ETV Bharat / politics

কা বলৱৎ কৰিলে আন্দোলনৰ জৰিয়তে প্ৰাণ দিব অখিল গগৈয়ে

author img

By ETV Bharat Assamese Team

Published : Jan 30, 2024, 9:48 PM IST

Akhil Gogoi: শিৱসাগৰত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ সংবাদমেল ৷ কা বলৱৎ কৰিলে আন্দোলনৰ জৰিয়তে প্ৰাণ দিব গগৈয়ে ৷ সদৌ অসম ছাত্ৰ সন্থাৰ লগত আৰএছএছ আৰু জনসংঘৰ গোপন সম্পৰ্ক আছে ৷ আগন্তুক নিৰ্বাচনত যোৰহাট লোকসভা সমষ্টিৰ পৰা জয়ী হ'ব গৌৰৱ গগৈ ৷ ১ ফেব্ৰুৱাৰীত হ'বলগীয়া ৰংঘৰ প্ৰকল্পৰ ভূমি পূজনক লৈ সৰৱ গগৈ ৷

Akhil Gogoi
বিধায়ক অখিল গগৈৰ সংবাদমেল
বিধায়ক অখিল গগৈৰ সংবাদমেল

শিৱসাগৰ, 30 জানুৱাৰী: শিৱসাগৰৰ বাবুপট্টিস্থিত ৰাইজৰ দলৰ কাৰ্যালয়ত আজি শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে এক সংবাদমেল সম্বোধন কৰে । সংবাদমেলত বিধায়কগৰাকীয়ে বহুকেইটা বিষয় উপস্থাপন কৰি তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰদান কৰে । ভাৰত চৰকাৰৰ এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে এসপ্তাহৰ ভিতৰত ‘কা’ বলৱৎ হ'ব বুলি কৰা ঘোষণাক উভতি ধৰে বিধায়ক গগৈয়ে ।

বিধায়কগৰাকীয়ে কয় যে কা বৰ্তমান উচ্চতম ন্যায়ালয়ত বিচাৰাধীন । উক্ত গোচৰত কেন্দ্ৰীয় চৰকাৰ নিজেই এক পক্ষ আৰু উক্ত গোচৰত কেন্দ্ৰীয় চৰকাৰে নিজে শপতনামা দাখিল কৰি থৈছে । তেনেস্থলত এগৰাকী মন্ত্ৰীয়ে ন্যায়ালয়ক অৱমাননা কৰি এসপ্তাহত কা বলৱৎ হ'ব বুলি কোৱা কথা অনৈতিকেই নহয়, বেআইনীও । আনহাতে কা বলৱৎ হ'লে অসম,ত্ৰিপুৰা, পশ্চিম বংগ আদি ৰাজ্যত বাংলাদেশী হিন্দু নাগৰিকে কেনে প্ৰভাৱ পেলাব তাক ব্যক্ত কৰে বিধায়ক গগৈয়ে ৷

অখিল গগৈয়ে কয় যে পোনপ্ৰথমে অসমত থকা প্ৰায় বিশ লাখ হিন্দু বাংলাদেশীয়ে নাগৰিকত্ব লাভ কৰাৰ লগতে বাংলাদেশৰ এক কোটি সত্তৰ লাখ বাংলাদেশী এই তিনিখন ৰাজ্যলৈ প্ৰবজন কৰাৰ আশংকা থাকিব । কা অসমত বলৱৎ কৰিলে ৰাইজে ব্যাপক গণ আন্দোলন গঢ়ি তুলিব বুলি উল্লেখ কৰি তেওঁ অসমৰ সকলো জাতি-জনজাতি, ৰাজনৈতিক, অৰাজনৈতিক দল-সংগঠনক ইয়াৰ বিৰুদ্ধে ঠিয় দিবলৈ আহবান জনায় ।

