৱাৰ অভিযোগ গগৈৰ ৷

Published : April 23, 2024 at 2:28 PM IST
নগাঁও, 23 এপ্ৰিল: ৰাজ্যত আৰম্ভ হৈছে লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযান ৷ ইয়াৰ লগে লগে পৰিলক্ষিত হৈছে শাসক-বিৰোধীৰ কথাৰ আক্ৰমণ-প্ৰত্যাক্ৰমণ ৷ মঙলবাৰৰ পুৱাই নগাঁৱত এখনি সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পীযুষ হাজৰীকা তথা ৰাইজৰ দলৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ ।
"মুছলমানৰ ভোট নালাগে, মুছলমান মহিলাক সন্তান জন্ম দিয়া মেচিন বুলি কোৱাৰ পাচত এতিয়া মুছলমান এলেকাত ভোট বিচাৰি ঘূৰি ফুৰিছে । মিঞা এলেকাত সভা-সমিতি কৰিছে । এতিয়া লাখ লাখ টকা খৰচ কৰি সভালৈ মানুহ আনিছে বিজেপিয়ে ৷ আনকি মিঞাৰ ভোট বিচাৰি বিজেপিৰ নেতা তথা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰীকাই অসমীয়া এলেকাত প্ৰচাৰ বন্ধ কৰি কেৱল মিঞা এলেকাত প্ৰচাৰ চলাইছে ৷’’ এনেদৰে হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰীকাক আক্ৰমণ কৰে বিধায়ক অখিল গগৈয়ে ।
ইয়াৰ লগতে নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ বিৰুদ্ধে সোচ্চাৰ হৈ গগৈয়ে কয়, "এটা সময়ত সুৰেশ বৰাৰ নাম কৈ ল'ৰা-ছোৱালীক ভয় খুৱাইছিল বহুতে । এতিয়া এইজন সুৰেশ বৰাক বিজেপিয়ে দিছে প্ৰাৰ্থিত্ব ।" মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰীকাৰ নিৰ্বাচনী প্ৰচাৰক সমালোচনা কৰি গগৈয়ে মুছলমানৰ ভোটৰ বাবে উদ্বাউল হৈ পৰা হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰীকাই এতিয়া মুছলমানৰ ভৰিত ধৰিবলৈহে বাকী আছে বুলিও কটাক্ষ কৰে অখিল গগৈয়ে ।
ইয়াৰ লগতে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে পীযুষ হাজৰীকাই 24 ঘণ্টাই পইটা বিলায় ফুৰা বুলি অভিযোগ তুলি হৈ যোৱা ভোটগ্ৰহণৰ খিলজ্ঞায়া লোকৰ ভোট বিৰোধী ঐক্য মঞ্চক প্ৰদান কৰা বুলি দাবী কৰে বিধায়ক গগৈয়ে ৷ গাদী হেৰুওৱাৰ ভয়ত বিতত হৈ পৰা বিজেপিয়ে যিকোনো পদক্ষেপ গ্ৰহণ কৰিব পাৰে বুলি উল্লেখ কৰে বিধায়ক গগৈয়ে ৷
উল্লেখ কৰা প্ৰয়োজন যে, নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ নগাঁৱত উপস্থিত হৈছে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ ৷
লগতে পঢ়ক: অসমত কয়লা ছিণ্ডিকেট আৰম্ভ কৰা মানুহজনেই হ'ল প্ৰদ্যুৎ বৰদলৈ: পীযুষ হাজৰীকা - Lok sabha Election 2024

