ETV Bharat / politics

CAA আমি নামানো- প্লেকাৰ্ড লৈ বিধানসভা বৰ্জন অখিল গগৈৰ

author img

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 4:24 PM IST

লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত আকৌ 'কা' প্ৰসংগই উকমুকাইছে । আজি অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথমটো দিনতেই 'কা' ৰ বিৰুদ্ধে সৰৱ হৈছে বিধায়ক অখিল গগৈ ৷

CAA protest news
CAAৰ বিধায়ক অখিল গগৈৰ প্ৰতিবাদ

CAAৰ বিধায়ক অখিল গগৈৰ প্ৰতিবাদ

গুৱাহাটী, ৫ জানুৱাৰী : 'CAA আমি নামানো' বুলি বিধানসভা চৌহদত হাতত প্লেকাৰ্ড লৈ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ প্ৰতিবাদ । আজিৰে পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ বাজেট অধিৱেশনত ৰাজ্যপালৰ ভাষণ বৰ্জন কৰে বিৰোধীয়ে । হাতত প্লে' কাৰ্ড লৈ বিধানসভা চৌহদত 'কা' বলৱৎ কৰাৰ সম্ভাৱনাক লৈ অখিল গগৈয়ে হুংকাৰ দিলে, "কা আমি নামানো । কা অসমত বলৱৎ কৰিবলৈ দিয়া নহ'ব ৷ অসমত 'কা' বলৱৎ কৰিবলৈ হ'লে যি কোনো পৰিস্থিতিৰ বাবি আমি সাজু আছো ।"

শেহতীয়াভাৱে কেন্দ্ৰীয় চৰকাৰে সোনকালেই 'কা' বলৱৎ কৰিব বুলি গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় মন্ত্ৰী শান্তনু ঠাকুৰে মন্তব্য কৰিছিল । তাৰ পিছতেই ৰাজ্যজুৰি পুনৰ 'কা' প্ৰসংগই মূৰ দাঙি উঠে ৷ ২০১৯ ত ৰাজ্যজোৰা প্ৰৱল 'কা' বিৰোধী আন্দোলনত অখিল গগৈয়ে প্ৰায় দেৰ বছৰ কাৰাবাস খাটিবলগীয়া হৈছিল ৷ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত অভিযুক্ত হ'বলগীয়া হৈছিল অখিল গগৈ ৷ কাৰগাৰৰ পৰাই নতুনকৈ ৰাজনৈতিক দল 'ৰাইজ দল' গঠন কৰি শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা বিধায়ক ৰূপে জয়লাভ কৰে অখিল গগৈয়ে ।

লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এতিয়া আকৌ 'কা' প্ৰসংগই উকমুকাই উঠিছে । আজি অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথমটো দিনতেই 'কা' আৰু বিজেপিৰ বিৰুদ্ধে সৰৱ হৈছে অখিল গগৈ ৷ অখিল গগৈৰ আজি লগতে মন্তব্য,"অসমৰ মানুহে এতিয়া 'কা' বিৰোধী আন্দোলন কৰি থকা নাই বাবে যদি অসমৰ মানুহ পতিয়ন গ'ল বুলি যদি কেন্দ্ৰীয় চৰকাৰে ভাবিছে তেন্তে মুৰ্খৰ স্বৰ্গত বাস কৰিছে। "

অখিল গগৈয়ে কয় যে যেতিয়াই অসমত 'কা' বলৱৎ কৰিব তেতিয়াই অসমৰ মানুহে ইয়াৰ প্ৰতিবাদ কৰিব ৷ " 'কা'ৰ জৰিয়তে ১ কোটি ৯০ লাখ হিন্দু বাংলাদেশী জাপি দিয়াৰ চক্ৰান্ত কৰিছে ৰাজ্য আৰু কেন্দ্ৰৰ বিজেপি চৰকাৰে ৷ 'কা' বলৱৎ হ'লে ১৫/ ২০ লাখ হিন্দু বাংলাদেশী বিদেশীয়ে নাগৰিকত্ব পাব । ১কোটি ৯০ লাখ হিন্দু বাংলাদেশী অসমলৈ আহিবৰ বাবে বাট মুকলি কৰিব খুজিছে বিজেপিয়ে ৷ ইয়াৰ উপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শেহতীয়া অসম ভ্ৰমণক লৈয়ো সৰৱ হৈ বিজেপিক সমালোচনা কৰে অখিল গগৈয়ে ৷ বিধায়ক গগৈয়ে কয় যে বিজেপিয়ে বিদেশী সমস্যাৰ সমাধানটো কৰাই নাই, বৰঞ্চ বিদেশী জাপি দিবলৈ আগবাঢ়িছে । এজন বিদেশী খেদিবৰ বাবেও কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে যোৱা দহ বছৰে । বানপানী সমস্যা সমাধান নকৰিলে ৷ বৰঞ্চ বৃহৎ নদী বান্ধৰে বানপানীৰ বাটহে খুলিছে বিজেপি চৰকাৰে ৷ তেওঁ কয় যে বানপানী সমস্যা সমাধানৰ বাবে প্ৰাৰম্ভিক কামবোৰো নকৰিলে বিজেপি চৰকাৰে ৷

আনহাতে, অসমৰ ৬ জাতিৰ জনগোষ্ঠীকৰণ ৬ মাহৰ ভিতৰত কৰিম বুলি কৈছিল বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । এই প্ৰসংগও উত্থাপন কৰিলে অখিল গগৈয়ে । খানাপাৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভাষণক লৈয়ো মন্তব্য কৰে অখিল গগৈয়ে ৷ মোডীৰ গ্যাৰাণ্টিৰ কোনো মূল্য নাই বুলি অখিলে আঙুলিয়াই দিলে একেদৰে বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তনকে ধৰি আন কেইবাটাও প্ৰসংগ । তেওঁ কয়," আগতে বনাই থোৱা বগীবিল দলঙৰ দুটা খুটা বনাই এতিয়া কৃতিত্ব দাবী কৰিছে বিজেপি চৰকাৰে ৷ অসমৰ সন্ত্ৰাসবাদ নাইকীয়া হোৱাৰ বাবে মোডীয়ে বাঃ বাঃ লোৱাৰ কাৰণ নাই ৷ অসমৰ জনসাধাৰণে এতিয়া সন্ত্ৰাসবাদ আৰু উগ্ৰপন্থাক দীঘলীয়া প্ৰক্ৰিয়াৰে প্ৰশ্ৰয় নিদিয়া হ'ল । নতুনকৈ বিদ্ৰোহী হৈ নুঠে তাৰ বাবেহে ব্যৱস্থা গ্ৰহণ কৰা উচিত প্ৰধানমন্ত্ৰীয়ে ।"

লগতে পঢ়ক:১০ বছৰত অসমৰ কোনটো জ্বলন্ত সমস্যা সমাধান কৰিলে প্রধানমন্ত্রীয়ে ? আপ অসমৰ প্ৰশ্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.