ETV Bharat / politics

১০ বছৰত অসমৰ কোনটো জ্বলন্ত সমস্যা সমাধান কৰিলে প্রধানমন্ত্রীয়ে ? আপ অসমৰ প্ৰশ্ন

AAP Assam: প্ৰধানমন্ত্ৰী মোদীৰ আগমনক লৈ আপ অসমৰ ৰাজ্যিক সভাপতি ডাঃ ভৱেন চৌধুৰীৰ প্ৰতিক্ৰিয়া । প্ৰধানমন্ত্ৰীৰ আগমনক লৈ ইতিমধ্যেই উত্থাপন কৰিছে আঠটাকৈ প্ৰশ্ন ৷

AAP Assam
আপ অসমৰ সভাপতি ডাঃ ভৱেন চৌধুৰী
author img

By ETV Bharat Assamese Team

Published : February 4, 2024 at 7:13 PM IST

3 Min Read
Choose ETV Bharat
আপ অসমৰ সভাপতি ডাঃ ভৱেন চৌধুৰী

গুৱাহাটী, ৪ ফেব্ৰুৱাৰী: "দুদিনীয়া অসম ভ্ৰমণ সামৰি উভতি যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা ৰিপ'ৰ্ট কাৰ্ড বিচাৰিছে আপ, অসমে ৷ আপ অসমৰ সভাপতি ডাঃ ভৱেন চৌধুৰীয়ে প্ৰধানমন্ত্ৰী মোদীৰ আগমনক লৈ প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া । ২০১৪ ৰ পৰা যিমান প্ৰতিশ্ৰুতি দিলে সকলো ধোঁৱাচাঙত উঠিল । ১০ বছৰত অসমৰ কোনটো জ্বলন্ত সমস্যা সমাধা কৰিলে প্রধানমন্ত্রীয়ে ? এই প্ৰশ্ন উত্থাপন কৰিছে আপৰ ৰাজ্যিক সভাপতিগৰাকীয়ে । অসমৰ ৰাইজক যোৱা ১০ বছৰত দিয়া কি কি প্ৰতিশ্ৰুতি পূৰণ কৰিলে তাৰ ৰিপ'ৰ্ট কাৰ্ড দিবলৈয়ো আহ্বান জনালে অসম আপে ৷

আজি অসমৰ বাবে কি কৰিব-নকৰিব সেই লৈ নিজৰ ভাষণত বিশেষ একো নক'লে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ এই লৈ প্ৰধানমন্ত্ৰীক সমালোচনা কৰি ডাঃ ভবেন চৌধুৰী কয়, "নতুনকৈ কি কি কৰিব সেই লৈ ৰাইজক মিছা প্ৰতিশ্ৰুতি দিব নালাগে । আগৰ প্ৰতিশ্ৰুতিবোৰ পালন কৰিব নোৱাৰাৰ লাজতে হয়তো আজি অসমৰ বাবে কি কৰিব নকৰিব সেই লৈ বিশেষ একো নক'লে । তদুপৰি আজি-কালি মোদীৰ ভাষণ শুনি মানুহৰ আমনি লাগে । সেয়েহে আজি অসমৰ মানুহে টিভিত মোদীৰ ভাষণ নাই শুনা । অসমবাসীয়ে মোদীৰ মিছা কথাবোৰ শুনি শুনি জনা হৈছে মিছা কথা শুনি সময় অপব্যয় কৰা ঠিক নহয় ।"

উল্লেখযোগ্য যে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন ৰাষ্ট্ৰীয় দলটোৰ অসমৰ নেতৃত্বই প্ৰধানমন্ত্ৰীৰ আগমনক লৈ ইতিমধ্যেই উত্থাপন কৰিছে আঠটাকৈ প্ৰশ্ন ৷ প্ৰধানমন্ত্ৰীৰ অসম আগমনক লৈ আপ, অসমে প্রধানমন্ত্রীয়ে ২০১৫ চনতে ঘোষণা কৰিছিল যে অসমক বানমুক্ত কৰা হ'ব আৰু ইয়াৰ বাবে কেইবাহাজাৰ কোটি টকা মুকলি কৰি দিয়া হ'ব । কিন্তু আজিলৈকে অসমৰ বানপানীৰ সমস্যা সমাধান নহ'ল কিয় বুলি প্ৰশ্ন কৰিছে । অসমৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ নগাঁও আৰু পাঁচগ্রাম কাগজ কল পুনৰুজ্জীৱিত কৰা হ'ব বুলি ঘোষণা কৰিছিল । ইয়াৰ পৰিৱৰ্তে কাগজ কল দুটাৰ মাটি, সম্পত্তি ব্যক্তিগত কোম্পানীক বিক্ৰী কৰিলে । ইয়াৰ কাৰণ কি বুলি আপে প্ৰশ্ন কৰে ।

আপে পুনৰ প্ৰশ্ন কৰে অসমৰ এক্সপ্রেছ হাইৱে’, টুইন টাৱাৰ নিৰ্মাণৰ কাম কিমান দূৰ আগবাঢ়িল ? অসমৰ ছয় জনগোষ্ঠীক ২০১৪ চনতে জনজাতি কৰা হ'ব বুলি দিয়া প্রতিশ্রুতি আজিপর্যন্ত কিয় পালন কৰা নহ'ল । তদুপৰি বর্তমান মহিলাৰ বিৰুদ্ধে অপৰাধত অসম একেৰাহে ৫ বছৰৰ বাবে সর্বভাৰতীয় তুলনাত আটাইতকৈ বেছি । 'বেটী বচাও, বেটী পঢ়াও' আঁচনিৰ কি হ'ল বুলি প্ৰশ্ন কৰে । আপে অসম বর্তমান ১ লাখ ৪৫ হাজাৰ কোটি টকাৰ ঋণৰ বোজাত কোঙা আৰু প্ৰতিজন ব্যক্তিৰ ওপৰত ৪০ হাজাৰ টকা কিয় বুলি প্ৰশ্ন কৰে ।

টকাৰ ঋণৰ বোজা জাপি দিয়াটোরে প্রধানমন্ত্রীৰ 'A for Assam' আৰু অসম 'অষ্টালক্ষ্মীৰ দেশ' আছিল নেকি বুলিও প্ৰশ্ন কৰে । বছৰি ২ কোটি নিৱনুৱা কর্মসংস্থাপন দিয়া প্রধানমন্ত্রীয়ে অসমৰ ভয়াৱহ নিবনুৱা সমস্যাৰ সমাধানৰ বাবে কি ব্যৱস্থা হাতত ল'লে বুলিও প্ৰশ্ন কৰে । গুৱাহাটীবাসীয়ে ঘৰে ঘৰে খোৱাপানীৰ পোৱাৰ প্রতিশ্রুতি, ভূমিপট্টা দিয়াৰ প্রতিশ্রুতি, কৃত্রিম বান ৰোধৰ প্রতিশ্রুতি কেতিয়া পূৰ হ'ব বুলিও প্ৰশ্ন কৰে ।

লগতে পঢ়ক:অসমৰ বিৰুদ্ধে উত্তৰ প্ৰদেশৰ দুই বেটছমেনৰ দ্বিশতক