ETV Bharat / politics

অসমত কয়লা ছিণ্ডিকেট আৰম্ভ কৰা মানুহজনেই হ'ল প্ৰদ্যুৎ বৰদলৈ: পীযুষ হাজৰীকা - Lok sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 23, 2024, 12:13 PM IST

Updated : Apr 23, 2024, 1:27 PM IST

Pijush hazarika comments on Pradyut Bordoloi
কলিয়াবৰত মন্ত্ৰী পীযুষ হাজৰীকা

Pijush hazarika comments on Pradyut Bordoloi : গেৰুৱা বসন পিন্ধিবলৈ আগ্ৰহী জ্যেষ্ঠ কংগ্ৰেছী প্ৰদ্যুৎ বৰদলৈ ! বিজেপিত যোগদান কৰিবলৈ দিল্লীৰ শীৰ্ষ নেতৃত্বৰ সৈতে যোগাযোগ কৰিছিল বুলি দাবী মন্ত্ৰী পীযুষ হাজৰীকাৰ । কলিয়াবৰত জ্যেষ্ঠ কংগ্ৰেছী প্ৰদ্যুৎ বৰদলৈ সন্দৰ্ভত বহু বিস্ফোৰক কথা প্ৰকাশ কৰিলে মন্ত্ৰী পীযুষ হাজৰীকাই ৷

কলিয়াবৰত মন্ত্ৰী পীযুষ হাজৰীকা

কলিয়াবৰ, 23 এপ্ৰিল: অভিযোগ-প্ৰতিঅভিযোগেৰে মুখৰ হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি ৷ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ 9 নং নগাঁও লোকসভা সমষ্টিৰ ৰূপহী বিধানসভা সমষ্টিৰ অন্তৰ্গত কলিয়াবৰ মহকুমাৰ বৰঘূলীত উপস্থিত হৈ বিৰোধীৰ প্ৰতি আক্ৰমণাত্মক হৈ পৰিল অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰীকা ৷

নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে বিজেপি দলত যোগদান সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰীকাই প্ৰকাশ কৰে বিস্ফোৰক মন্তব্য ৷ হাজৰীকাই কয়, "দিল্লীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতো যোগাযোগ কৰিছিল । দিল্লীৰ নেতাসকলকো লগ কৰিছিল । কিন্তু আমি বিজেপিত যোগদান কৰিবলৈ নিদিলো । তেখেত যদি ইমানেই সৎ, গুণী-জ্ঞানী মানুহ তেন্তে কামাখ্যা মন্দিৰলৈ গৈ শপত খালেই হ'ল । আমি বাৰে-বাৰে প্ৰত্যাহ্বান জনাইছো এতিয়া কামাখ্যা মন্দিৰলৈ নাযাওঁ বুলি কিয় কৈছে ? ক’ৰবাত গণ্ডগোল আছে ।"

এই সন্দৰ্ভত সংবাদ মাধ্যমে ফোন ৰেকৰ্ডিঙৰ প্ৰসংগ উত্থাপন কৰাত মন্ত্ৰীগৰাকীয়ে কয়, "ফোন ৰেকৰ্ডিং কিয় কৰিব লাগে ? কামাখ্যা মন্দিৰত গৈ শপত খালেই হ'ল দেখোন ! কেতিয়াও কবিতা নিলিখা লোকৰ মুখেৰে এতিয়া আবোল-তাবোল ওলাইছে ।"

বিজেপি প্ৰাৰ্থী সুৰেশ বৰা বিজয়ী হোৱাটো একপ্ৰকাৰ নিশ্চিত বুলি দাবী কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয়, "অসমত কয়লা ছিণ্ডিকেট প্ৰথমে আৰম্ভ কৰা মানুহজনেই হ'ল প্ৰদ্যুৎ বৰদলৈ । তেখেতৰ মাৰ্ঘেৰিটা সমষ্টিতে কয়লাৰ ছিণ্ডিকেট আৰম্ভ কৰিছিল । মাৰ্ঘেৰিটাত 50-60 হাজাৰ ভোটত দুবাৰকৈ হাৰি ৰকিবুল হুছেইনৰ অনুগ্ৰহত পলাই নগাঁৱলৈ আহিছিল । সংখ্যালঘু ভোটাৰে ভোট দিয়াত নগাঁৱৰ পৰা জিকিছিল । কিন্তু এইবাৰ মুছলমান ৰাইজে ভোট নিদিয়ে । তেখেতৰ পৰাজয় নিশ্চিত, সেইবাবে আবোল-তাবোল বকিছে ।"

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা মন্ত্ৰী পীযুষ হাজৰীকাৰ এই প্ৰচাৰৰ সময়ত মন্ত্ৰীগৰাকীক সংগ দিলে বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামীয়ে ।

লগতে পঢ়ক: ভূপেন বৰাৰ সভাত অথন্তৰ : হিমন্ত বিশ্ব শৰ্মাই মানুহ পঠিয়াই নেকি অথন্তৰ লগাবলৈ ? - Lok Sabha Election 2024

Last Updated :Apr 23, 2024, 1:27 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.