ETV Bharat / politics

পোন্ধৰ বছৰীয়া অপশাসনৰ বাবেই এটা নিৰ্বাচনতো জয়ী হ'ব নোৱাৰে কংগ্ৰেছ: পীযুষ হাজৰীকা

author img

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 4:45 PM IST

Pijush Hazarika Slams Congress : কুশাসনৰ বাবেই কোনো নিৰ্বাচনতে কংগ্ৰেছ জয়ী হ'ব নোৱাৰে বুলি মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷ বিস্মিতা গগৈৰ অভিযোগৰ উত্তৰ ভূপেন বৰাই দিব লাগিব বুলিও মন্তব্য কৰে মন্ত্ৰীজনে ৷ কংগ্ৰেছত মাৰপিট হোৱাটো সাধাৰণ কথা বুলি দলটোক কটাক্ষ মন্ত্ৰীজনৰ ৷

Pijush Hazarika Slams Congress
কংগ্ৰেছক তীব্ৰ সমালোচনাৰ পীযুষ হাজৰীকাৰ

কংগ্ৰেছক কটাক্ষ মন্ত্ৰী পীযুষ হাজৰীকাৰ

নগাঁও, 29 জানুৱাৰী : "কংগ্ৰেছতকৈ ভ্ৰষ্টাচাৰী আৰু কোনো নাই ৷ সেইবাবে 2014 চনৰ পৰা একেৰাহে প্ৰত্যেকটো নিৰ্বাচনত বেয়াকৈ হাৰিছে ৷ কংগ্ৰেছে 15 বছৰত কৰা অপশাসনৰ কাৰণেই, দেশক দিয়া বেয়া শাসনৰ কাৰণেই এটা নিৰ্বাচনতো জিকিব নোৱাৰে ৷" এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷ সোমবাৰে নগাঁৱত বিজেপি দলৰ এক কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকি মন্ত্ৰী কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে মন্ত্ৰী হাজৰীকাই ৷

কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰি মন্ত্ৰী হাজৰীকাই কয় যে, প্ৰত্যেকটো নিৰ্বাচনত কংগ্ৰেছ হাৰি হাৰি ধ্বংস হৈছে ৷ তেওঁলোকৰ ভ্ৰষ্টাচাৰিতা, অপ-শাসনৰ বাবে মানুহে আৰু বিশ্বাস নকৰে ৷ লগতে তেওঁ কয় যে, বিজেপিৰ গ্ৰাফডাল আগুৱাই গৈ আছে আৰু কংগ্ৰেছৰ গ্ৰাফ পিছুৱাই গৈ আছে ৷ কাৰণ কংগ্ৰেছক মানুহে নিবিচাৰে কংগ্ৰেছক মানুহে বেয়া পায় বুলি উল্লেখ কৰে মন্ত্ৰী হাজৰীকাই ৷

দেওবাৰে বিজেপিত যোগদান কৰিয়েই কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈয়ে দলটোত মহিলাৰ সুৰক্ষাক লৈ কৰা বিস্ফোৰক অভিযোগ সন্দৰ্ভতো মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ৷ কংগ্ৰেছৰ অভ্যৰন্তত মহিলাৰ শালীনতাক লৈ উত্থাপিত অভিযোগৰ উত্তৰ ভূপেন বৰাই দিব লাগিব বুলি মন্তব্য কৰে মন্ত্ৰী হাজৰীকাই ৷

কেৱল এয়াই নহয় কংগ্ৰেছত কথাৰ কটাকটি, সৰু সৰু কথাত মাৰপিট সাধাৰণ কথা বুলিও দলটোক কটাক্ষ কৰে মন্ত্ৰীগৰাকীয়ে ৷ ৰাজ্যত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰত নৰেন্দ্ৰ মোদীৰ কাম- কাজক লৈ ৰাইজ সন্তুষ্ট হোৱা বুলিও উল্লেখ কৰি বিজেপিত আৰম্ভ হোৱা বিৰোধী নেতাৰ যোগদানৰ ঢৌ অব্যাহত থাকিব বুলিও মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাই ৷ ইতিমধ্যেই কেইবাগৰাকী বিৰোধী নেতাই বিজেপিত যোগদানৰ প্ৰসংগ উল্লেখ কৰি 5 ফেব্ৰুৱাৰীত কংগ্ৰেছৰ বহু নেতাই বিজেপিত যোগদান কৰাৰ সম্ভাৱনাৰ কথাও উল্লেখ কৰে মন্ত্ৰীজনে ৷

নগাঁও সমষ্টিক লৈ কংগ্ৰেছৰ সংঘাতৰ ওপৰত কোনো মন্তব্য নিদিয়ে বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয়- " নগাঁৱত আমি কিছু পিছুৱাই আছোঁ যদিও যুঁজ তীব্ৰতৰ হ'ব ৷" লগতে কংগ্ৰেছৰ সংস্কৃতিয়েই মাৰপিট-কাজিয়া বুলিও দলটোক কটাক্ষ কৰে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক : মই পিন্ধা ব্লাউজক লৈও আলোচনা চলে ৰাজীৱ ভৱনত: বিস্মিতা গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.