ETV Bharat / politics

ধুবুৰীত জয়ী হ'ব কংগ্ৰেছ প্ৰাৰ্থী : মন্ত্রী ৰণজিৎ কুমাৰ দাস - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 9, 2024, 9:47 PM IST

Dhubri lok sabha Seat : ধুবুৰীত বিজেপি মিত্ৰদলৰ প্ৰাৰ্থীগৰাকী জয়ী হ'ব নোৱাৰে বুলি মন্তব্য মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ ৷ আজি সংবাদ মাধ্যমৰ আগত নিৰ্বাচন সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে মন্ত্ৰীগৰ‍াকীয়ে ৷

Dhubri lok sabha Seat
ধুবুৰী আসন সন্দৰ্ভত মন্ত্রী ৰণজিৎ কুমাৰ দাসৰ প্ৰতিক্ৰিয়া (ETV BHARAT ASSAM)

গুৱাহাটী, 9 মে' : ধুবুৰী লোকসভা সমষ্টিত বিজেপি মিত্ৰদলৰ প্ৰাৰ্থীগৰাকী জয়ী হ'ব নোৱাৰে ৷ এই কথা আমি কোৱা নাই ৷ এই কথা কৈছে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ মন্ত্ৰীগৰাকীৰ মতে ধুবুৰীত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী জয়ী হ'ব ৷ অসমত তিনিটা পৰ্যায়ত লোকসভা নিৰ্বাচন সমাপ্ত হোৱাৰ লগে লগে এতিয়া আৰম্ভ হৈছে আসন লাভৰ হিচাপ-নিকাচ ৷ কোন ক'ত জয়ী হ'ব তাকে লৈ জল্পনা-কল্পনা আৰম্ভ হৈছে ৷ তাৰেই অংশ স্বৰূপে আজি সংবাদ মাধ্যমৰ আগত নিৰ্বাচন সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে মন্ত্ৰীগৰ‍াকীয়ে ৷

তেওঁ কয় যে ধুবুৰীত বৰ্তমানৰ সাংসদ এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমল হাৰিব ৷ ধুবুৰীত মিত্ৰজোঁটৰ জয় সম্ভৱ নহয় বুলি প্ৰকাশ কৰি ইয়াৰ কাৰণ সন্দৰ্ভত তেওঁ কয়, "ভোটৰ দিনা পুৱা 9 বজালৈ এটাও ভোট পোৱা নাছিল মিত্ৰজোঁটে ৷ তেতিয়াই আমি নিশ্চিত হৈছিলো যে ধুবুৰীত আমাৰ জয় সম্ভৱ নহয় ৷ ধুবুৰীত কংগ্ৰেছ প্ৰাৰ্থীগৰাকী জয়ী হ'ব ৷" মন্ত্ৰীগৰাকীৰ মতে ধুবুৰীত ৰকিবুল হুছেইন জয়ী হ'ব ৷ নিৰ্বাচনী ফলাফল ঘোষণাৰ পূৰ্বেই এই ফলাফল দিলে বিজেপিৰ প্ৰাক্তন সভাপতি তথা মন্ত্ৰী ৰণজিৎ দাসে ৷ ইফালে বৰপেটাত ফণীভূষণ চৌধুৰী, গুৱাহাটীত বিজুলী কলিতা মেধি আৰু কৰিমগঞ্জত কৃপানাথ মাল্লাই জয় লাভ কৰিব বুলি তেওঁ দৃঢ়তাৰে কয় ৷

যোৰহাট আৰু ডিব্ৰুগড়তো বিজেপিৰ জয় হ'ব বুলি মন্ত্ৰীগৰাকীয়ে কয় ৷ অৱশ্যে গুৱাহাটীত তেওঁ পূৰ্বতে কৰা ধাৰণাৰ কিছু সলনি কৰে ৷ পূৰ্বতে তেওঁ গুৱাহাটীত বিজেপিৰ প্ৰাৰ্থীগৰাকী চাৰি লাখৰ ব্যৱধানত জয়ী হ'ব বুলি কৈছিল ৷ কিন্তু আজি তেওঁ কয় যে গুৱাহাটীত বিজুলী কলিতা মেধি একৰ পৰা আঢ়ৈ লাখ ভোটৰ ব্যৱধানত জয়ী হ'ব ৷ তেওঁৰ ধাৰণা মতে সামগ্ৰিকভাৱে অসমৰ 14 টা লোকসভা সমষ্টিৰ ভিতৰত 11 টাত বিজেপি আৰু মিত্ৰদলৰ প্ৰাৰ্থী জয়ী হ'ব ৷ ইফালে মন্ত্ৰীগৰাকীৰ এনে অংকৰ বিপৰীতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভৱেশ কলিতাই বিজেপি মিত্ৰজোঁটে 13 খন আসন লাভ কৰিব বুলি সদৰী কৰিছে ৷

অৱশ্যে ধুবুৰী সমষ্টিক লৈ বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীও আশাবাদী নহয় ৷ উল্লেখ্য যে আসনৰ প্ৰসংগক লৈ শাসকীয় দল বিজেপিয়ে সময়ে সময়ে বিভিন্ন মন্তব্য আৰু হিচাপ-নিকাচ ব্যক্ত কৰি আহিছে ৷ সময়ে সময়ে সলনি হৈছে তেওঁলোকৰ অংক ৷ আনহাতে তেওঁলোকৰ মাজতে অংকৰ খেলিমেলিও পৰিলক্ষিত হৈছে ৷ হিচাপৰ মাজত অমিলো দেখা গৈছে ৷ নিৰ্বাচনী ফলাফলকলৈ যথেষ্ট সময় আছে আৰু এই সময়খিনিত আৰু অধিক হিচাপ-নিকাচ পৰিলক্ষিত হ'ব ৷ অৱশ্যে সকলো অংক আৰু হিচাপ-নিকাচৰ প্ৰকৃত ছবিখন 4 জুনতহে দেখিবলৈ পোৱা যাব ৷

লগতে পঢ়ক : বহু দাবী-অভিযোগ লৈ নিৰ্বাচন আয়োগৰ কাষলৈ ইণ্ডি এলায়েন্স - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.