ETV Bharat / state

হেলিকপ্টাৰ উৰুৱাবলৈ এদিনত কিমান খৰচ কৰে অসমৰ মুখ্যমন্ত্ৰীয়ে ?

author img

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 8:50 PM IST

Akhil Gogoi slams Assam CM: অসমৰ আটাইতকৈ বিলাসী মুখ্যমন্ত্ৰী কোন ? এদিনত হেলিকপ্টাৰ যাত্ৰাৰ নামত কিমান খৰচ কৰে অসমৰ মুখ্যমন্ত্ৰীয়ে ? বিয়া খাবলৈও চৰকাৰী খৰচেৰে হেলিকপ্টাৰ উৰুৱাই নেকি মুখ্যমন্ত্ৰীয়ে ? অখিল গগৈৰ বিস্ফোৰক মন্তব্য ৷

Assam CM helicopter fare
Akhil Gogoi slams Assam CM

গুৱাহাটী, ৬ ফেব্ৰুৱাৰী: “এজন বৃদ্ধক ২৫০ টকা বৃদ্ধ পেন্সন দিয়া অসম চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে এদিনত হেলিকপ্টাৰত খৰচ কৰে কৰে প্ৰায় ৬ লাখ টকা । এগৰাকী বিধবাক ৩০০ টকা পেন্সন দিয়া মুখ্যমন্ত্ৰীয়ে হেলিকপ্টাৰত দৈনিক খৰচ কৰে প্ৰায় ৫.৫ লাখ টকা ।” অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাৰ আকাশী বিলাস আৰু হেলিকপ্টাৰ-চাটাৰ্ড বিমানৰ খৰচক লৈ বিধানসভাত প্ৰশ্ন তুলি এইদৰে সৰৱ হৈ পৰে বিৰোধী ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শাসনলৈ অহাৰ পিছত যোৱা আঢ়ৈটা বছৰত হেলিকপ্টাৰ আৰু চাটাৰ্ড বিমানৰ খৰচ কিমান জানেনে ? ২০২১ ৰ পৰা বৰ্তমানলৈ আঢ়ৈ বছৰত মুখ্যমন্ত্ৰী আৰু পাৰিষদবৰ্গৰ হেলিকপ্টাৰৰ খৰচ ৫৮ কোটি ২৩ লাখ 7 হাজাৰ ১০৪ টকা ৷ বিধানসভাৰ মজিয়াত এই তথ্য দিছে ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । ২০২১ চনৰ ১০ মে’ৰ পৰা ২০২৪ ৰ ৩০ জানুৱাৰী পৰ্যন্ত হেলিকপ্টাৰ আৰু চাটাৰ্ড বিমানত খৰচ কৰিছে ৫৮,২৩,০৭,১০৪ টকা ।

‘‘অসমৰ ইতিহাসৰ আটাইতকৈ ভোগ কৰা মুখ্যমন্ত্ৰী গৰাকী হ’ল ড৹ হিমন্ত বিশ্ব শৰ্মা । মুখ্যমন্ত্ৰীৰ এদিনত হেলিকপ্টাৰৰ ব্যয় ৫ লাখ ৮৫ হাজাৰ ২৩৩ টকা ৷ এই হিচাপত এমাহত মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰ-চাটাৰ্ড ফ্লাইটৰ খৰচ 1,81,97,097 টকা ৷ ২০২১ ৰ পৰা বৰ্তমানলৈ আঢ়ৈ বছৰত মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰৰ খৰচ ৫৮ কোটি ২৩ লাখ 7 হাজাৰ ১০৪ টকা ৷” বিধানসভাৰ চৌহদত সংবাদ মাধ্যমৰ সন্মুখত নিজৰ প্ৰশ্নৰ উত্তৰত দিয়া তথ্য দাঙি ধৰি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সমালোচনামুখৰ হৈ পৰে বিধায়ক অখিল গগৈ ৷

“আাকাশৰ পৰা নামিবই নোখোজে আমাৰ মুখ্যমন্ত্ৰী । দ্য গ্ৰেট মুখ্যমন্ত্ৰীৰ গ্ৰেট লেণ্ডিঙৰ বাবে ৰৈ আছো আমি ৷ মুখ্যমন্ত্ৰীয়ে নিজৰ জু-ৰোডৰ ঘৰৰ পৰা কেতিয়া এচেম্বলীলৈ হেলিকপ্টাৰত আহে তাৰ বাবে আমি অপেক্ষা কৰি আছো ৷’’ এই বুলি মুখ্যমন্ত্ৰী হিমন্তক সমালোচনা কৰে বিধায়ক অখিল গগৈয়ে ৷

ইয়াৰ লগতে বিৰোধী বিধায়ক অখিল গগৈয়ে বিস্ফোৰক অভিযোগ তোলে যে ব্যক্তিগত ভ্ৰমণৰ বিয়া খাবলৈয়ো চৰকাৰী ধন খৰচ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই হেলিকপ্টাৰ ব্যৱহাৰ কৰে ৷ আনকি গুৱাহাটীৰ পৰা কেইকিলোমিটাৰমান দূৰৰ ক্ষেত্ৰীত বিয়া খাবলৈও চৰকাৰী খৰচত হেলিকপ্টাৰ ব্যৱহাৰৰ অভিযোগ অখিল গগৈৰ ৷

“হেলিকপ্টাৰত আটাইতকৈ বেছিকৈ উঠা অসমৰ মুখ্যমন্ত্ৰীজনৰ নাম কি ? ৰাইজৰ টকাৰে আটাইতকৈ বেছি ভোগ কৰা মুখ্যমন্ত্ৰীজন কোন ?” এই প্ৰশ্ন কৰি তাৰ উত্তৰ দিছে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে, ‘‘মুখ্যমন্ত্ৰী হন্ত বিশ্ব শৰ্মা ৷’’ অখিল গগৈৰ সমালোচনাৰ প্ৰত্যুত্তৰ এতিয়া মুখ্যমন্ত্ৰী, বিজেপিৰ মন্ত্ৰী-বিধায়কে কি দৰে দিয়ে সেয়া হ’ব লক্ষ্যণীয় ৷

লগতে পঢ়ক: ৬৯ বছৰত লোৱা ধাৰতকৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দুবছৰত লোৱা ধাৰৰ পৰিমাণ বেছি : অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.