তেওঁ কয় যে ইয়াৰ বিৰুদ্ধে আন্দোলন হ'ব আৰু দৰকাৰ হ’লে প্ৰাণো দিব । সংবাদমেলত ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে সদৌ অসম ছাত্ৰ সন্থাক তীব্ৰ সমালোচনা কৰে । দীপাংক নাথৰ বিজেপি গমণক তেওঁ কটাক্ষ কৰি কয় যে আছু নেতৃবৃন্দৰ বিজেপি দলৰ প্ৰতি এক গভীৰ অনুৰাগ আছে । যাৰ বাবে আছু নেতৃবৃন্দ বিজেপি দললৈ যাবলৈ বিচাৰে । অৱশ্যে এই প্ৰীতি এতিয়াৰ নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে অসম আন্দোলনৰ দিনতে আৰএছএছ আৰু জনসংঘৰ লগত আছুৰ এক বুজাবুজি আছিল ।

যাৰ ফলত আন্দোলনটো বহু পৰিমাণে সাম্প্ৰদায়িক হৈ পৰিছিল । নেলীৰ দৰে কলা অধ্যায় সংঘটিত হৈছিল । বিধায়ক গগৈয়ে এনে ভণ্ড জাতীয়তাবাদী নেতৃত্বক ৰাইজে চিনি থোৱা উচিত বুলি মন্তব্য কৰে । সমুজ্জ্বল ভট্টাচাৰ্যৰ দৰে নেতাই এতিয়াও বিজেপিৰ প্ৰতি দৰদ দেখাই আহিছে বুলি মন্তব্য কৰি অখিল গগৈয়ে কয় যে সেই বাবেই সমষ্টি পুনৰ নিৰ্ধাৰণ বিষয়ত আছুৱে ৰহস্যজনক ভুমিকা লৈছে ৷

আগন্তুক লোকসভা নিৰ্বাচন প্ৰসংগত তেওঁ যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈ উমৈহতীয়া প্ৰাৰ্থী হ'ব বুলি আশা প্ৰকাশ কৰাৰ লগতে জয়ী হ'ব বুলিও ঘোষণা কৰে । আনহাতে ঐতিহাসিক ৰংঘৰৰ সংবৰ্ধনৰ বাবে চৰকাৰে গ্ৰহণ কৰা এশ ওঠৰ কোটি টকাৰ প্ৰকল্পক তেওঁ প্ৰশংসা কৰে । উক্ত প্ৰকল্প ৰূপায়ণত বিধায়ক হিচাপে তেওঁৰ নিজৰো অৰিহণা আছিল যদিও অহা ১ ফেব্ৰুৱাৰী তাৰিখে হ'বলগীয়া ভূমি পূজনত তেওঁক একাষৰীয়া কৰি ৰখাৰ অভিযোগ আনে গগৈয়ে ।

তেওঁ কয় যে উক্ত অনুষ্ঠানৰ নিমন্ত্ৰণী পত্ৰত তেওঁৰ নাম নাই । এই বিষয়ে ৰাইজে বিচাৰ কৰিব বুলি তেওঁ ক্ষোভ প্ৰকাশ কৰে । ৰংঘৰ প্ৰকল্পৰ বিস্তৃত পৰিকল্পনা উল্লেখ কৰি বিধায়কগৰাকীয়ে মুখ্যমন্ত্ৰীক ৰংঘৰৰ পৰা তলাতল ঘৰলৈ এটা গ্ৰীণ কৰিড’ৰ, ৰ'পৱে অথবা এক টানেলৰ পৰিকল্পনা কৰিবলৈ সংবাদমেলৰ পৰা অনুৰোধ কৰে । ইয়াৰোপৰি তেওঁ জয়সাগৰ পুখুৰীৰ লগতে যমুনা সংবৰ্ধনত মুখ্যমন্ত্ৰীৰ সহযোগিতা কামনা কৰে ।

লগতে পঢ়ক: 2024ত অগপৰ ৰাজনৈতিক শক্তি বৃদ্ধি হ’ব বুলি নিশ্চিত অতুল বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.