ETV Bharat / politics

বিজেপিক কোনে দানবীৰ পাতিছে ? অৰুণাচল-মেঘালয়ক অসমৰ ভূমিদানক লৈ সৰৱ অখিল গগৈ

author img

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 5:02 PM IST

Akhil Gogoi: “ অৰুণাচলক আমাৰ ৭২ খন গাঁও আৰু প্ৰায় ১৭ হাজাৰ হেক্টৰ মাটি এৰি দিব ৷ অসমৰ মাটি মেঘালয়ে ৩ হাজাৰৰো অধিক হেক্টৰ মাটি বেদখল কৰি আছে ৷ মেঘালয়ৰ পৰা এটুকুৰা মাটিও আমি নাপাও ৷” অসম চৰকাৰক কঠোৰ সমালোচনা অখিল গগৈৰ ।

Akhil Gogoi
বিধায়ক অখিল গগৈ
বিধায়ক অখিল গগৈৰ সংবাদমেল

গুৱাহাটী, 7 ফেব্ৰুৱাৰী : মেঘালয় আৰু অৰুণাচল প্ৰদেশক অসমৰ বৃহৎ পৰিমাণৰ মাটি এৰি দিয়াক লৈ আজি উত্তাল হৈ পৰে অসম বিধানসভাৰ চলিত বাজেট অধিৱেশন । বিধায়ক অখিল গগৈয়ে আজি প্ৰশ্নোত্তৰ শিতানত এই সন্দৰ্ভত উত্থাপন কৰে কেবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন ।

দীৰ্ঘদিনীয়া সীমা বিবাদ মীমাংসাৰ বাবে অসম চৰকাৰে মেঘালয়, অৰুণাচল, মিজোৰাম আৰু নাগালেণ্ডক অসমৰ সাংবিধানিক সীমাৰ অন্তৰ্গত ভূমি এৰি দিয়াক লৈ বিধানসভাৰ মজিয়াত সৰৱ হৈ উঠে বিৰোধী ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ । বিভাগীয় মন্ত্ৰী অতুল বৰাৰ উত্তৰত অসন্তুষ্ট বিধায়ক অখিল গগৈ ৷

মন্ত্ৰীয়ে তথ্য নিদিয়াৰ অভিযোগ উত্থাপন কৰে বিধায়ক অখিল গগৈয়ে ৷ “অসমৰ কোনটো ৰাজহ চক্ৰৰ মাটি মেঘালয়ক এৰি দিয়া হৈছিল মই প্ৰশ্ন কৰিছিলোঁ । মেঘালয়ে মাটি ক’ৰ ক’ৰ পৰা পাব সেই সন্দৰ্ভত উত্তৰ দিয়া নাই ৷” বুলি সদনৰ বাহিৰত মন্তব্য কৰে অখিল গগৈয়ে ।

“অসমৰ ৩ হাজাৰৰো অধিক হেক্টৰ মাটি মেঘালয়ে বেদখল কৰি আছে ৷ মেঘালয়ৰ পৰা এটুকুৰা মাটিও আমি নাপাওঁ ৷ আমাৰ নিজৰ সাংবিধানিক সীমাৰ ভিতৰৰ মাটিকেই পোৱা বুলি দেখুৱাইছে চৰকাৰে ৷’’ বুলি সদনৰ তথ্য দাঙি ধৰি অখিল গগৈয়ে কয়, “ অৰুণাচলক আমাৰ ৭২ খন গাঁও আৰু প্ৰায় ১৭ হাজাৰ হেক্টৰ মাটি এৰি দিবলৈ খুজিছে ৷”

অখিল গগৈৰ লগতে মন্তব্য, “অসমে মেঘালয় আৰু অৰুণাচলৰ এটুকুৰা মাটিও দখল কৰা নাই । বকো ৰাজহ চক্ৰৰ বহু সংখ্যক মাটি মেঘালয়ক এৰি দিব খোজা হৈছে ৷ ১৮.৩৩ বৰ্গ কিঃমিঃ অসমৰ মাটি মেঘালয়ক এৰি দিব খোজা হৈছে ৷”

আনহাতে, ভূমি বিবাদ মীমাংসাৰ নামত অৰুণাচলক অসমৰ ৭২ খন গাৱঁৰ লগতে ১৬১৪৪.১১৭ হেক্টৰ মাটি দিব খোজা হৈছে ৷ অসমৰ লোকচান কৰি মেঘালয়, অৰুণাচলক বৃহৎ পৰিমাণৰ মাটি এৰি দিয়াৰ বিপৰীতে অসমে লাভ কৰিব সামান্য পৰিমাণৰ মাটি ৷ এই প্ৰসংগক লৈ ৰাজ্য চৰকাৰ আৰু বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰে অখিল গগৈ ।

অখিল গগৈৰ প্ৰশ্ন, “বিজেপিক কোনে দানবীৰ পাতিছে?’’ উল্লেখযোগ্য যে আজি এই বিষয়টোৰ বাবে প্ৰায় ২০ মিনিট সময় বিতৰ্ক আৰু তীব্ৰ প্ৰতিবাদ হয় সদনত ৷

লগতে পঢ়ক: হেলিকপ্টাৰ উৰুৱাবলৈ এদিনত কিমান খৰচ কৰে অসমৰ মুখ্যমন্ত্ৰীয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.